বাবা ভংগাৰ ভৱিষ্যদ্বাণী- ম্যানমাৰৰ ভূমিকম্প সঁচা প্ৰমাণিত, আৰু কি কি
বিশ্বজুৰি বিশেষভাৱে চৰ্চিত এগৰাকী মহিলা, যাৰ ভৱিষ্যদ্বাণী বহু কেইটা সঁচা প্ৰমাণিত হৈছে। প্ৰকৃত নাম ভেঞ্জেলিয়া পাণ্ডেভা গাষ্টেৰ’ভা। যদিও সকলোৱে তেওঁক বাবা ভংগা বুলি চিনি পায়। তেওঁৰ ভৱিষ্যদ্বাণী কৰাৰ ক্ষমতাই বাৰে বাৰে বিশ্ববাসীক আচৰিত কৰি তুলিছে।
৯/১১ৰ আক্ৰমণৰ পৰা আৰম্ভ কৰি ৰাজকুমাৰী ডায়েনাৰ মৃত্যুলৈকে, চেৰ্নোবিল দুৰ্যোগৰ পৰা আৰম্ভ কৰি ব্ৰেক্সিটলৈকে তেওঁৰ ভৱিষ্যদ্বাণী আখৰে আখৰে সত্য বুলি প্ৰমাণিত হৈছে।
কিছুদিন পূৰ্বে ম্যানমাৰত সংঘটিত হোৱা ভূমিকম্পৰ সন্দৰ্ভতো বাবা ভংগাই সতৰ্কবাণী দিছিল। তেওঁৰ অনুগামীসকলৰ মতে, বাবা ভাঙাই পূৰ্বে ২০২৫ চনৰ আৰম্ভণিতে এটা বৃহৎ ভূমিকম্প হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছিল।
এই ভৱিষ্যদ্বাণী সঁচা হোৱাৰ পিছত তেওঁৰ বিষয়ে পুনৰ আলোচনা আৰম্ভ হৈছে। কাৰণ তেওঁ আন কেইবাটাও ভৱিষ্যদ্বাণী কৰিছিল ২০২৫ চন সন্দৰ্ভত।
বাবা ভাংগাৰ মতে, ২০২৫ চনত সমগ্ৰ ইউৰোপতে যুদ্ধ আৰম্ভ হ’ব। বিশ্বীয় অৰ্থনৈতিক মন্দাৱস্থা আৰম্ভ হ’ব। আনকি ৫০৭৯ চনত মানৱ সভ্যতা ধ্বংস হ’ব আৰু ইয়াৰ আৰম্ভণি ২০২৫ চনত হ’ব বুলিও কৈছিল বাবা ভাংগাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















