টি-২০ বিশ্বকাপ জিকাৰ পাছতেই ঘৰমুৱা হৈছে শিৱম ডুবে৷ সকলো ক্ৰিকেটাৰেই বিশ্বকাপ জয়ৰ আনন্দ উদযাপন কৰি থকাৰ মাজতে শিৱম ডুবেই মনে মনে ঘৰমুৱা হোৱাৰ যাত্ৰাক লৈ চলিছে চৰ্চা৷ চাৰি বছৰীয়া সন্তান আয়ান আৰু দুবছৰীয়া কন্যা মেহউইছক লগ পাবলৈ উত্ৰাৱল হৈ পৰিছিল শিৱম৷ সেয়ে সকলো বিধি ভাঙি তেওঁ মনে মনেই ঘৰলৈ যাত্ৰা কৰে৷ দেওবাৰে নিশা আহমেদাবাদৰ পৰা মুম্বাইলৈ ট্ৰেইনতেই যাত্ৰা কৰে শিৱমে৷ মুম্বাইলৈ যাবলৈ তেওঁৰ নাছিল কোনো টিকটো৷ ফ্লাইটৰ টিকটো কৰিবলৈ টিকট বুক হোৱা নাছিল৷ সেয়ে ছদ্মবেশেৰে ট্ৰেইনতেই ঘৰলৈ যোৱাৰ সিদ্ধান্ত লয় শিৱমে৷ ঘৰ উভতাৰ সেই কাহিনী ইণ্ডিয়ান এক্সপ্ৰেছৰ আগত দাঙি ধৰিছে শিৱমে৷
বিশ্বকাপ ফাইনেল চাবলৈ আহমেদাবাদলৈ গৈছিল তেওঁৰ পত্নী অঞ্জুমা আৰু এজন বন্ধু৷ কিন্তু সন্তানক ঘৰতেই এৰি থৈ গৈছিল৷ ডুবেই কয়, ‘কোনো বিমানৰ টিকট নাছিল৷ সেয়ে ঠিক কৰিলো সোমবাৰে পুৱাই আহমেদাবাদৰ পৰা মুম্বাইলৈ ট্ৰেইনেৰেই যাম৷ অৱশ্যে ৰাজপথেৰেও যাব পাৰিলোহেতেন৷ কিন্তু সময় বহুত বেছি লাগে৷ আহমেদাবাদৰ পৰা মুম্বাই ট্ৰেইনত ৬ ঘণ্টা ৩০ মিনিটৰ পৰা ৭ ঘণ্টা সময় লাগে৷ সেয়ে ট্ৰেইনেই উত্তম ভাৱি ললো৷ মোৰ এই সিদ্ধান্ত শুনি সকলো অবাক হৈ পৰিছিল৷ বহুতে সতৰ্কও কৰিছিল৷ মই সিদ্ধান্তত অটল৷ মোৰ পত্নী আৰু বন্ধুয়ে মিলি থাৰ্ড এচিৰ টিকট বুক কৰিলে৷ কিন্তু মোৰ পৰিয়ালৰ সকলো চিন্তিতও হৈ পৰিছিল৷ তেওঁলোকে বাৰে বাৰে কৈছিল তোমাক ষ্টেচনলৈ আহোতেই সকলোৱে চিনি পাব অসুবিধাত পৰিবা৷’
ডুবেইৰ ছদ্মবেশ
ডুবেইয়ে জনাইছে যে কেইঘণ্টা পূৰ্বে বিশ্বকাপ জিকি এনেকৈ ট্ৰেইনৰে উভটাত সমস্যা আহিছিল৷ সেয়ে তেওঁ এক পৰিকল্পনা কৰে৷ ছদ্মবেশত তেওঁ যাত্ৰা কৰিব৷ সেয়ে এটা টুপি আৰু মাস্ক পৰিধান কৰি লয়৷ হাত দীঘল টি-ছাৰ্ট পৰিধান কৰে৷ পুৱা ৫.১০ মিনিটত ট্ৰেইন আছিল তেওঁৰ৷ প্লেটফৰ্মত ইমান পুৱাই বেছি ভিৰ নাথাকিব বুলিয়েই তেওঁ ষ্টেচনত তেনেকৈ উপস্থিত হয়৷ কিন্তু ডুবেইৰ এই ধাৰণা ভুল প্ৰমাণিত হয়৷ কাৰণ বিশ্বকাপৰ ফাইনেল চাই বহু দৰ্শকে ট্ৰেইন ধৰিবলৈ আগৰে পৰাই সেই ষ্টেচনত ভিৰ কৰি আছিল৷ বেছিভাগেই ভাৰতীয় দলৰ জাৰ্ছি পিন্ধি তাত ৰৈ আছিল৷ তেতিয়াও উল্লাস চলিয়েই আছিল৷ সেয়ে শেষ মুহূৰ্তত ডুবেইয়ে নিজে ষ্টেচনলৈ অহা বাহনত বহি থাকি পত্নী আৰু বন্ধুক ট্ৰেইনত উঠিবলৈ কয়৷ তেওঁ ট্ৰেইন এৰাৰ ৫ মিনিট আগত গৈ উঠে৷
ট্ৰেইনত উঠি ওপৰৰ বাৰ্থত শুই পৰে ডুবেই৷ কোনোৱে তেওঁক চিনিব নোৱাৰিলে৷ কিন্তু পাছত অন্য এক চিন্তাত পৰে ডুবেই৷ ডুবেইয়ে কয়, ‘ট্ৰেইনত অৱশ্যে কোনো সমস্যা নহ’ল৷ মই এবাৰ বাৰ্থৰ পৰা নামি শৌচাগাৰলৈকো যাও৷ কোনোৱে চিনিব নোৱাৰিলে৷ কিন্তু মোৰ মনত আন এক চিন্তা আহে৷ বোৰিভল্লিত যেতিয়া নামিম তেতিয়া দিন হৈ পৰিব৷ তাত সকলোৰে চকুৰ পৰা লুকাই যোৱা সম্ভৱ নহ’ব৷ সেয়ে বাধ্য হৈ বোৰিভল্লি পোৱাৰ আগতেই আৰক্ষীৰ সৈতে যোগাযোগ কৰো৷ প্ৰথমে আৰক্ষীয়ে ভাৱিছিল মই এয়াৰপৰ্টত নামিম৷ যেতিয়া কলো ষ্টেচনত নামিম তেতিয়া সকলো অবাক হৈ যায়৷ পাছত আৰক্ষীৰ পহৰাৰ মাজত ষ্টেচনৰ পৰা বাহিৰলৈ ওলাও৷’
উল্লেখ কৰা প্ৰয়োজন যে টি-২০ বিশ্বকাপত ভাৰতৰ জিকোৱাত ডাঙৰ ভূমিকা আছে ডুবেইৰ৷ ৩৯ গড় আৰু ১৬৯ ষ্ট্ৰাইক ৰেটত ২৩৫ ৰান কৰিছে তেওঁ৷ ১৭ ছিক্স আৰু ১৫ টা ফ’ৰো কোবাইছে৷ গুৰুত্বপূৰ্ণ কিছু ইনিংছো খেলিছে৷ ইডেনত ভাৰতক ছেমিফাইনেলত তুলিবলৈ শেষৰ ফালে ডুবেইৰ দুটাকৈ ফ’ৰ কামত লাগিছে৷ ছেমিফাইনেল আৰু ফাইনেলতো ভাল ইনিংছ খেলিছে তেওঁ৷ বুজাই দিছে ভাৰতৰ টি-২০ দলত তেওঁৰ গুৰুত্ব কিমান৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















