আকৌ এবাৰ অসমৰ চাহ প্ৰায় লাখ টকাৰ দৰলৈ উঠিছে৷ মনোহৰী চাহৰ পিছত এইবাৰ অসমৰ গ’ল্ডেন পাৰ্ল চাহে প্ৰায় লাখৰ ঘৰ স্পৰ্শ কৰিছে৷
গুৱাহাটী চাহ নিলাম কেন্দ্ৰ(GTAC)ত এইবাৰ উজনি অসমৰ নাহৰচুকবাৰী চাহ বাগিচাৰ গ’ল্ডেন পাৰ্ল চাহে প্ৰতি কিলোগ্ৰামত ৯৯,৯৯৯ টকাৰ মূল্যত বিক্ৰী হৈছে৷
এই মূল্য স্পৰ্শৰে গ’ল্ডেন পাৰ্ল চাহে অসমৰে মনোহৰী গ’ল্ডেন চাহে কেই সপ্তাহমান পূৰ্বে গঢ়া অভিলেখক স্পৰ্শ কৰিছে৷
উল্লেখ্য যে যোৱা ডিচেম্বৰ মাহত GTACত ডিব্ৰুগড়ৰ মনোহৰী গ’ল্ড চাহে প্ৰতি কিলোগ্ৰামত সৰ্বাধিক অভিলেখসংখ্যক ৯৯,৯৯৯ টকা মূল্যত বিক্ৰী হৈ সৰ্বাকালৰ অভিলেখ ভংগ কৰিছিল৷
শেহতীয়াকৈ GTACত জিটিএচি পাৰ্কন(ইণ্ডিয়া) প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানটোৱে বিক্ৰী কৰা অসমৰ গ’ল্ডেন পাৰ্ল চাহে উক্ত অভিলেখ ভংগ কৰিব নোৱাৰিলেও স্পৰ্শ কৰিছে৷
২০১৮ চনত নুৰ আলম খান, ইমৰাণ খান আৰু আছলাম খানে প্ৰতিষ্ঠা কৰা নাহৰচুকবাৰী চাহৰ কাৰখানাত এই চাহ উৎপাদন কৰা হৈছে৷ মাত্ৰ তিনিটা বছৰৰ পূৰ্বে প্ৰতিষ্ঠা কৰা কাৰখানাটো ডিব্ৰুগড়ৰ লোহোৱালৰ বিমানবন্দৰৰ সমীপত অৱস্থিত৷
কাৰখানাটোত উৎপাদিত গ’ল্ডেন পাৰ্ল চাহে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ৯৯,৯৯৯ টকাৰ মূল্য স্পৰ্শ কৰাত কাৰখানাটোৰ স্বত্বাধিকাৰসকল উৎফুল্লিত হৈ পৰিছে৷
অনাগত দিন তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা চাহপাত সংগ্ৰহ কৰি অসমৰ সৰ্বশ্ৰষ্ঠ চাহ উৎপাদন কৰাৰ সংকল্প লৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ