• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

2 hours ago
দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

25 seconds ago
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

1 hour ago
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

3 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

4 hours ago
সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

সোণ নে ৰূপ? কোনবিধ ধাতুৱে সলাব ভাগ্য জানক

4 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG Refill EMI: EMI ত উপলব্ধ হ’ব গেছ চিলিণ্ডাৰ! দিব লাগিব মাত্ৰ ১০০ টকা, সুবিধা কেনেকৈ পাব?

5 hours ago
Bank Holidays: ২ দিনৰ বাবে বন্ধ থাকিব বেংক, শীঘ্ৰে সম্পূৰ্ণ কৰক সকলো কাম!

Saturday Bank Holiday Claim: মাহৰ প্ৰতিটো শনিবাৰে থাকিব বেংক বন্ধ? চৰকাৰে প্ৰকাশ কৰিলে সত্য…

5 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

7 hours ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

7 hours ago
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন

9 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

সপোনে মেলিব ডেউকা, আজি কোন ৰাশিৰ কেনে যাব দিনটো?

10 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি

এটা বছৰ সম্পূৰ্ণ হোৱাৰ ক্ষণত আড়ম্বৰপূৰ্ণ অনুষ্ঠানৰ আয়োজন।

editor by editor
October 5, 2026
in অসম, বিবিধ, ৰাজনীতি, লেখা
0
হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ এটা বছৰ সম্পূৰ্ণ, দিলে বহু প্ৰতিশ্ৰুতি
0
SHARES
40
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এটা বছৰ সম্পূৰ্ণ হ’ল হাগ্ৰামা মহিলাৰীৰ বিটিচি পৰিষদৰ! কোকৰাঝাৰৰ বডোফা নগৰত উখল-মাখল পৰিৱেশ। হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিটিচি পৰিষদে সম্পূৰ্ণ কৰিলে এবছৰ। বিটিচি পৰিষদৰ প্ৰথম বৰ্ষপূৰ্তিক কেন্দ্ৰ কৰি কোকৰাঝাৰৰ বডোফা নগৰত সৃষ্টি হৈছে উৎসৱমুখৰ পৰিৱেশ। বিটিচি সচিবালয়ৰ প্ৰাংগণত আয়োজন কৰা হৈছে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠান।

প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানক লৈ বিটিচি প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে। এই বিশেষ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য (CEM) তুলিৰাম ৰংহাঙো উপস্থিত থাকিব বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তিয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰিব।

মুখ্যমন্ত্ৰীৰ শুভেচ্ছা

বিটিচি পৰিষদৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে মুখ্যমন্ত্ৰীয়ে CEM হাগ্ৰামা মহিলাৰী আৰু বিটিচি পৰিষদলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। পৰিষদৰ আগন্তুক দিনৰ কাম-কাজ অধিক সফল আৰু জনমুখী হোৱাৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰা হৈছে।

প্ৰথম বৰ্ষপূৰ্তিৰ এই অনুষ্ঠানক কেৱল উদযাপন হিচাপে নহয়, বিটিচি অঞ্চলৰ উন্নয়নমূলক কাম-কাজৰ পৰ্যালোচনা আৰু ভৱিষ্যৎ পৰিকল্পনাৰ এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপেও বিবেচনা কৰা হৈছে।

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধিক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি

বৰ্ষপূৰ্তি অনুষ্ঠানৰ অংশ হিচাপে দতমাত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধিক্ষেত্ৰতো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। CEM হাগ্ৰামা মহিলাৰীৰ লগতে বিটিচিৰ কাৰ্যবাহী সদস্য (EM) আৰু পাৰিষদসকলে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ সমাধিক্ষেত্ৰত উপস্থিত হৈ পুষ্পাঞ্জলি অৰ্পণ কৰিব। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ অৱদানক স্মৰণ কৰি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে বিটিচি অঞ্চলৰ উন্নয়নৰ বাবে নতুন সংকল্প গ্ৰহণ কৰা হ’ব।

বডোফা নগৰত নতুন নিৰ্মাণকাৰ্যৰ আধাৰশিলা

প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে বডোফা নগৰত কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰা হ’ব। ইয়াৰ ভিতৰত হেলিপেড আৰু EMসকলৰ আৱাসগৃহৰ আধাৰশিলা স্থাপন অন্যতম। এই প্ৰকল্পসমূহে বিটিচি সচিবালয় আৰু প্ৰশাসনিক ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লগতে ভৱিষ্যতে প্ৰশাসনিক কাম-কাজ সুচাৰুৰূপে পৰিচালনাত সহায় কৰিব বুলি আশা কৰা হৈছে।

ভূমিহীন পৰিয়ালক মাটিৰ পট্টা, বিতৰণ হ’ব আৰ্থিক সাহায্য

বৰ্ষপূৰ্তিৰ অনুষ্ঠানত বিটিচি চৰকাৰে ভূমিহীন পৰিয়ালৰ বাবেও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব। অনুষ্ঠানত ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰা হ’ব। ইয়াৰ ফলত দীৰ্ঘদিন ধৰি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ থকা বহু পৰিয়ালে সকাহ লাভ কৰাৰ সম্ভাৱনা আছে। লগতে আৰ্থিক সাহায্যই প্ৰয়োজনীয় লোকসকলক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰতো সহায় কৰিব বুলি আশা কৰা হৈছে।

বিটিচি পৰিষদৰ এবছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে কোকৰাঝাৰৰ বডোফা নগৰত এতিয়া উৎসৱমুখৰ পৰিৱেশ। আড়ম্বৰপূৰ্ণ অনুষ্ঠানক লৈ প্ৰশাসন আৰু দলীয় কৰ্মীসকলৰ মাজতো ব্যাপক উৎসাহ দেখা গৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?
ভাৰত

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

October 5, 2026
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!
অসম

মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

October 5, 2026
অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল
অসম

অসমত বান্দৰ ধৰি হওক লাখপতি! বনবিভাগে আৰম্ভ কৰিব লোকপিয়ল

October 5, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, চাকৰি আৰু ব্যৱসায়ত সুবিধা লাভ কৰিব ৫টা ৰাশি

October 5, 2026
Next Post
মা দুৰ্গাৰ আশীৰ্বাদ ল’বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

মা দুৰ্গাৰ আশীৰ্বাদ ল'বলৈ কাটিব লাগিব টিকট, গুৱাহাটীৰ এইখন পূজা মণ্ডপে দিব সুকীয়া অভিজ্ঞতা!

দায়িত্বৰ পৰা আঁতৰোৱা হ’ব নেকি জ্ঞানেশ কুমাৰক?

দায়িত্বৰ পৰা আঁতৰোৱা হ'ব নেকি জ্ঞানেশ কুমাৰক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.