অসম লাইভ২৪ঃ ভাৰতত ক্ৰমশ বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা৷ বিশেষকৈ কভিডৰ লকডাউনৰ সময়ৰ পৰা বহুতেই বাহন ক্ৰয়ত বিশেষ গুৰুত্ব দিছে৷ বাহন বিক্ৰীৰ লগে লগে ড্ৰাইভিং কৰা ব্যক্তিৰ ড্ৰাইভিং লাইছেঞ্চ বিচাৰি কৰা আৱেদনৰ সংখ্যাও বৃদ্ধি পাইছে৷ আৱেদন কৰা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে লাইছেঞ্চ প্ৰদান প্ৰক্ৰিয়াত কিছু পৰিমানে লেহেমীয়া গতিও দেখা গৈছে৷ এই প্ৰক্ৰিয়া খৰতকীয়া কৰিবৰ বাবে ১ জুনৰ পৰা সলনি হ’ব লাইছেঞ্চ উলিওৱাৰ নিয়ম৷
১ জুনৰ পৰা ড্ৰাইভিং লাইছেঞ্চৰ নতুন নিয়ম কাৰ্যকৰী কৰিবলৈ আগবাঢ়িছে কেন্দ্ৰীয় পথ পৰিবহন সংস্থাই৷ নতুন নিয়মৰ আওঁতাত লাইছেঞ্চ লাভৰ বাবে আপুনি পৰিবহন বিভাগৰ কাৰ্যালয়ত গৈ বাহন চলাব নালাগে বা RTOত গৈ ড্ৰাইভিং পৰীক্ষা দিব নালাগে৷ নতুন নিয়ম উলংঘন কৰিলে ২৫,০০০ টকা পৰ্যন্ত জৰিমনা ভৰিব লগা হ’ব পাৰে৷ নতুন নিয়ম সন্দৰ্ভত এতিয়াই জানি থওক অন্যথা বিপদত পৰিব আপুনি৷
বেচৰকাৰী প্ৰতিষ্ঠানত ড্ৰইভিং পৰীক্ষাঃ
১ জুনৰ পৰা চৰকাৰী আঞ্চলিক পৰিবহণ কাৰ্যালয়ৰ পৰিবৰ্তে বেচৰকাৰী ড্ৰাইভিং প্ৰশিক্ষণ কেন্দ্ৰত ড্ৰাইভিং পৰীক্ষা দিব পাৰিব৷ লাইছেঞ্চৰ যোগ্যতাৰ বাবে পৰীক্ষা পৰিচালনা আৰু চাৰ্টিফিকেট প্ৰদানৰ বাবে চৰকাৰী অনুমোদন দিয়া হ’ব এই বেচৰকাৰী প্ৰতিষ্ঠানসমূহক৷ এই অনুমোদন লাভ কৰাৰ পাছত বেচৰকাৰী ড্ৰাইভিং স্কুলসমূহে কেইটামান নিয়ম মানি চলাটো বাধ্যতামূলক৷
মাটিঃ ড্ৰাইভিং স্কুলসমূহত ন্যূনতম ১ একৰ মাটি থাকিব লাগিব৷ ৪চকাৰ বাহন প্ৰশিক্ষণৰ বাবে নূন্যতম ২একৰ ভূমি থাকিব লাগিব৷
পৰীক্ষা ব্যৱস্থাঃ স্কুলসমূহক অৱশ্যেই উপযুক্ত পৰীক্ষাৰ ব্যৱস্থা থাকিব লাগিব৷
প্ৰশিক্ষকৰ যোগ্যতাঃ প্ৰশিক্ষকসকলৰ কোনো হাইস্কুলৰ ডিপ্লমা বা তাৰ সমতুল্য শিক্ষাগত যোগ্যতা থাকিব লাগিব৷ ইয়াৰোপৰি কমপক্ষেও ৫ বছৰৰ ড্ৰাইভিং অভিজ্ঞতা থাকিব লাগিব৷ ইয়াৰোপৰি বায়মেট্ৰিক্স আৰু আইটি চিষ্টেমৰ পৰিচয় থকাটো আৱশ্যক৷
প্ৰশিক্ষণৰ সময়ঃ মটৰ বাহনৰ বাবে ৪ সপ্তাহত ২৯ ঘণ্টাৰ প্ৰশিক্ষণ দিয়াটো আৱশ্যক৷ ইয়াৰ মাজতেই ৮ঘণ্টা থাকিব থিয়ৰীৰ বাবে আৰু বাকী ২১ ঘণ্টা থাকিব ব্যৱহাৰিক প্ৰশিক্ষণৰ বাবে৷ চাৰিচকীয়া বাহনৰ বাবে ৬ সপ্তাহত অন্তত ৩৮ ঘণ্টাৰ প্ৰশিক্ষণ দিব লাগিব৷ ইয়াতো ৮ঘণ্টা থিয়ৰি থাকিব আৰু বাকী ৩০ঘণ্টা থাকিব ব্যৱহাৰিক প্ৰশিক্ষণ৷
পৰিবেশৰ সুৰক্ষাঃ নতুন নিয়মসমূহৰ অন্যতম লক্ষ্য হৈছে প্ৰদূষণ কমোৱা৷ ইয়াৰ বাবে প্ৰায় ৯লাখ পুৰণি চৰকাৰী যানবাহন পৰ্যায়ক্ৰমে বাতিল কৰা হ’ব৷ বাহনৰ ধোঁৱা নিৰ্গমণৰ বিষয়ে কঠোৰ বিধিও প্ৰয়োগ কৰা হ’ব৷
কাঢ়া শাস্তিঃ অনুমোদিত গতিতকৈ দ্ৰুত গতিত বাহন চলোৱাৰ বাবে ১০০০ৰ পৰা ২০০০ টকা জৰিমনা বিহা হ’ব৷ দ্ৰুত গতিত বাহন চলোৱাৰ বাবে কোনো নাবালক ধৰা পৰিলে তাৰ জৰিমনা হ’ব ২৫০০০ টকা৷ ইয়াৰোপৰি বাহনৰ মালিকৰ ৰেজিষ্ট্ৰেচনো বাতিল হ’ব৷ সেই নাবালকৰ ২৫ বছৰ নোহোৱা পৰ্যন্ত ড্ৰাইভিং লাইছেঞ্চ দিয়া নহ’ব৷ লাইছেঞ্চ নথকাকৈ যদি বাহন চলাই তেন্তে ৫০০ টকা জৰিমনা ভৰিব লাগিব৷ হেলমেট নিপিন্ধাকৈ আৰু ৪চকীয়াত ছিটবেল্ট নলগোৱাকৈ বাহন চলালে ১০০ টকাকৈ জৰিমনা বিহা হ’ব৷
লাইছেঞ্চৰ বাবে কেনেকৈ আৱেদন কৰিব?
আবেদন প্ৰক্ৰিয়া পূৰ্বৰ ধৰণেৰেই হ’ব৷ https://parivahan.gov.in ত লৈ অনলাইন বা অফলাইন আবেদন কৰিব লাগিব৷ কিন্তু লাইছেঞ্চৰ নথি জমা দিয়াৰ পদ্ধতি পূৰ্বৰ তুলনাত সৰল কৰিছে পৰিবহন মন্ত্ৰণালয়ে৷ আবেদনৰ মূল্য নিৰ্ভৰ কৰিব আপোনাক কেনে লাইছেঞ্চ লাগে তাৰ ওপৰত৷ নথি জমা দিয়াৰ পাছত ড্ৰাইভিং দক্ষতাৰ পৰিচয় দিবলৈ আপুনি পৰিবহন কাৰ্যালয়লৈ যাব নালাগে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















