বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ বাংলো ‘মন্নাত’ত দুডাল সাপ উদ্ধাৰ হোৱাৰ খবৰটোৱে ব্যাপক চৰ্চা লাভ কৰিছে। উল্লেখ্য যে নাগ পঞ্চমীৰ দিনাই শ্বাহৰুখ খানৰ বাংলোত দুডালকৈ সাপ উদ্ধাৰ হোৱাৰ খবৰটোৱে ব্যাপকভাৱে চৰ্চা লাভ কৰাৰ পিছতে বাৰিষাৰ সময়ত ঘৰত সাপ সোমোৱাৰ আশংকাক লৈ বহু লোক চিন্তিত হৈ পৰিছে। সাধাৰণতে বাৰিষাৰ সময়ত গাঁত বা মাটিৰ তলত পানী জমা হোৱাৰ ফলত সাপ, বিচ্ছু আদি জীৱই শুকান আৰু নিৰাপদ ঠাই বিচাৰি আৱাসিক এলেকালৈ আহিব পাৰে। এনে সময়ত ঘৰখন পৰিষ্কাৰ কৰি ৰখাৰ লগতে সাপৰ প্ৰৱেশ ৰোধ কৰিবলৈ কিছুমান ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰি। যোগগুৰু কৈলাস বিষ্ণোই সামাজিক মাধ্যমত শ্বেয়াৰ কৰা এটা ঘৰুৱা উপায়ত পিঁয়াজ আৰু নহৰু ব্যৱহাৰ কৰি স্প্ৰে তৈয়াৰ কৰাৰ কথা উল্লেখ কৰা হৈছে।
কেনেকৈ বনাব এই ঘৰুৱা স্প্ৰে?
এই স্প্ৰে বনাবলৈ মূলতঃ দুটা উপাদানৰ প্ৰয়োজন—পিঁয়াজ আৰু নহৰু। প্ৰথমে পিঁয়াজ আৰু নহৰু সমান পৰিমাণত লৈ অলপ পানীৰ সৈতে মিক্সাৰ বা গ্ৰাইণ্ডাৰত ভালদৰে পিহি ল’ব লাগে। তাৰ পিছত মিশ্ৰণটোত আৰু অলপ পানী দি পাতল কৰি ল’ব। প্ৰস্তুত কৰা দ্ৰৱটো মিহি কাপোৰ বা চালনীৰে ভালদৰে চেকি ল’ব লাগে, যাতে পিঁয়াজ আৰু নহৰুৰ ডাঙৰ কণাবোৰ আঁতৰি যায়। ইয়াৰ পিছত তৰলখিনি এটা পৰিষ্কাৰ স্প্ৰে বটলত ভৰাই ব্যৱহাৰ কৰিব পাৰি। দ্ৰৱটো ভালদৰে চেকি লোৱাটো গুৰুত্বপূৰ্ণ, নহ’লে স্প্ৰে বটলৰ নজেল বন্ধ হৈ যাব পাৰে।
ক’ত স্প্ৰে কৰিব?
ঘৰত সাপ বা অন্যান্য জীৱ-জন্তু সোমোৱাৰ আশংকা থকা ঠাইত এই দ্ৰৱ স্প্ৰে কৰাৰ কথা কোৱা হৈছে। বিশেষকৈ— ঘৰৰ মূল দুৱাৰৰ ফ্ৰেমৰ ওচৰত, খিৰিকীৰ তলত, নলাৰ কাষত, ষ্ট’ৰ ৰুমত, আলমাৰী বা বিচনাৰ তলৰ আন্ধাৰ ঠাইত, বেৰৰ ফাট বা সৰু গাঁতৰ ওচৰত। বাৰিষাৰ সময়ত বৰষুণৰ পিছত এই ধৰণৰ ঘৰুৱা দ্ৰৱৰ গোন্ধ কমি যাব পাৰে। সেয়ে প্ৰয়োজন অনুসৰি মাজে মাজে স্প্ৰে কৰি থাকিব লাগে।
ঘৰৰ চৌপাশ পৰিষ্কাৰ ৰখাটো অতি গুৰুত্বপূৰ্ণ
কেৱল কোনো স্প্ৰেৰ ওপৰত নিৰ্ভৰ নকৰি ঘৰৰ আশে-পাশে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখাটো অধিক গুৰুত্বপূৰ্ণ। জোপোহা, দীঘল ঘাঁহ আৰু জাবৰ-জোঁথৰ নিয়মিতভাৱে আঁতৰাই ৰাখিব লাগে। বেৰৰ ফাট, গহ্বৰ বা ঘৰৰ ভিতৰলৈ যোৱাৰ আশংকা থকা সৰু সুৰুঙাবোৰো বন্ধ কৰি ৰাখিব লাগে। ইয়াৰ লগতে ঘৰত নিগনি আৰু পোক-পৰুৱাৰ উপদ্ৰৱ কমাব লাগে। কাৰণ এইবোৰ বহু সময়ত সাপৰ বাবে খাদ্যৰ উৎস হৈ পৰে। দুৱাৰ আৰু খিৰিকীত মিহি জাল লগোৱাও সাপ আৰু অন্যান্য জীৱ-জন্তুৰ প্ৰৱেশ ৰোধ কৰাৰ এটা ব্যৱহাৰিক উপায়।
গুৰুত্বপূৰ্ণ সতৰ্কতা: পিঁয়াজ-নহৰুৰ স্প্ৰেই সাপ নিশ্চিতভাৱে খেদি পঠিয়াব বুলি বৈজ্ঞানিকভাৱে নিশ্চিত তথ্য নাই। সাপ দেখা পালে নিজে ধৰা বা খেদিবলৈ চেষ্টা নকৰি স্থানীয় সাপ উদ্ধাৰকাৰী বা প্ৰশিক্ষিত ব্যক্তিৰ সহায় লোৱাটোৱেই নিৰাপদ। শিশুসকলকো সাপৰ পৰা আঁতৰত ৰাখিব লাগে।
disclaimer: এই লেখাত উল্লেখ কৰা ঘৰুৱা স্প্ৰে’ৰ দাবীসমূহ সামাজিক মাধ্যমৰ ভিডিঅ’ আৰু ইণ্টাৰনেটত প্ৰকাশিত তথ্যৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। ইয়াৰ ফলপ্ৰসূতা সম্পৰ্কে বৈজ্ঞানিকভাৱে নিশ্চিত প্ৰমাণ নথকাৰ বাবে ইয়াক নিশ্চিত বা গেৰাণ্টিযুক্ত সমাধান হিচাপে গ্ৰহণ কৰা উচিত নহয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















