শোকাৱহ, হঠাতে অহা ট্ৰাকত খুন্দা খাই টোম্পো বাগৰি পৰি ১০ লোক নিহত, ৫ আহত
এক অতিকে হৃদয়বিদাৰক ঘটনা সংঘটিত হৈছে। এখন টেম্পো দুৰ্ঘটনাগ্ৰস্থ হৈ একেলগে প্ৰাণ হেৰুৱালে ১০ গৰাকীলোকে। লগতে আন ৫ গৰাকী লোক গুৰুতৰভাৱে আহত। এই শোকৱাহ দুৰ্ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হাৰদৈত।
হাৰদৈ জিলাৰ বিলগ্ৰাম কোটৱালি অঞ্চলত নিয়ন্ত্ৰণৰ বাহিৰ হৈ ওলোটা হৈ পৰে এটা টেম্পো। জানিব পৰা মতে, ৰোশনপুৰৰ সমীপৰ বিলহৌৰ-কাটৰা ৰাজ্যিক ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। সেই ঘাইপথতে হঠাতে এখন মিনি ট্ৰাকৰ সমুখৰ পৰা অহাত যাত্ৰী ভৰ্তি টেম্পোখন নিয়ন্ত্ৰণৰ বাহিৰ হৈ পৰে আৰু ঘাইপথতে ওলোটা হৈ পৰে।
যাৰ ফলতে গুৰুতৰভাৱে আহত হৈ প্ৰাণ হেৰুৱাই টেম্পোত থকা ১০ গৰাকী লোকে। আনহাতে আন ৫ গাৰকী লোকে আহত । যি কেইগৰাকীক বৰ্তমানে উদ্ধাৰ কৰি হাস্পতালত ভৰ্তি কৰোৱা হৈছে।
দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰৰ কাম আৰম্ভ কৰে আৰক্ষীয়ে। লাভ কৰা তথ্য অনুসৰি টেম্প’ত যাত্ৰা কৰা লোকসকলৰ ভিতৰত ৭ জন লোকৰ ঘটনাস্থলীতে মৃত্যু হোৱাৰ বিপৰীতে হাস্পতালত চিকিৎসাধীন অৱস্থাত আন তিনিজনৰ মৃত্যু হয়।
এই ঘটনাত নিহতসকলৰ ভিতৰত পাঁচগৰাকী মহিলা, দুগৰাকী কন্যা আৰু এটা শিশুও আছে।
এই ভয়ংকৰ পথ দুৰ্ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শোক প্ৰকাশ কৰিছে। লগতে বিষয়াসকলক তৎকালীনভাৱে সেই স্থানত উপস্থিত হৈ আহতসকলৰ সঠিক চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















