ভাৰতত আইফোন তৈয়াৰক লৈ আমেৰিকাৰ প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পৰ সাম্প্ৰতিক মন্তব্য পোহৰলৈ অহাৰ পাছতেই বিভিন্ন জল্পনা আৰম্ভ হৈছে৷ ভাৰতত আইফোন তৈয়াৰৰ প্ৰক্ৰিয়া সঁচাকৈয়ে বন্ধ হ’ব নেকি সেই প্ৰশ্নও এতিয়া বহুতৰে মনলৈ আহিছে৷ কিন্তু চৰকাৰী সূত্ৰৰ খবৰ অনুসৰি, এই ধৰণৰ পৰিস্থিতি তৈয়াৰৰ সম্ভাৱনা খুবেই কম৷ সংবাদ সংস্থা পি টি আইৰ প্ৰতিবেদন অনুসৰি, ভাৰতত আইফোন তৈয়াৰত এপলে যি পৰিকল্পনা কৰিছে সেয়া সলনি কৰা নহয়৷ এই সম্পৰ্কে এগৰাকী আইফোন কৰ্তাই জনাইছে যে ভাৰতক অচিৰেই মোবাইল মেনুফেকচাৰিং হাব কৰি তোলাৰ বাবেহে তেওঁলোকে কাম কৰি আছে৷
কাটাৰলৈ গৈ ট্ৰাম্পে জনাইছে যে এপল কৰ্তা টিম কুকৰ সৈতে তেওঁৰ আলোচনা হৈছে৷ তাতেই ভাৰতত আইফোন নিৰ্মাণক লৈ কুকৰ ওচৰত অসন্তুস ব্যক্ত কৰাৰ কথাও তেওঁ জনাইছে৷ ট্ৰাম্পে জনাইছে যে বুধবাৰে কুকক তেওঁ কৈছিল, ‘মই জানিব পাৰিছো আপুনি ভাৰতত সামগ্ৰী তৈয়াৰ কৰিবলৈ লৈছে৷ মই নিবিচাৰো আপুনি ভাৰতত সামগ্ৰী তৈয়াৰ কৰক৷ ভাৰতে নিজৰ যত্ন নিজে লব পাৰে আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই৷’ আমেৰিকাই এপল আইফোন তৈয়াৰৰ হাব তৈয়াৰ কৰিব বুলিও দাবী কৰিছে ট্ৰাম্পে৷
ট্ৰাম্পৰ এই বক্তব্যৰ পাছত অৱশ্যে অফিচিয়েল কোনো বিবৃত্তি প্ৰকাশ কৰা নাই এপলে৷ কিন্তু পিটিআইৰ সূত্ৰৰ পৰা জনা গৈছে যে ট্ৰাম্পৰ মন্তব্যৰ পাছত এপলৰ শীৰ্ষস্থানীয় কৰ্তাসকলৰ সৈতে কথা হৈছে ভাৰতত কাম কৰি থকা শীৰ্ষ অধিকাৰীসকলৰ৷ এপল কৰ্তাসকলে জনাইছে যে ভাৰতত কৰা বিনিয়োগৰ সিদ্ধান্ত তেওঁলোকে কোনো কাৰণতে সলনি নকৰে৷ অৰ্থাৎ ভাৰতে যি হাৰত এপলত বিনিয়োগ বঢ়াইছে তেনে সময়ত উৎপাদনৰ কাম বন্ধ নকৰাৰ সিদ্ধান্তই এপলৰ শীৰ্ষ অধিকাৰীয়ে লৈছে৷
ভাৰতত মোবাইল তৈয়াৰৰ পৰিমাণ ক্ৰমে বাঢ়িছে৷ এপলেও বিগত কেইবা বছৰ ভাৰতত আইফোনৰ উৎপাদন বঢ়াইছে৷ এপলৰ মুঠ উৎপাদনৰ প্ৰায় ১৫ শতাংশ এতিয়া ভাৰততেই উৎপাদন হয়৷ বিগত অৰ্থবৰ্ষত ভাৰতত আইফোন তৈয়াৰৰ পৰিমাণ তাৰ আগৰ অৰ্থবৰ্ষৰ তুলনাত ৬০শতাংশ বৃদ্ধি পাইছে৷ ভাৰতৰ পৰা ৩০ লাখৰো বেছি আইফোন ৰপ্তানী কৰা হৈছে আমেৰিকালৈ৷ ট্ৰাম্পৰ ঘোষণা সত্ত্বেও এপলৰ আশ্বাসতেই এতিয়া স্বস্তিৰ নিশ্বাস লৈছে ভাৰতত আইফোন তৈয়াৰত কৰ্মৰত বহুসংখ্যক কৰ্মচাৰীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















