প্ৰেছিডেণ্ট নিকোলাছ মাদুৰো আৰু তেওঁৰ পত্নীক বন্দী কৰিছে আমেৰিকাই৷ ডোনাল্ড ট্ৰাম্পে নিজে জনাইছে যে তেওঁ ভেনিজুৱেলাৰ তেলৰ খনিসমূহত মুকলিকৈ হস্তক্ষেপ কৰিব৷ তাৰপিছতেই বিশ্বৰ ইন্ধনৰ বজাৰত আলোড়নৰ সৃষ্টি হৈছে৷ কেনেকৈ এখন স্বাধীন দেশৰ ৰাষ্ট্ৰপতিক বন্দী কৰিব পাৰে? কেনেকৈ ভেনিজুৱেলাৰ দৰে অন্য দেশৰ খনিজ সম্পদক কাঢ়ি লোৱাৰ চেষ্টা কৰিছে মাৰ্কিন চৰকাৰে? এনে বহু প্ৰশ্ন উঠিছে৷ কিন্তু কেৱল তেলৰ খনিয়েই নহয় আন্তৰ্জাতিক বিশেষজ্ঞৰ দাবী যে সোণৰ খনিও আছে ভেনিজুৱেলাত৷ আৰু সেয়াও হস্তগত কৰাৰ চেষ্টা চলাইছে ডোনাল্ড ট্ৰাম্পে৷
ভেনিজুৱেলাত আছে সোণৰ ভাণ্ডাৰ৷ সেই দেশৰ দক্ষিণাঞ্চলৰ বিশাল অংশত আছে বনাঞ্চল আৰু সমভূমি৷ এই সকলো এলেকাৰ মাটিৰ তলত আছে সোণ৷ ইয়াৰ নাম পাললিক সোণ৷ নদী, সমভূমি বা বনাঞ্চলৰ তলত জমা হৈ থাকে এই পাললিক সোণ৷ সেই শিল ক্ষয় হলে জলশ্ৰোতৰ মাধ্যমেৰে বাহিত আৰু সঞ্চিত হয়৷ খনিসমূহ সাধাৰণতে নদী বা স্ৰোতৰ তলদেশত থাকে৷ পেনিং পদ্ধতিৰ মাধ্যমেৰে সেয়া সংগ্ৰহ কৰা হয়৷
ভেনিজুৱেলাৰ গায়ানা শিণ্ডত Archean Imataca Complex gneisses আৰু Proterozoic greenstone belt আছে৷ তাতেই মজুত আছে সোণ৷ সকলোমিলি সংগ্ৰহ কৰিব পৰা সোণৰ পৰিমাণ প্ৰায় ১০ হাজাৰ টন৷ মেটাভলকেনিক আৰু মেটাছডিমেণ্ট শিলাস্তৰত ২০০তকৈয়ো বেছি সোণৰ খনিৰ সন্ধান বৰ্তমানলৈকে পোৱা গৈছে৷ ইয়াৰোপৰি বলিভাৰত চোকো ১০ৰ মতে অঞ্চল আছে৷ তাতেই বিপুল সোণ মজুত আছে৷ এই সোণ অত্যন্ত দামী৷ এই সোণ ওঠোৱাৰ পাছত যাৰ ৭০ৰ পৰা ৮০ বিশুদ্ধ থাকে৷
ইয়াৰোপৰি ভেনিজুৱেলাৰ গায়ানা শিল্ডে টিন, টাংষ্টেন, টানটালাম আৰু বিৰল ধাতু মজুত আছে৷ সেই দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি হুগো ছেভেজে ঘোষণা কৰিছিল৷ ভেনিজুৱেলাৰ হাতত আছে Blue Goldৰ খনি৷ তাৰ বাবে এই এলেকাত ১৫,০০০ৰক্ষী মোতায়েন কৰিছিল৷ ছেভেজৰ মৃত্যুৰ তিনি বছৰ পাছত তেওঁৰ উত্তৰসূৰী নিকোলাছ অৰিনোকো মাইনিং জোন অধ্যাদেশ স্বাক্ষৰ কৰে৷ আমেৰিকাৰ প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পৰ দাবী, মাদুৰোক তেওঁ বন্দী কৰাৰ উদ্দেশ্য হ’ল ভেনিজুৱেলাত গণতন্ত্ৰ প্ৰতিষ্ঠা আৰু তেলৰ ওপৰত নিয়ন্ত্ৰণ৷ কিন্তু আন্তৰ্জাতিক বিশেষজ্ঞৰ একাংশই ধাৰণা কৰিছে তেলৰ খনিৰ ওপৰিও সোণৰ খনিও দখল কৰিব খুজিছে ট্ৰাম্পে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















