হিন্দুধৰ্মস সন্ন্যাসী জীৱনক মানৱ জীৱনৰ শ্ৰেষ্ঠ পৰ্যায় বুলি ধাৰণা কৰা হয়৷ জীৱনৰ কামনা বাসনা সম্পূৰ্ণভাৱে ত্যাগ কৰি মানুহে যেতিয়া নিজকে উপলব্ধি কৰাৰ কামত ব্ৰতী হয় তেতিয়াই তেওঁ সংসাৰ ত্যাগ কৰি সন্ন্যাসী জীৱন গ্ৰহণ কৰিব পাৰে৷ সন্ন্যাসীয়ে তেওঁলোকৰ গৃহী জীৱনৰ সৈতে সমস্ত সম্পৰ্ক ত্যাগ কৰে৷ কেৱল সেয়াই নহয়, পুৰণি জীৱনক সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ সন্ন্যাস লোৱাৰ পূৰ্বে নিজৰ শ্ৰাদ্ধও কৰিব লাগে৷ কিয় সন্ন্যাস লোৱাৰ পূৰ্বে নিজৰ শ্ৰাদ্ধ কৰাৰ ৰীতি প্ৰচলিত আছে?
জাগতিক মোহ মায়া ত্যাগ কৰা
সন্ন্যাসীসকলে কামনা বাসনা ত্যাগ কৰাৰ ওপৰিও শৰীৰৰ প্ৰতিও মোহ মায়া তেওঁলোকে ত্যাগ কৰে৷ সাধাৰণ মানুহে সকলোতকৈ বেছি ভালপায় নিজৰ শৰীৰক৷ শাৰীৰিক সুখ সুবিধাৰ বাবেই আমাৰ এই যাৱতীয় প্ৰচেষ্টা৷ এই মোহ ত্যাগ কৰিব পাৰিলেই সন্ন্যাসী জীৱনত ভৰি ৰখা সম্ভৱ৷ সেয়ে সন্ন্যাস লোৱাৰ পূৰ্বেই প্ৰতীকী শ্ৰাদ্ধ কৰাৰ ৰীতি আছে৷ ইয়াৰ অৰ্থ বস্তুগত আকৰ্ষণ ত্যাগ কৰি আত্ম উপলব্ধিয়ে প্ৰধান লক্ষ্য৷
অহংকাৰ দূৰ কৰা
মানৱ জীৱনৰ অন্যতম ডাঙৰ শত্ৰু হৈছে অহংকাৰ৷ অহংকাৰ দূৰ কৰিব নোৱাৰিলে পৰমাত্মাৰ সন্ধান লাভ সম্ভৱ নহয়৷ সন্ন্যাস লোৱাৰ পূৰ্বে সেয়ে অহংকাৰ সম্পূৰ্ণৰূপে ত্যাগ কৰা জৰুৰী৷ সন্ন্যাসীসকলৰ কাষত নিজৰ নাম, পৰিচয় আৰু জাগতিক সাফল্য সকলো তুচ্ছ৷ সেয়ে নিজৰ শ্ৰাদ্ধ কৰি নিজৰ ইগক দাহ কৰি সম্পূৰ্ণৰূপে বিসৰ্জন দিয়া হয়৷
মৃত্যুভয় দূৰ কৰা
সাধাৰণতে কাৰোবাৰ মৃত্যুৰ পাছত তেওঁৰ শ্ৰাদ্ধকৰ্ম কৰা হয়৷ সেয়ে শ্ৰাদ্ধৰ সৈতে মৃত্যু জড়িত৷ যেতিয়া কোনোৱে নিজৰ জীৱদ্দশাতেই নিজেই নিজৰ শ্ৰাদ্ধ কৰিছে তাৰমানে তেওঁ মৃত্যুভয়ৰ পৰা নিজকে মুক্ত কৰিছে৷ মৃত্যুয়েই আমাৰ চূড়ান্ত গন্তব্য সেয়া উপলব্ধি কৰিবলৈ সন্ন্যাস লোৱাৰ পূৰ্বে নিজৰ শ্ৰাদ্ধ কৰিব লাগে৷
জাগতিক বন্ধনৰ পৰা মুক্ত হোৱা
সন্ন্যাস লোৱাৰ পাছত আকৌ পৰিয়ালৰ প্ৰতি কোনো দায়বদ্ধতা নাথাকে৷ কাৰণ সেই ব্যক্তিৰ গৃহী জীৱনৰ সম্পূৰ্ণ অৱসান ঘটিছে৷ সেয়ে নিজৰ শ্ৰাদ্ধ কৰি নতুন জীৱনত ভৰি ৰাখিব পাৰে৷ সন্ন্যাস লোৱাৰ পাছত দণ্ড আৰু কৌপিন সম্বল কৰি পৰমাত্মাৰ অনুসন্ধানত ব্ৰতী হওক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















