কালি গধূলি ব’ম্বেৰ পৰা ফৈয়া দা-চূজাই অসমৰ বানপানীৰ বিষয়ে আলোচনা কৰিবলৈ কেইজনমান মানুহৰ লগত জুমৰ যোগেদি কথা পাতিছিল৷ মোকো তেওঁলোকে লৈছিল৷ মোৰ লগত যোগাযোগটো কৰি দিছিল ৰিনুস্মৃতাই৷ বিষয়টো আছিল বানপানী৷ আলোচনাত বান সাহায্যৰ কাম কৰা বেচৰকাৰী সংগঠন কেইটামানৰ প্ৰতিনিধিৰ লগতে মোত বাহিৰে অসমৰ পৰা আছিল সুশান্ত তালুকদাৰ আৰু শ্যামকানু মহন্ত৷ অসমৰ বানপানীৰ বিষয়ে আলোচনা কৰিবলৈ কিবা নতুন কথা আছেনে? সেই একেই কথা নহয় জানো? ইমান হাজাৰ গাঁও ক্ষতিগ্ৰস্ত হৈছে, ইমান লাখ মানুহ বানৰ কবলত পৰিছে, ইমান সা-সম্পত্তি, ঘৰ-দুৱাৰ, খেতি-পথাৰ বানত নষ্ট হৈছে৷ কিমান পোহনীয়া জীৱ-জন্তু, গৰু-ম’হ বানত উটি গৈছে! কাজিৰঙাৰ কিমান ক্ষতি হৈছে, ইত্যাদি ইত্যাদি৷ প্ৰতিবছৰে বাৰিষা আমি বাতৰি কাকত আৰু টেলিভিচনত এই বাতৰিবোৰ পাই থকা নাইনে? এইবোৰ আমাৰ কাৰণে একঘেঁয়ে খবৰ নহয়নে?
আচলতে বানপানীত দুটা কথা হয়- এটা বিপদ আৰু আনটো সুযোগ৷ যিবোৰ ঠাইত বানপানী হয়, আমি নিজে ভুক্তভোগী নহ’লে কোনোপধ্যেই সেই ঠাইৰ মানুহবোৰৰ দুখ-দুৰ্গতি বুজি নাপাওঁ৷ পোৱাটো অসম্ভৱ৷ আমাৰ কাৰণে বানপানী এটা আমনি লগা খবৰ৷ তেওঁলোকৰ কাৰণে বানপানী জীৱনৰ যাতনা৷ আমাৰ কাৰণে সেইবোৰ মাথোঁ পৰিসংখ্যা৷ তেওঁলোক নিজে সেই পৰিসংখ্যা৷ কিমান যুগ যুগ ধৰি অসমত চলি আহিছে এই বানপানী? আচলতে বানপানী আগতে চলচলীয়া আছিল৷ তলমল আছিল৷ তেতিয়া বানপানীয়ে ইমান তল-ওপৰ কৰা নাছিল৷ যেতিয়ালৈ প্ৰকৃতি অক্ষত আছিল তেতিয়ালৈ বানৰ উপদ্ৰৱ কম আছিল৷ ক’বলৈ গ’লে তেতিয়া বান বছৰীয়া উৎসৱৰ দৰে আছিল৷ ঢল আহিছিল৷ ঢল বাগৰি গৈছিল৷ পথাৰত পলশ পৰিছিল৷ মাছ-পুঠি চৌদিশে উভৈনদী হৈছিল৷ কিন্তু যেতিয়াই প্ৰকৃতিৰ ক্ষতি হ’বলৈ ধৰিলে, আমি উন্নয়নৰ ধ্বজা উৰুৱাবলৈ আৰম্ভ কৰিলোঁ, বানৰো বান্ধ ছিগিল৷ বান বলীয়া হ’বলৈ আৰম্ভ কৰিলে৷ আমি যিমানেই বানক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলোঁ, সিমানেই বান বেছিকৈ অনিয়ন্ত্ৰিত হ’বলৈ ধৰিলে৷ বানক আমি অবুজ, আৱতৰীয়াও কৰি পেলালোঁ৷ তেনে কৰি কৰি আমি এটা মহান আৱিষ্কাৰ কৰিলোঁ৷ হাৰে, বানচোন খীৰতী গাই, বানচোন সোণৰ কণী দিয়া হাঁহ! বানচোন এক সুবৰ্ণ সুযোগ! বানক লৈ কিমান সপোন দেখিব পাৰি! কিমান প্ৰকল্প তৈয়াৰ কৰিব পাৰি? বানক লৈ নতুন নতুন বিয়াগোম অনুষ্ঠান কৰিব পাৰি৷ কোটি কোটি টকাৰ আঁচনি প্ৰস্তুত কৰিব পাৰি৷ গতিকে বান আমি জীয়াই ৰাখিব লাগিব, যেনেতেনে প্ৰকাৰে বান জীয়াই থাকিব লাগিব৷ বান নহ’লেচোন সকলো শেষ হ’ব! গতিকে বান নিয়ন্ত্ৰণ নহয়, বান অনিয়ন্ত্ৰিত কৰি ৰাখিব লাগিব৷ তেতিয়াহে বাবুভায়াসকল, মন্ত্ৰী, এম এল এ, অভিযন্তা, ঠিকাদাৰৰ ভঁৰাল ভৰিব৷
কালি মই এই কথাখিনিকে ক’লোঁ৷ মই ইমান নেতিবাচক আৰু নিৰুৎসাহী মানুহ নহওঁ৷ কিন্তু অসমৰ বান সমস্যাৰ সমাধানৰ বাবে আপুনি আজি উৎসাহেৰে কিবা কথা ক’ব পাৰিবনে? নাই, নাই আমি অমুক কৰিম, আমি ভচুক কৰিম৷ আমি ইমান টকাৰ আঁচনি কৰিম৷ ইমান বছৰৰ ভিতৰত আমি অসমৰ বান সমস্যাৰ সমাধান কৰিম৷ আমি এনেকুৱা এখন সৰ্বঢাক আঁচনি তৈয়াৰ কৰিম! কোনোবাই এই কথাবোৰ ক’লে আপুনি মনোযোগেৰে শুনিবনে? সেই কথাবোৰ আপুনি গুৰুত্বসহকাৰে ল’বনে? পৰিস্থিতিটো এনেকুৱা যে আজি যদি আপুনি কাৰোবাৰ মুখত সেই কথাবোৰ শুনে, তেন্তে আপোনাৰ ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ তৈয়াৰ কৰা আঁচনিখনলৈ মনত নপৰিবনে? মইতো ভাবোঁ, ইমানৰ পিছতো তেনে আঁচনিৰ কথা ক’বলৈ মানুহৰ দম লাগিব৷ আপোনাৰ মোৰ দৰে মানুহে তেনে কথা ক’ব নোৱাৰো কিন্তু! অঁ, এটা প্ৰজাতিয়ে পাৰিব৷ সেইটো হ’ল শাসকীয় ৰাজনীতি কৰা মানুহ৷ কিন্তু মনত ৰাখিব মানুহৰ দুখ-কষ্টবোৰ, ক্ষয়-ক্ষতিবোৰ বাস্তৱ৷ সেইবোৰ দেখিলে আপোনাৰ চকু চলচলীয়া হ’ব! তাতে এতিয়া এই ক’ৰোনাৰ সময়ত!
(পৰেশ মালাকাৰ ৰাজ্যৰ এগৰাকী জনপ্ৰিয় নিবন্ধকাৰ)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ