পৃথিৱীৰ দিশে আগুৱাই আহিছে বৃহৎ আকাৰৰ এটা গ্ৰহাণু৷ এই তথ্য প্ৰকাশ কৰিছে নাছাৰ বিজ্ঞানীমহলে৷ নাছাৰ পক্ষৰ পৰা জনা গৈছে যে এই বিশালকায় গ্ৰহাণুটোৰ আকাৰৰ তুলনাত পৃথিৱীৰ আকাৰ তেনেই সৰু৷ এই গ্ৰহাণুটো ৩৭০ ফুট ডাঙৰ৷ এই গ্ৰহাণুৰ নাম দিয়া হৈছে ২০২৩ keu, ই পৃথিৱীৰ দিশত প্ৰতিঘণ্টাত ৬৪ হাজাৰ কিঃমিঃ বেগত পৃথিৱীৰ দিশত আহি আছে৷
এক কথাত এই গ্ৰহাণুটোৰ আকাৰ প্ৰায় এটা ৩৫ মহলীয়া ঘৰৰ সমান৷ ই অতি বেগেৰে শুক্ৰবাৰে পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব৷ যি গতিত ই পৃথিৱীৰ কাষলৈ আহিছে সেই গতিক লৈ চিন্তাত পৰিছে নাছাৰ বিজ্ঞানীমহল৷ যদি শেষপৰ্যন্ত গতি বঢ়াই নিজৰ কক্ষপথ পৰিবৰ্তন কৰে তেন্তে এই গ্ৰহাণুৰে পৃথিৱীক আঘাত কৰিব৷ এই আঘাত পৃথিৱীৰ বাবে অতি ভয়ংকৰ হব৷
শুকুৰবাৰে অৰ্থাৎ ১১ এপ্ৰিলৰ নিশা ৯ বাজি ৫ মিনিটত পৃথিৱীৰ কাষেৰে পৰা হব এই বিৰাট আকাৰৰ গ্ৰহাণুটো৷ পৃথিৱীৰ পৰা ১ মিলিয়ন দূৰেৰে পাৰ হৈ যাব এই গ্ৰহাণুটো৷ যি গতিত এই গ্ৰহাণুটো পাৰ হব তাত কিছু পৰিমানে পৃথিৱীৰ মধ্যাকৰ্ষণ শক্তিয়ে প্ৰভাৱ পেলাব৷
এই ধৰণৰ গ্ৰহাণুসমূহ সূৰ্যৰ এক অংশ৷ এইসমূহে সূৰ্যৰ পৰা বিচ্ছিন্ন হৈ ছায়াপথত ঘূৰি থাকে৷ তাৰ পৰাই ঘূৰি ঘূৰি বিভিন্ন গ্ৰহৰ কাষলৈ আহিব পাৰে৷ ইয়াৰোপৰি গ্ৰহৰ ওপৰত পৰিবও পাৰে৷ যদি পৃথিৱীক ই আঘাত কৰে তেন্তে এটা এটা পাৰমানৱিক বোমাৰ সমান ক্ষতি কৰিব পাৰে৷ ধূলিৰ দৰে গুৰি কৰি দিব পাৰে কেইবাখনো বৃহৎ চহৰক৷
কি ক্ষমতাৰে পৃথিৱীয়ে এই ধৰণৰ গ্ৰহাণুৰ পৰা নিজকে বচাই চলিছে সেই প্ৰশ্নও বহুতৰে মনলৈ আহে৷ তাৰ উত্তৰো নাছাই দিছে৷ পৃথিৱীৰ এনে শক্তি আছে যিয়ে বাহিৰৰ যিকোনো গ্ৰহাণুক বিপৰীত দিশলৈ ঠেলি দিবলৈ সক্ষম হয়৷ ইয়াৰ ফলত সহজে পৃথিৱীৰ দিশে আহিব নোৱাৰে যিকোনো গ্ৰহাণু৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ