এগৰাকী হিন্দু যুৱতীক কেইজমান মুছলমান যুৱকে যৌন আতিশয্য চলোৱা বুলি ভুৱা অভিযোগ উত্থাপনেৰে দুটা সম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টিৰ পৰিকল্পনা কৰাৰ অভিযোগত বৰপেটাৰ ভেল্লাৰ ৰাজু ওজা নামৰ এজন পোৰ্টেলৰ সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে বৰপেটা আৰক্ষীয়ে।
উল্লেখ্য যে বৰপেটা জিলাৰ বাতিকুৰিহাৰ এগৰাকী যুৱতীয়ে দুদিনমান পুৰ্বে সন্ধিয়া সময়ত কালজাহি নামৰ গাঁও এখনলৈ ফুৰিবলৈ গৈ এখন দোকানৰ পৰা চিপচ কিনি থকাৰ সময়তে ছয়-সাতজন যুৱকে যুৱতীগৰাকীক দোকানৰ ভিতৰলৈ নি যৌন আতিশয্য চলোৱা বুলি এক ভুৱা অভিযোগেৰে বৰপেটা সদৰ থানাত এজাহাৰ দাখিল কৰিছিল।
Current Trend Assam নামৰ এটা প’ৰ্টেলৰ সাংবাদিক ৰাজু ওজা আৰু তেওঁৰ ভাতৃ জিন্টু ওজা আছিল এই সমগ্ৰ ষড়যন্ত্ৰৰ মাষ্টাৰ মাইণ্ড। জানিব পৰা মতে পূৰ্বৰ পৰাই কালজাহি গাঁৱৰ একাংশ লোকৰ সৈতে ৰাজু ওজা আৰু তেওঁৰ ভাতৃ জিন্টু ওজাৰ পুৰণি শত্ৰুতা আছে।
লগতে পঢ়ক যৌন সম্পৰ্কৰ পাছত ৪৮ ঘণ্টালৈকে লাভ কৰা যায় বিভিন্ন উপকাৰ? এই উপকাৰসমূহ কি কি?
সেই শত্ৰুতাৰ পোতক তুলিবলৈ গৈয়ে কালজাহি গাঁৱৰ কেইজমান যুৱকক যৌন আতিশয্য চলোৱাৰ দৰে ভুৱা অভিযোগেৰে এই ভয়ংকৰ ষড়যন্ত্ৰ ৰচিছিল সাংবাদিক ৰাজু ওজা আৰু তেওঁৰ ভাতৃ জিন্টু ওজাই।
ৰাজু ওজা আৰু জিণ্টু ওজাৰ চক্ৰান্ত অনুসৰিয়েই বাটিকুৰিহাৰ যুৱতীগৰাকীয়ে বৰপেটা সদৰ থানাত দাখিল এজাহাৰ কৰিছিল।
যুৱতীগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ঘটনা সম্পৰ্কে তদন্ত কৰাৰ পিছত প্ৰকৃত ৰহস্য পোহৰলৈ আহে৷ আৰক্ষীৰ মতে ৰাজু ওজা আৰু জিন্টু ওজাই ৰচনা কৰা ষড়যন্ত্ৰৰ ভিত্তিতে যুৱতীগৰাকীয়ে যৌন আতিশয্য চলোৱাৰ ভুৱা অভিযোগ তুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।
লগতে পঢ়ক প্ৰেমিকৰ পকেটৰ পৰা কণ্ডমৰ ৰচিদ উদ্ধাৰ, প্ৰেমিকক গুলীয়াই হত্যা মহিলা আৰক্ষী বিষয়াৰ
ইয়াৰ পাছতে বৰপেটা আৰক্ষীয়ে বৰপেটা সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ (বি), ১৫৩ (এ) আৰু ১৯৫ ধাৰাৰ অধীনত ৯৩৮/২২ নম্বৰত নিজাববীয়াকৈ এটি গোচৰ ৰজু কৰে আৰু সোচ-পোছৰ অন্তত ৰাজু ওজাক গ্ৰেপ্তাৰ কৰে।
বুধবাৰে আৰক্ষীয়ে অভিযুক্ত ৰাজু ওজাক বৰপেটাৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায় আদালতে ৰাজু ওজাক ৬ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। আনহাতে ৰাজু ওজাৰ ভাতৃ জিন্টু ওজা সম্প্ৰতি পলাতক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ