গ্ৰহৰ গোচৰৰ দিশৰ পৰা মাৰ্চ মাহত একাধিক গুৰুত্বপূৰ্ণ ঘটনা দেখিবলৈ পোৱা যাব৷ ইয়াৰ মাজত সকলোতকৈ উল্লেখযোগ্য হৈছে শনিৰ গোচৰ৷ শনি বৰ্তমান আছে কুম্ভ ৰাশিত৷ আগন্তুক ২৯ মাৰ্চত কুম্ভ এৰি শনিয়ে মীন ৰাশিত গোচৰ কৰিব৷ ৩০ বছৰ পাছত শনি মীন ৰাশিলৈ আহিব৷ শনি যিসময়ত মীন ৰাশিলৈ আহিব, তাৰপূৰ্বৰে পৰাই মীন ৰাশিত অৱস্থান কৰিব সূৰ্যই৷ ফলত তিনি দশক পাছত মীন ৰাশিত যুঁটি বান্ধিব দুই শত্ৰু গ্ৰহ সূৰ্য আৰু শনিয়ে৷ আকৌ ১৫ মাৰ্চত মীন ৰাশিতেই অস্ত যাব বুধ৷ মাহৰ আৰম্ভণিতেই মীন ৰাশিত বক্ৰী হ’ব শুক্ৰ৷ একেই ৰাশিত এইসমূহ মহাজাগতিক ঘটনাৰ ফলত উল্লেখযোগ্য প্ৰভাৱ পৰিব আমাৰ জীৱনত৷ জানি থওক আগন্তুক মাহত ভাগ্য উজলি উঠিব কোন কোন ৰাশিৰ জাতকৰ?
মেষ ৰাশি
মাৰ্চ মাহত মেষ ৰাশিৰ জাতকৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ এই সময়ত আপোনাৰ মাজত পৃথক আত্মবিশ্বাস লক্ষ্য কৰা যাব৷ নিজৰ সিদ্ধান্তৰ কথা আপুনি সাহসেৰে সকলোকে জনাব পাৰিব৷ নিজে লোৱা সাহসী সিদ্ধান্তৰ পৰা লাভৱান হ’ব মেষ ৰাশিৰ জাতক৷ আৰ্থিক পৰিস্থিতিতো উন্নতি হ’ব৷ বিদেশ যাত্ৰা কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















