অসম লাইভ ২৪: ম্যানমাৰৰ শৰণাৰ্থীক ভাৰতত প্ৰৱেশ নিষিদ্ধ কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে মণিপুৰ চৰকাৰে। ইতিমধ্যে ৰাজ্যখনৰ সীমান্তৱৰ্তী ৫খন জিলাৰ আয়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰিছে মণিপুৰ চৰকাৰে। কেৱল গুৰুতৰভাৱে আহত ম্যানমাৰৰ নাগৰিকক মানৱীয়তাৰ খাতিৰত চিকিৎসাৰ বাবে ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়াৰ অনুমতি প্ৰদানৰ কথা উল্লেখ কৰিছে পত্ৰত। লগতে শৰণাৰ্থীসকলৰ বাবে সাহায্য শিবিৰ আৰু খাদ্য সামগ্ৰীৰ যোগানৰ ক্ষেত্ৰতো বাধা আৰোপ কৰিছে চৰকাৰে। ম্যানমাৰত গনতন্ত্ৰক বৰ্জন কৰি ফেব্ৰুৱাৰীত সেনাই শাসনভাৰ লোৱাৰ পিছৰ পৰাই অশান্তজৰ্জৰ ম্যানমাৰৰ পৰা শংকিত নাগৰিকৰ সোঁত বৈছে মণিপুৰলৈ। মণিপুৰৰ গৃহ সচিবে প্ৰকাশ কৰা এক বিবৃতি অনুসৰি ফেব্ৰুৱাৰীৰ পৰা বৰ্তমানলৈকে সহস্ৰাধিক শৰণাৰ্থীৰ আগমন ঘটিছে। শতাধিক লোকক বিতাড়িত কৰা হৈছে মণিপুৰৰ পৰা। অৱশ্যে অনুপ্ৰৱেশকাৰী একাংশ লোকে বৰ্তমান চুবুৰীয়া গাঁওসমূহত বসবাস কৰি থকাৰ খবৰ উলাইছে। স্থানীয় বেচৰকাৰী সংগঠনসমূহে তেওঁলোকক সহায় সহযোগিতা আগবঢ়োৱাৰো খবৰ বিয়পি পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















