কাইলৈ ১৮ নৱেম্বৰ ২০২৫ মঙলবাৰে চন্দ্ৰই তুলা ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে কাইলৈ আঘোণৰ কৃষ্ণা ত্ৰয়োদশী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব আয়ুষ্মান যোগ আৰু সৌভাগ্য যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব স্বাতী নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্রভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত মঙলবাৰ হৈছে বজৰংবলীৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?
মিথুন ৰাশি
কাইলৈ দিনটো উৎসাহ আৰু আত্মবিশ্বাসেৰে টগবগ কৰিব মিথুন ৰাশিৰ জাতকে৷ কাইলৈ আপুনি যি কামতেই হাত দিব তাতেই জয়লাভ কৰিব৷ সন্ধিয়া পুৰণি কেইবাজনো প্ৰিয় বন্ধুৰ সৈতে শুভ সময় কটাব৷ পৰিয়ালৰ সৈতে আপোনাৰ সম্পৰ্ক পূৰ্বতকৈ ভাল হ’ব৷
সিংহ ৰাশি
সৌভাগ্য যোগৰ প্ৰভাৱত কাইলৈ দিনটো সিংহ ৰাশিৰ জাতকৰ বাবে শুভ হ’ব৷ কাইলৈ ঘৰত কোনো আনন্দপূৰ্ণ অনুষ্ঠানৰ আয়োজন হব পাৰে৷ এই অনুষ্ঠানত পৰিয়ালৰ সকলো সদস্যই একেলগে দিনটো কটাব৷ নিজৰ প্ৰিয় মানুহৰ যত্ন ল’ব৷
বৃশ্চিক ৰাশি
কাইলৈ মঙলবাৰে আয়ুষ্মান যোগৰ প্ৰভাৱত সুখ আৰু সমৃদ্ধিপূৰ্ণ হ’ব বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত৷ ছাত্ৰছাত্ৰীসকলে কাইলৈ উচ্চশিক্ষাত বিশেষ সাফল্য লাভ কৰিব পাৰিব৷ শিক্ষকৰ কাষৰ পৰা প্ৰয়োজনীয় সহায় পাব৷ বিনিয়োগৰ পৰা মোটা আৰ্থিক লাভ হব পাৰে৷
ধনু ৰাশি
কুম্ভ ৰাশি
কাইলৈ কৃষ্ণা ত্ৰয়োদশীত দিনজুবি এনাৰ্জি থাকিব কুম্ভ ৰাশিৰ জাতকৰ৷ আপোনাৰ নেতৃত্বত সকলো কামতেই সফল হ’ব৷ আপোনাৰ উৎসাহ দেখি বিৰোধি পিছুৱাই যাব৷ চেষ্টা কৰিও আপোনাৰ কামত বাধা হ’ব নোৱাৰিব বিৰোধী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















