বৰ্তমান সময়ত মোবাইল ফোন আৰু ইণ্টাৰনেট আমাৰ দৈনন্দিন জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। শিশুসকলৰ বয়স বাঢ়ি অহাৰ লগে লগে পঢ়া-শুনা, অনলাইন ক্লাছ আৰু বন্ধু-বান্ধৱৰ সৈতে যোগাযোগৰ বাবে মোবাইলৰ প্ৰয়োজন হয়। বহু সময়ত আনক দেখি শিশুৱে নিজৰ বাবেও ফোন বিচাৰে। এনে অৱস্থাত অভিভাৱকৰ মনত এটা সাধাৰণ প্ৰশ্ন উঠে—শিশুক প্ৰথম মোবাইল ফোন কিমান বয়সত দিয়া উচিত
শিশুসকলক মোবাইল ফোন কিমান বয়সত দিয়া উচিত?

দৰাচলতে শিশু বা কিশোৰ-কিশোৰীক ফোন দিয়াৰ সিদ্ধান্ত কেৱল বয়সৰ ওপৰত নিৰ্ভৰ কৰা উচিত নহয়। কিশোৰ-কিশোৰী কিমান দায়িত্বশীল, নিয়ম মানে নে নাই আৰু স্ক্ৰীন টাইম নিয়ন্ত্ৰণ কৰিব পাৰে নে নাই, সেয়াও সমানে গুৰুত্বপূৰ্ণ। কিয়নো শিশুক ফোন দিয়াৰ কোনো নিৰ্দিষ্ট বয়স নাই। শিশুক প্ৰথম ফোন দিয়াৰ বাবে কোনো নিৰ্দিষ্ট বা সঠিক বয়স নিৰ্ধাৰিত নাই। তথাপি, যেতিয়া কিশোৰ বা কিশোৰী মাধ্যমিক বা উচ্চ মাধ্যমিক স্তৰত, অৰ্থাৎ প্ৰায় ১৬ৰ পৰা ১৮ বছৰৰ ভিতৰত উপনীত হয়, তেতিয়া ফোন দিয়াটো অধিক উপযুক্ত বুলি ধৰা হয়। এই বয়সত যোগাযোগ, সুৰক্ষা আৰু বিভিন্ন দৈনন্দিন কামৰ বাবে মোবাইল ফোনৰ প্ৰয়োজনীয়তা বৃদ্ধি পায়।
ফোন দিয়াৰ আগতে এই বিষয়বোৰ লক্ষ্য কৰা উচিত—
শিশুটোৱে নিয়ম-কানুন মানে নে নাই। অনলাইন জগতৰ বিপদসমূহৰ বিষয়ে সজাগ নে নহয়। পঢ়া-শুনা, টোপনি, খেল-ধেমালি আৰু অন্যান্য কামৰ সৈতে ফোন ব্যৱহাৰৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে নে নাই। বৰ্তমান সময়ত শিশুৱে ৰীলছ, গেম আৰু ছ’চিয়েল মিডিয়াত অত্যাধিক সময় কটায়, যাৰ ফলত পঢ়া-শুনা আৰু দৈনন্দিন ৰুটিনত বেয়া প্ৰভাৱ পৰে। সেয়ে ফোন দিয়াৰ পিছতো অভিভাৱকে সময় সময়ে শিশুৰ অনলাইন কাৰ্যকলাপৰ ওপৰত নজৰ ৰখা উচিত।
শিশুক ফোন দিয়াৰ সময়ত বুজাই দিবলগীয়া গুৰুত্বপূৰ্ণ নিয়মসমূহ
১. নিজৰ ঠিকনা, বিদ্যালয়ৰ নাম, পাছৱৰ্ড বা অন্য ব্যক্তিগত তথ্য কেতিয়াও অনলাইনত আনক নিদিবলৈ শিকাওক।
২. মোবাইল আৰু প্ৰযুক্তিৰ সঠিক আৰু দায়িত্বশীল ব্যৱহাৰ শিকাওক।
৩. গোপনীয়তা (Privacy) ছেটিংছৰ গুৰুত্ব বুজাই দিয়ক আৰু অচিনাকি লোকৰ সৈতে কথা পাতিবলৈ নিদিব।
৪. দৈনিক স্ক্ৰীন টাইমৰ সীমা নিৰ্ধাৰণ কৰক আৰু পঢ়া-শুনা, খেল-ধেমালি আৰু টোপনিৰ সৈতে সমতা বজাই ৰাখিবলৈ উৎসাহিত কৰক।
৫. চাইবাৰ বুলিং (Cyberbullying) সম্পৰ্কে সচেতন কৰক আৰু কিবা অসুবিধাজনক বা সন্দেহজনক ঘটনা ঘটিলে লগে লগে অভিভাৱকক জনাবলৈ কওক।
৬. অচিনাকি এপ ডাউনল’ড কৰা বা সন্দেহজনক লিংকত ক্লিক কৰাৰ পৰা বিৰত থাকিবলৈ শিকাওক।
৭. অনলাইনত কথা-বতৰা পাতোঁতে ভদ্ৰতা আৰু আনৰ প্ৰতি সন্মান বজাই ৰখাৰ শিক্ষা দিয়ক।
৮. ঘৰখনত এনে এটা বন্ধুত্বপূৰ্ণ পৰিৱেশ সৃষ্টি কৰক, যাতে শিশুৱে ভয় নোপোৱাকৈ নিজৰ সমস্যা, ভুল বা উদ্বেগ অভিভাৱকৰ সৈতে ভাগ-বতৰা কৰিব পাৰে।
শিশুক মোবাইল ফোন দিয়াটো কেৱল বয়সৰ বিষয় নহয়; ইয়াত শিশুৰ মানসিক পৰিপক্বতা, দায়িত্ববোধ আৰু সুৰক্ষাৰ বিষয়সমূহো জড়িত থাকে। সঠিক দিশ-নিৰ্দেশনা আৰু নিয়মৰ মাজেৰে ফোন ব্যৱহাৰ শিকালে মোবাইল শিশুৰ বাবে উপকাৰী শিক্ষামূলক মাধ্যম হিচাপে গঢ় লৈ উঠিব পাৰে।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ