অপূৰ্ণ হৈ ৰোৱা ৰাৱণৰ ৫ টা সপোন, পূৰ্ণ হোৱা হ’লে আজি সলনি হ’ল হেতেন সকলো বিশ্ব
লংকাৰ ৰজা ৰাৱণ আছিল এজন মহান পণ্ডিত, এজন মহান যোদ্ধা। যাৰ বাবে তিনিওলোকৰ ওপৰত তেওঁ নিজৰ আধিপত্য বিস্তাৰ কৰিব বিচাৰিছিল। অহংকাৰতে কৰিছিল নকৰিবগলীয়া বহুতো। আনকি ৯ গ্ৰহকো দমন কৰি ৰাখিছিল। শনি দেৱক বন্দী কৰি ৰাখিছিল লংকাৰ কাৰাগাৰত।
দেৱতাসকলেও ভয় কৰিছিল ৰাৱণক। ৰাৱণে জীৱনকালত প্ৰতিটো সপোন পূৰণ কৰিব বিচাৰিছিল যদিও কিছুমান সপোন আছিল যিবোৰ পূৰণ নোহোৱাকৈয়ে থাকি যায়, তথা সম্ভৱ হৈ নুঠে।
সোণত সুগন্ধি সৃষ্টি কৰা: সোণৰ নগৰ লংকাত সুখ আৰু বিলাসীতাৰ সকলো উপায় আছিল। গোটেই লংকাখন সোণেৰে গঠিত আছিল, যাৰ জিলিকনিয়ে সকলোকে নিজৰ প্ৰতি আকৰ্ষণ কৰিছিল। কিন্তু সেই সোণত কোনো সুগন্ধি নাছিল। ৰাৱণে সোণত সুগন্ধি সৃষ্টি কৰিব বিচাৰিছিল যদিও এই সপোনতো অপূৰ্ণ হৈ থাকিল।
লংকাৰ পৰা স্বৰ্গলৈ চিৰি নিৰ্মাণ: আন এটা সপোন আছিল লংকাৰ পৰা স্বৰ্গলৈ চিৰি নিৰ্মাণ কৰা। ৰাৱণে বিচাৰিছিল যে স্বৰ্গলৈ যাবলৈ কোনেও মৰিব নালাগে। জীৱিত অৱস্থাত স্বৰ্গত উপনীত হ’ব লাগে। স্বৰ্গলৈ যোৱা চিৰি এটা সাজিবলৈ চেষ্টাও কৰিছিল ৰাৱণে, কিন্তু মাজতে টোপনি আহি যোৱাত এই সপোন অপূৰ্ণ হৈ থাকে।
সাগৰৰ নিমখীয়া পানীক মিঠা কৰি তোলাঃ ৰাৱণৰ নগৰ লংকাক চাৰিওফালৰ পৰা সাগৰেৰে আগুৰি আছিল, যাৰ পানী নিমখীয়া আছিল। ৰাৱণে বিচাৰিছিল সাগৰৰ পানী মিঠা হোৱা। এয়া আছিল ৰাৱণৰ আন এটা সপোন, যিটো অপূৰ্ণ হৈ থাকিল।
তেজৰ ৰং সলনি কৰাঃ ৰাৱণে বিচাৰিছিল যে তেজৰ ৰং ৰঙা হ’ব নালাগে। তেওঁ তেজৰ ৰং বগা কৰিব বিচাৰিছিল, যাতে মানুহে তেজ দেখাৰ পিছত ভয় নকৰে।
কোনো পুত্ৰই পিতৃৰ সন্মুখত মৰিব নালাগে: ৰাৱণৰ আন এটা সপোন আছিল যে কোনো পিতৃৰ সমুখত পুত্ৰৰ মৃত্যু নোহোৱাটো। চকুৰ সন্মুখত পুত্ৰৰ মৃত্যু হোৱাটো পৃথিৱীৰ আটাইতকৈ ডাঙৰ বেদনা বুলি উল্লেখ কৰিছিল ৰাৱণে। কিন্তু জন্ম হলে মৃত্যু অনিবাৰ্য। যি সপোন ৰাৱনৰ পূৰণ নহয়, আনকি নিজৰেই পুত্ৰ মেঘনাথৰ ৰাৱণৰ সমুখতেই মৃত্যু হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ