আৰম্ভ হৈছে বাণিজ্য যুদ্ধ যুদ্ধ বা ট্ৰেড ৱাৰ৷ উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে বিশ্ব অৰ্থনীতিৰ প্ৰথম আৰু দ্বিতীয় স্থানধিকাৰীৰৰ মাজত৷ আমেৰিকা আৰু চীনৰ মাজত এই যুদ্ধ৷ আমেৰিকাই চীনৰ ওপৰত ১০ৰ পৰা বঢ়াই ১২৫ শতাংশ শুল্ক আৰোপ কৰিছে৷ আমেৰিকাৰ শুল্ক বৃদ্ধিৰ পাছতেই বুধবাৰে চীনেও আমেৰিকাক দিছে কাঢ়া জৱাব৷ বেইজিঙে স্পষ্টৰূপত জনাইছে যে বৃহস্পতিবাৰৰ পৰা মাৰ্কিন যুক্তৰাজ্যলৈ পঠিওৱা পণ্যৰ ওপৰত চীনেও আৰোপ কৰি ৮৪শতাংশ পৰ্যন্ত শুল্ক৷
বুধবাৰে পাৰস্পৰিক শুল্ক নীতি কাৰ্যকৰী হোৱাৰ মাত্ৰ ২৪ ঘণ্টাৰ মাজতেই ডাঙৰ সিদ্ধান্তৰ ঘোষণা কৰিছে মাৰ্কিন প্ৰেছিডেণ্ট ট্ৰাম্পে৷ চীনে ৰেহাই দিলেও অন্যান্য দেশৰ ক্ষেত্ৰত ৯০ দিনৰ শুল্ক স্থগিতাদেশ জাৰি কৰা হৈছে৷ ইয়াৰ সৈতে জনাই দিয়া প্ৰয়োজন যে, চীনা পণ্যৰ ওপৰত এইবাৰ ১২৫ শতাংশ হাৰত শুল্ক কাৰ্যকৰী হব৷ ৱাছিংটনৰ এই ঘোষণাৰ পাছতেই অস্থিৰতা তৈয়াৰ হৈছে চীনৰ উদ্যোগীমহলত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















