আগষ্ট মাহ আৰম্ভ হ’বলৈ মাজত মাত্ৰ কেইটামান দিন৷ জ্যোতিষ গণনা অনুসৰি দেখা গৈছে যে আগন্তুক মাহত উন্নতিৰে সকলোকে পিছপেলাব ৫ ৰাশিৰ জাতকে৷ আগষ্টত মিথুন ৰাশিত বৃহস্পতি আৰু শুক্ৰৰ মিলত গঠিত হব গজলক্ষ্মী ৰাজযোগ৷ ইয়াৰোপৰি ১১ আগষ্টত কৰ্কট ৰাশিত মাৰ্গী হব বুধ আৰু ১৬ আগষ্টত সূৰ্যই সিংহ ৰাশিত প্ৰৱেশ কৰিব৷ ২১ আগষ্টৰ পৰা কৰ্কট ৰাশিত শুক্ৰৰ গোচৰৰ ফলত গঠিত হব লক্ষ্মী নাৰায়ণ ৰাজযোগ৷ এই ৰাজযোগৰ প্ৰভাৱত আগন্তুক মাহত উজলিব ৫ৰাশিৰ সৌভাগ্য৷ জানি থওক আগষ্টত উন্নতিৰ যোগ আছে কোন কোন ৰাশিৰ ভাগ্যত?
মিথুন ৰাশি
আগষ্ট মাহত গজলক্ষ্মী ৰাজযোগৰ ভৰপুৰ সুফল পাব মিথুন ৰাশিৰ জাতকে৷ আগন্তুক মাহত আপোনাৰ জীৱনলৈ প্ৰেমৰ জোৱাৰ আহিব৷ পাৰ্টনাৰৰ সৈতে কৰোবালৈ ফুৰিবলৈ যাব পাৰে৷ চাকৰিয়ালেও বৃহৎ উন্নতি কৰাৰ যোগ আছে৷ কোনো ডাঙৰ কোম্পানীৰ পৰা চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷
কৰ্কট ৰাশি
আগন্তুক মাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ সুপ্ৰভাৱ বৰ্তি থাকিব কৰ্কট ৰাশিৰ জাতকৰ ওপৰত৷ এই সময়ত আপোনাৰ আৰ্থিক পৰিস্থিতি পূৰ্বতকৈ মজবুত হব৷ ব্যক্তিগত জীৱনতো সংগীৰ সৈতে ভাল সময় কটাব পাৰে৷ নিজৰ পৰিয়ালক আৰ্থিকভাৱে সহায় কৰিব পাৰে৷ প্ৰয়োজনত পৰিয়ালৰ কাষত থাকিব পাৰে৷ আপুনি মানসিক শান্তিও এই সময়ত লাভ কৰিব৷
তুলা ৰাশি
আগষ্ট মাহত নানান দিশৰ পৰা লাভৱান হব তুলা ৰাশিৰ জাতক৷ এই সময়ত পৰিয়াল আৰু সমাজত আপোনাৰ ভাৱমূৰ্তি উজ্জ্বল হব৷ নিজৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল পাব তুলা ৰাশিৰ জাতক৷ ভাল কামৰ বাবে অফিচত সকলোৰে পৰা প্ৰশংসা পাব৷ উপাৰ্জন বাঢ়িব আৰু সৃজনশীল কামত উৎসাহ পাব৷
ধনু ৰাশি
গজলক্ষ্মী ৰাজযোগৰ ফলত আগষ্টত ভাগ্য খুলিব ধনু ৰাশিৰ জাতকৰ৷ ধনু ৰাশিৰ সপ্তমত এই যোগ থকাত প্ৰচুৰ সম্পদ লাভ কৰিব আপুনি৷ অফিচত আপোনাৰ কাম দেখি মেনেজমেণ্ট সুখী হব আৰু আপোনাক নতুন কামৰ দায়িত্ব দিয়া হব৷ এই নতুন দায়িত্বই আপোনাৰ কেৰিয়াৰ প্ৰফাইলক মজবুত কৰিলেও প্ৰচুৰ পৰিশ্ৰম কৰি শৰীৰ বেয়াও হব পাৰে৷
মকৰ ৰাশি
আগষ্টত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ সুফল থাকিব মকৰ ৰাশিৰ জাতকৰ ওপৰত৷ এই সময়ত মাতৃৰ পৰা সম্পদ প্ৰাপ্তি হব পাৰে আপোনাৰ৷ উত্তৰাধিকাৰ সূত্ৰেও সম্পত্তি পাব পাৰে৷ মাতৃৰ সৈতে আপোনাৰ সম্পৰ্ক অত্যন্ত মধুৰ হব আগন্তুক মাহত৷ যিসকলে বেচৰকাৰী চাকৰি কৰে তেওঁলোকৰ দৰমহা বাঢ়িব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ