বুধবাৰে ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ সভানেত্ৰী পদৰ পৰা আঙুৰলতা ডেকাক অব্যাহতি হয়। বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী পদৰ দায়িত্ব দিয়া হয় স্বপ্না বণিয়াক। সভানেত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ পাছত আঙুৰলতা ডেকাই এক ফেচবুক পোষ্টযোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে নৱনিযুক্ত সভানেত্ৰী স্বপ্না বণিয়াক শুভেচ্ছা জ্ঞাপন কৰে। ৰাজ্যিক বিজেপিৰ মহিলা মৰ্চাৰ প্ৰাক্তন সভানেত্ৰী আঙুৰলতা ডেকাৰ ফেচবুক পোষ্টৰ কথাখিনি তলত সন্নিৱিষ্ট কৰা হ’ল।
‘সমূহ অসমবাসী ৰাইজক নমস্কাৰ জনাই পোনপ্ৰথমেই মই স্পষ্টকৈ উল্লেখ কৰিব বিচাৰিছোঁ যে, মোৰ জীয়ৰী নমামীয়ে বৰ্তমান স্কুলীয়া শিক্ষাৰ প্ৰাৰম্ভিক পৰ্যায়ত ভৰি দিছে আৰু এই সময়খিনিত এগৰাকী মাতৃৰ ঘৰুৱা ব্যস্ততা খিনিৰ বিষয়ে হয়তো সকলো জ্ঞাত। এই সময়ৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মই দলীয় শীৰ্ষ নেতৃত্বক মোৰ অসুবিধা সমূহৰ বিষয়ে অৱগত কৰিছিলোঁ আৰু দলীয় দ্বায়িত্বৰ পৰাও অব্যাহতি বিচাৰিছিলোঁ যাতে নমামী কিছু ডাঙৰ তথা বুজা হোৱালৈকে তাইক মই সম্পূৰ্ণ সময় দিব পাৰোঁ। শেহতীয়াকৈ, দলে মোৰ সেই অসুবিধা সমূহৰ বিষয়ে বিবেচনা কৰি মোক দলীয় দ্বায়িত্বৰ পৰা অব্যাহতি দিয়াত দলীয় নেতৃত্বক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। নৱ নিযুক্ত মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী স্বপ্না বনিয়া ডাঙৰীয়ানীক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
বিগত প্ৰায় দুইবছৰ পাঁচ মাহ সময় ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহক কৰি ভাৰতীয় জনতা পাৰ্টিৰ হৈ সেৱা আগবঢ়াবলৈ সক্ষম হোৱাটো মোৰ বাবে আছিল পৰম সৌভাগ্যৰ প্ৰাপ্তি। মাননীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত অসমবাসী ৰাইজৰ তথা অসমৰ মহিলা সমাজৰ হকে কাম কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ’ম।
মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী হিচাপে মোৰ বিগত কাৰ্যকালত মই সংগঠনৰ বহু কথাই শিকাৰ সুযোগ পাইছিলো যিটো মোৰ জীৱনৰ অনন্য প্ৰাপ্তি আছিল। তাৰ পিছতে উল্লেখ কৰিব লাগিব মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে সমগ্ৰ অসমৰ মহিলা শক্তিৰ যি অভূতপূৰ্ব সমৰ্থন মই লাভ কৰিবলৈ সক্ষম হৈছিলোঁ সেই প্ৰাপ্তিৰ মাদকতা হয়তো পোৱা জনেহে অনুভৱ কৰিব পাৰিব। বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ ৰাজ্যিক মহিলা মৰ্চাৰ বিষয়ববীয়া সকলক যাৰ অবিহনে মহিলা মৰ্চাক প্ৰতিনিধিত্ব কৰাটো মোৰ পক্ষে কাহানিও সম্ভৱ নহ’ল হয়। তাৰ সমান্তৰালভাৱে অসমৰ সংবাদ মাধ্যমৰ সঁহাৰিয়ে মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে মোৰ প্ৰতিটো কৰ্মসূচীক জনমানসত সৰ্বাধিক আলোচিত তথা দলীয় উদ্দেশ্য সম্প্ৰসাৰিত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। এই সকলোবোৰৰ উৰ্দ্ধত চিৰকৃতজ্ঞ হৈ ৰ’ম সমূহ অসম বাসী ওচৰত কাৰণ ৰাইজৰ আন্তৰিক সহযোগিতাৰ বাবেই এসময়ৰ অসমীয়া ছবিজগতৰ অভিনেত্ৰীৰ পৰা আজিৰ ৰাজনৈতিক ক্ষেত্ৰ খনৰ আংগুৰলতাৰ সৃষ্টি হ’ল।
শেষত, সকলোকে আন্তৰিক কৃতজ্ঞতা জনাই প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে, মই সদায় ভাৰতীয় জনতা পাৰ্টিৰ অংশ আছিলোঁ, আছোঁ আৰু চিৰদিন ভাৰতীয় জনতা পাৰ্টিৰ বাবে নিঃস্বাৰ্থ সেৱা আগবঢ়াই যাম। ভাৰত মাতা কী জয়৷ জয় আই অসম।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















