শিক্ষক-শিক্ষয়িত্ৰী আৰু শিশু ছাত্ৰৰ মাজত ভাল যোগাযোগ থাকিলেহে শিক্ষণ পদ্ধতি উন্নত হয় আৰু শিশু শিক্ষাৰ্থীয়ে পাঠ্যক্ৰমৰ সকলো জ্ঞান আয়ত্ত কৰি লব পাৰে। শিক্ষক-শিক্ষয়িত্ৰীৰ বাবে শিশু শিক্ষাৰ্থীক শিকোৱাটোৱেই সবাটোকৈ কঠিন কাম বুলি ধৰা হয়। কিয়নো শিশু শিক্ষাৰ্থীক শিকাবলৈ শিক্ষক বা শিক্ষয়িত্ৰীগৰাকীৰ পাঠ্যক্ৰমৰ জ্ঞানৰ উপৰিও শিক্ষণৰ বিশেষ কলা থাকিব লাগে। কিন্তু বাৰাণসীৰ পাণ্ডেপুৰ অঞ্চলত এগৰাকী শিক্ষয়িত্ৰীয়ে নাৰ্চাৰী শ্ৰেণীৰ এটি শিশুৰ সৈতে নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম কৰি চৰ্চালৈ আহিছে।
নিষ্ঠুৰতাৰ সকলো সীমা অতিক্ৰম শিক্ষয়িত্ৰীৰ
শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰথমে এটি শিশুক প্ৰস্ৰাৱ কৰিবলৈ অনুমতি নিদিয়াত শিশু ছাত্ৰজনে উপায়ন্তৰবিহীন হৈ পেণ্টতে প্ৰস্ৰাৱ কৰিবলৈ বাধ্য হয়। শিশুমনেনো জানে কি? ইয়াতেই ক্ষুব্ধ হৈ শিক্ষয়িত্ৰী বাইদেৱে অগ্নিশৰ্মা হৈ জ্ঞানশূন্য হৈ পৰে আৰু শিশু ছাত্ৰক এটা অন্য কোঠালৈ নি জুইৰে চো*কা অ*স্ত্ৰ গৰম কৰি শিশুটিৰ গো*পন অং*গ জ্ব*লাই দিয়ে। শিক্ষয়িত্ৰীৰ পা*ষৱিক কাণ্ডৰ ইয়াতে অন্ত নপৰিল, ইয়াতেই ক্ষান্ত নহল বাইদেউ। ইয়াৰ পিছতো শিশুটিক মাৰপিট কৰি থাকিল শিক্ষয়িত্ৰীগৰাকীয়ে।
শিক্ষয়িত্ৰী আৰু স্কুল কৰ্তৃপক্ষৰ বিৰুদ্ধে গোচৰ
অসুস্থ শিশুটিয়ে ঘৰলৈ উভতি গৈ পিতৃ-মাতৃৰ আগত ঘটনাৰ বিষয়ে সকলো বিৱৰি কোৱাত তেওঁলোক স্তম্ভিত হৈ পৰে। ইয়াৰ কাৰণ সোধা-পোছা কৰিবলৈ পিতৃয়ে বিদ্যালয়ৰ সৈতে যোগাযোগ কৰিছিল যদিও সন্তোষজনক উত্তৰ নাপালে। ইতিমধ্যে ঘটনা সন্দৰ্ভত শিশুটিৰ পিতৃ-মাতৃয়ে ৰুজু কৰিছে গোচৰ। শিশুটিৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত শিক্ষয়িত্ৰী, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আৰু অধ্যক্ষৰ বিৰুদ্ধে আইপিচিৰ ১১৫(২), ১১৮(১), আৰু ৩৫১(২) ধাৰাত গোচৰ ৰুজু কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















