• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃহত্তম কোৰাণ, ডুবাইতকৈয়ো ডাঙৰ একুৰিয়াম, অযোধ্যাৰ মছজিদত থাকিব কি কি চমক?

বৃহত্তম কোৰাণ, ডুবাইতকৈয়ো ডাঙৰ একুৰিয়াম, অযোধ্যাৰ মছজিদত থাকিব কি কি চমক?

3 years ago
ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

14 minutes ago
পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

2 hours ago
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

2 hours ago
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

2 hours ago
মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

মুছলমানসকলে ৰাখী বান্ধিব পাৰেনে? জানক ইছলামে কি কয়

3 hours ago
কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

কৰ্কট ৰোগৰ চিকিৎসাত আশাৰ বতৰা!

4 hours ago
‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

‘তোমাক মই ইউৰোপিয়ন সংগী বিচাৰি দিম’

4 hours ago
অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

অবিশ্বাস্য!গণি গণি বিকল হ’ল টকা গণনা মেচিন…

5 hours ago
বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

বাম্পাৰ অফাৰ! ছ’চিয়েল মিডিয়াত ১ লাখ view আনক আৰু চৰকাৰৰ পৰা লাভ কৰক ১০ হাজাৰ টকা

5 hours ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

6 hours ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

7 hours ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বৃহত্তম কোৰাণ, ডুবাইতকৈয়ো ডাঙৰ একুৰিয়াম, অযোধ্যাৰ মছজিদত থাকিব কি কি চমক?

editor by editor
February 2, 2024
in জীৱনশৈলী, ভাৰত
0
বৃহত্তম কোৰাণ, ডুবাইতকৈয়ো ডাঙৰ একুৰিয়াম, অযোধ্যাৰ মছজিদত থাকিব কি কি চমক?
0
SHARES
3.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জাকজমকতাৰে ২২ জানুৱাৰীত উদ্বোধন কৰা হৈছে অযোধ্যাৰ ৰাম মন্দিৰ। ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মন্দিৰ উদ্বোধনৰ পাছতেই আৰম্ভ হৈছে অযোধ্যাত মছজিদ নিৰ্মাণৰ কাম। অযোধ্যাত হ’বলগীয়া মহম্মদ বিন আব্দুল্লাহ মছজিদৰ ভিতৰত কি কি থাকিব?

মছজিদ নিৰ্মাণৰ কাম কেতিয়াৰে পৰা আৰম্ভ হ’ব?
সংবাদমাধ্যমত অযোধ্যাৰ এই মছজিদৰ ডেভেলপমেণ্ট কমিটিৰ প্ৰধান হাজি আৰফাত শ্বেখে কয়, ‘চলিত বছৰৰ এপ্ৰিল মাহৰ পৰা মছজিদৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব।’ তেওঁ ইতিমধ্যেই মছজিদৰ এটা ব্লু প্ৰিণ্টো প্ৰকাশ কৰিছে। ইন্দো-ইছলামিক কালছাৰেল ফাউণ্ডেছন ট্ৰাষ্টে তৈয়াৰ কৰিছে উত্তৰ প্ৰদেশৰ ছুন্নি চেণ্ট্ৰেল ৱাকফ বৰ্ড(UPSCWB)। এই সংগঠনে মছজিদ নিৰ্মাণৰ যাৱতীয় বিষয়সমূহৰ তদাৰকি কৰিছে। ৫একৰ মাটিত নিৰ্মাণ কৰা হৈছে অযোধ্যাৰ এই মছজিদ। বাবৰি মছজিদৰ সলনি অযোধ্যাৰ ধন্নিপুৰ গাওঁত এই মাটি দিয়া হৈছে মুছলমান সকলক।

হাজি আৰফাত শ্বেখে উত্তৰ প্ৰদেশৰ ছুন্নি চেণ্ট্ৰেল ৱাকফ বৰ্ডৰ মাধ্যমেৰে নিৰ্বাচিত প্ৰতিনিধি। অযোধ্যাৰ ধন্নিপুৰৰ গাওঁত মছজিদ নিৰ্মাণৰ যাৱতীয় বিষয়সমূহ তেওঁ জুঁকিয়াই চাইছে। হাজি আৰফাত শ্বেখ পূৰ্বে মহাৰাষ্ট্ৰৰ সংখ্যালঘু বিষয়ক কমিছনৰ প্ৰাক্তন চেয়াৰপাৰ্ছন আছিল। তেওঁ মহাৰাষ্ট্ৰৰ এজন জনপ্ৰিয় বিজেপি নেতাও আছিল।

হাজি আৰফাত শ্বেখে নতুনকৈ নিৰ্মাণ হ’বলগীয়া মছজিদ সন্দৰ্ভত কয়, ‘এইয়া বিশাল এক প্ৰজেক্ট। আমি নিজকে সৌভাগ্যবান বুলি ভাৱিছো। ২৫ কোটি মুছলমান মানুহৰ মাজত অযোধ্যাৰ এই পবিত্ৰ মছজিদ নিৰ্মাণৰ তদাৰকৰিৰ বাবে মোক তেওঁলোকে দায়িত্ব দিছে। ইছলামিক সভ্যতাৰ ইতিহাসত এয়া এক অভিনৱ কীৰ্তি হৈ থাকিব। বিশ্বৰ সকলোতকৈ সুন্দৰ মছজিদ হিচাপে এই মছজিদ আমি নিৰ্মাণ কৰি উলিয়াম। কিন্তু ইয়াৰ নিৰ্মাণ কাৰ্য শেষ কৰিবলৈ আমাৰ কিছু সময় লাগিব। চলিত বছৰৰ ৰমজান মাহৰ পৰাই এই নিৰ্মাণকাৰ্য আৰম্ভ হ’ব বুলি আমি আশাবাদী। ইয়াৰপূৰ্বে আমি নানান প্ৰযুক্তি আৰু আধুনিক পৰিষেৱা কি কি আনিব পাৰি সেই সম্পৰ্কে আলোচনা কৰি আছো।’

নামকৰণ
এই মছজিদৰ নাম ৰখা হৈছে ধন্নিপুৰ মছজিদ। বহুতে পৰামৰ্শ দিছিল যে এই মছজিদৰ নাম মছজিদ ই আমান ৰখা হওক। পৰবৰ্তীসময় অৱশ্যে মছজিদৰ নামকৰণ কৰা হৈছে বিখ্যাত স্বাধীনতা সংগ্ৰামী মৌলবী আহমদুলিল্লাহ শ্বাহ ফাইজাবাদিৰ নামেৰে। অৱশ্যে শেষ পৰ্যন্ত সিদ্ধান্ত লোৱা হয় যে অযোধ্যাৰ এই মছজিদৰ নাম হ’ব মহম্মদ বিন আব্দুল্লাহ মছজিদ। হজৰত মহম্মদৰ পিতৃৰ নাম আছিল মহম্মদ বিন আব্দুল্লাহ।

দেশক প্ৰাকৃতিক দুৰ্যোগ আৰু বহিঃশত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰাৰ প্ৰতীক লৈ উঠিব এই মছজিদ বুলিও জনাইছে আৰফাত শ্বেখে। তেওঁ এই সন্দৰ্ভত কয়, ‘বিশ্বৰ সকলো শেষ পৰ্যন্ত বিবৰ্ণ হৈ যাব পাৰে কিন্তু এই পবিত্ৰ মছজিদে চিৰন্তন আলোকবৰ্তিকা হিচাপে ঠিয় হৈ থাকিব। এই সৌন্দৰ্যই কেৱল ভাৰতকেই আলোকিত কৰি ৰাখিব তেনে নহয়। দেশৰ সীমনাৰ পৰা সমগ্ৰ বিশ্বলৈকে ইয়াৰ খ্যাতি বিয়পি থাকিব। এই মছজিদ হজৰত মহম্মদৰ আশীৰ্বাদ আৰু আধ্যাত্মিক প্ৰতীক লৈ থিয় হৈ থাকিব।’

কি কি বৈশিষ্ঠ্য আছে এই মছজিদৰ?
এই মছজিদত সমস্ত মুছলমানৰ প্ৰৱেশৰ অধিকাৰ থাকিব। ছিয়া, ছুন্নি, তবলিঘি সকলোধৰণৰ ধৰ্মপ্ৰাণ মুছলমানে প্ৰাৰ্থনা কৰিব পাৰিব অযোধ্যাৰ এই মছজিদত।

পাঁচ মিনাৰ বিশিষ্ট এই মছজিদটো হ’ব ৩৪০ ফুট ওখ। এই পাঁচ চূড়া শ্বাহদা(বিশ্বাসৰ প্ৰতীক), ছালাহ(নামাজৰ প্ৰতীক), ছাৱান(ৰোজাৰ প্ৰতীক), জাকত(দানৰ প্ৰতীক) আৰু হজৰ প্ৰতীক। দুটা ভাগত ভাগ কৰা হৈছে এই মছজিদক। এটা বেছমেণ্ট আৰু তাৰ ওপৰত এটা মহলা। তাত কেৱল নামাজহে পঢ়া হ’ব। মহিলাসকলৰ বাবেও নামাজৰ বিশেষ অংশ ৰখা হ’ব অযোধ্যাৰ মছজিদত।

দেৱালত খোদাই কৰা হ’ব কোৰাণৰ লাইনেৰে কেলিগ্ৰাফি। মছজিদৰ তলা-চাবিও বিশেষভাৱে তৈয়াৰ কৰা হ’ব।

মছজিদ চত্বৰত থাকিব এখন ডাঙৰ বাগান, ফোৱাৰা আৰু পানীৰ ৰিজাৰ্ভাৰ। মছজিদত প্ৰৱেশৰ পূৰ্বে এই পানীৰে হাত-ভৰি-মুখ ধুই পবিত্ৰ হৈ মছজিদত প্ৰৱেশ কৰিব লাগিব।

এই মছজিদত থাকিব বিশ্বৰ সৰ্ববৃহৎ কোৰাণ। যি ২১ বাই ৩৬ফুটৰ। মধ্যপ্ৰাচ্যত আৰু এখন বৃহৎ কোৰাণ আছে। ৰমজানৰ সময়ত এই কোৰাণ পাঠ কৰা হ’ব।

এই মছজিদ চত্বৰত থাকিব একোৰিয়াম আৰু আণ্ডাৰৱাটাৰ জু। ডুবাইৰ জনপ্ৰিয় একুৰিয়ামতকৈ এই একুৰিয়াম ডাঙৰ হ’ব। থাকিব ৪০০বিধ জলজপ্ৰাণী। আজানৰ সময়ত ফোৱাৰাৰ পৰা পাঁচবাৰ ৰঙীন পানী ওলাই আহিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক
জীৱনশৈলী

ফেঁচা আকৃতিৰ আঙুঠিয়ে কৰিব ভাগ্য সলনি, উপকাৰ আৰু নিয়মৰ বিষয়ে জানি লওক

August 21, 2026
পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ
জীৱনশৈলী

পপকৰ্ণক কেৱল জাংক ফুড বুলিয়েই নাভাবিব, জানক পপকৰ্ণৰ লাভজনক গুণ

August 21, 2026
শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ
জীৱনশৈলী

শুকুৰবাৰে লক্ষ্মী দেৱীক সন্তুষ্ট কৰিবলৈ কি কৰিব? জানক সহজ কিছু প্ৰতিকাৰ

August 21, 2026
dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?
জীৱনশৈলী

dark circleৰ সমস্যাৰ কেনেকৈ কৰিব সমাধান?

August 21, 2026
Next Post
নতুনকৈ ১ কোটি মহিলাক সামৰি ল’ব লাখপতি বাইদেউ আঁচনিয়ে, কেনেকৈ লাখপতি বাইদেউ হ’ব আপুনি? লাখপতি বাইদেউ কেনেকৈ হ’ব?

নতুনকৈ ১ কোটি মহিলাক সামৰি ল’ব লাখপতি বাইদেউ আঁচনিয়ে, কেনেকৈ লাখপতি বাইদেউ হ’ব আপুনি? লাখপতি বাইদেউ কেনেকৈ হ’ব?

মাজত মাত্ৰ ৩দিন পাছতেই আদিত্য মঙ্গল যোগ, ফেব্ৰুৱাৰীত সাফল্যৰ চূড়াত ৫ৰাশি

মাজত মাত্ৰ ৩দিন পাছতেই আদিত্য মঙ্গল যোগ, ফেব্ৰুৱাৰীত সাফল্যৰ চূড়াত ৫ৰাশি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.