অক্ষয় কুমাৰৰ অভিনয়ৰ যাত্ৰা আৰম্ভ হৈছিল ১৯৯১ চনত৷ বলীউডৰ খিলাড়ী আখ্যা পোৱা অভিনেতা অক্ষয়ৰ ব্যক্তিগত জীৱনক লৈ বাৰে বাৰে বিভিন্ন বাতৰি প্ৰচাৰ হৈছিল৷ এইবাৰ বৰ্ষীয়ান অভিনেত্ৰী গুড্ডি মাৰুতিয়ে অক্ষয়ক জীৱনৰ কিছু অজানা তথ্য প্ৰকাশ কৰিছে৷
নব্বৈৰ দশকত অক্ষয়ৰ জীৱনত প্ৰেমৰ অভাৱ নাছিল৷ বাস্তৱতো তেওঁ খিলাড়ী কুমাৰেই৷ সেই সময়ত মহিলাসকলৰ মাজত বেছ জনপ্ৰিয় আছিল অক্ষয়৷ খিলাড়ী কুমাৰেও তেওঁৰ অভিনেত্ৰীসকলৰ সৈতে ৰং ৰসিকতাৰ মাজেৰে সময় কটাইছিল৷ ১৯৯১ ত ছবি খিলাড়িত অভিনয় কৰিছিল গুড্ডিয়েও৷
বৰ্ষীয়ান অভিনেত্ৰীৰ বক্তব্য, সেই সময়ত একাধিক প্ৰেয়সী আছিল অক্ষয়ৰ৷ সেই প্ৰেমিকাসকলৰ মাজত ২-৩গৰাকীক ব্যক্তিগতভাৱে চিনিও পায় গুড্ডি মাৰুতিয়ে৷ যদিও তেওঁলোকৰ নাম প্ৰকাশ্যে আনিব খোজা নাই গুড্ডিয়ে৷ মুঠ কিমানগৰাকীৰ সৈতে সম্পৰ্কত আছিল খিলাড়ি অক্ষয় সেয়া অৱশ্যে প্ৰকাশ কৰা নাই গুড্ডিয়ে৷ একাধিক প্ৰেয়সী থাকিলেও, সেই সময়ত গুড্ডিৰ সৈতে সম্পৰ্কত আছিলনে সেয়া অৱশ্যে নিশ্চিতকৈ কোৱা নাই গুড্ডিয়ে৷ বৰ্ষীয়ান অভিনেত্ৰীগৰাকীয়ে কৈছে যে অক্ষয়ে বহু মহিলাৰ হৃদয় ভাঙিছে৷ সেয়ে বহুতেই সেই সময়ত অক্ষয়ৰ নাম দিছিল হাৰ্টব্ৰেকাৰ৷
অক্ষয়ক দেখাত খুবেই সৰল চিধা যেন দেখে প্ৰায়সংখ্যকেই৷ তেওঁৰ বহু এনে গল্প আছে যি গল্প বহুতেই নাজানে৷ শুনা গৈছে ৰবিনা টণ্ডন, শিল্পা ছেট্টী, প্ৰিয়ংকা চোপ্ৰা, কেটৰিনা কাইফৰ সৈতে সম্পৰ্কত আছিল অক্ষয়৷ আনকি ৰেখাৰ সৈতেও নাম সাঙোৰ খাইছিল অক্ষয়ৰ৷ শেষত ২০০১ চনত টুইঙ্কল খান্নাক বিয়া কৰাই অক্ষয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ