আই পি এলৰ সফল দল মুম্বাই ইণ্ডিয়ানছ দলত শীতল যুঁজ, ৩ টা গ্ৰুপত বিভক্ত দল
আই পি এল (IPL 2024)ৰ কেইমাহমান পূৰ্বে মুম্বাই ইণ্ডিয়ানছৰ ভিতৰত সকলো ঠিক নহয় বুলি খবৰ ওলাইছিল। ৰোহিতৰ পৰা অধিনায়কত্ব লৈ হাৰ্দিক পাণ্ডিয়াক গতাই দিয়াৰ পাছৰে পৰা আৰম্ভ হৈছিল এই কন্দল।
চলিত ছিজনত এই কন্দলৰ প্ৰভাৱ দেখা গৈছে। দলটোৱে দুয়োখন উদ্বোধনী মেচতে পৰাস্ত হৈছে। এই পৰাজয়ৰ পাছতে হাৰ্দিকৰ অধিনায়কত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে।
অধিনায়কত্বৰ বিষয়ে আলোচনা চলি থকাৰ সময়তে দলৰ ভিতৰত দলীয়তাবাদৰ সন্দৰ্ভত আলোচনা পুনৰ তীব্ৰতৰ হৈ পৰিছে। খবৰ অনুসৰি দলটোৰ ভিতৰত তিনিটা গোট বিভক্ত হৈছে।
এটা গ্ৰুপ বৰ্তমানৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াৰ, এটা গ্ৰুপ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ আৰু তৃতীয়টো আন খেলুৱৈৰ।
২০১৩ চনৰ পৰা ২০২৩লৈ অধিনায়ক হিচাপে ৰেহিত শৰ্মাই মুম্বাই ইণ্ডিয়ানছ দলক ৫ বাৰ জয়ৰ সোৱাদ দিছে। কিন্তু তথাপি হঠাতে তেঁওৰ পৰা অধিনায়কত্ব কাঢ়ি হাৰ্দিক পাণ্ডিয়াক দলৰ অধিনায়কত্ব দিয়াৰ পাছতে দলৰ মাজত আৰম্ভ হয় এই শীতল যুঁজ।
এই যুঁজতেই দল ভাগ হৈছে তিনিটা গ্ৰুপত। ৰোহিত শৰ্মাৰ দলত আছে সূৰ্যকুমাৰ যাদৱ, যশপ্ৰীত বুমৰাহ আৰু তিলক বৰ্মা। অৱশ্যে বৰ্তমানে স্বাস্থ্যজনীত কাৰণত দলৰ পৰা বাহিৰত আছে সূৰ্যকুমাৰ।
আনহাতে হাৰ্দিকৰ গ্ৰুপত আছে ইশান কিশন। বাকি তৃতীয়টো গ্ৰুপত আছে দলৰ অনি্য খেলুৱৈ যি সকল খেলুৱৈৰ কোনো মতলব নাই দলৰ অধিনায়ক কোন হয়। তেঁওলোকে কেৱল খেলবলৈহে আহিছে।
বৰ্তমানে কেৱল হাৰ্দিকৰ অধিনায়কত্বৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে। আৰম্ভণীৰ দুখন খেলত পৰাজয়ৰ পাছত এতিয়া পৰৱৰ্তী খেলত কি হয় দলটোৰ সেয়াহে লক্ষনীয় হব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ