বাংলাদেশত এতিয়া সংকটত হিন্দু, সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে হিন্দুৰ ওপৰত কৰা শিহৰণকাৰী দৃশ্য
৪ আগষ্ট দেওবাৰে সমগ্ৰ বাংলাদেশত প্ৰতিবাদৰ সময়ত হিংসাত্মক পৰিস্থিতি বৃদ্ধি পোৱাত ইস্ককন আৰু কালি মন্দিৰকে ধৰি হিন্দু ঘৰ-মন্দিৰক বিশেষভাৱে লক্ষ্য কৰি লোৱা হৈছে। যাৰ ফলত ৰংপুৰৰ হিন্দু কাউন্সিলাৰ কাজল ৰয়কে ধৰি প্ৰায় ১০০ জন লোকৰ মৃত্যু হয়। বাংলাদেশৰ তীব্ৰ অশান্তিৰ মাজতে সোমবাৰে পদত্যাগ কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ।
বিষয়াসকলৰ মতে, তীব্ৰ প্ৰতিবাদৰ বাবে হাছিনাই ভগ্নীৰ সৈতে ঢাকা এৰি “নিৰাপদ স্থান”লৈ পলায়ন কৰে। বিতৰ্কিত চৰকাৰী চাকৰি কোটা ব্যৱস্থাৰ ফলত হাছিনাৰ পদত্যাগৰ দাবীত ব্যাপক বিক্ষোভৰ পিছতে এই পদত্যাগ। প্ৰতিবাদ আৰু হতাহতি প্ৰথম অৱস্থাত চাকৰি কোটা ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰা এই প্ৰতিবাদত প্ৰায় ৩০০ লোকৰ মৃত্যু হৈছে।
https://x.com/gbensouss/status/1820559268653019417
বিক্ষোভকাৰীসকলে হাছিনাৰ পদত্যাগৰ আহ্বান জনাই আহিছে আৰু অশান্তিৰ বাবে হিংসাত্মক সংঘৰ্ষ আৰু উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে। বাতৰি অনুসৰি হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰীৰ ৰাজপ্ৰসাদত আক্ৰমণ কৰি সংকট আৰু অধিক তীব্ৰতৰ কৰি তুলিছে।
এই অশান্তিৰ পাছতে দেওবাৰে সন্ধিয়া ৬ বজাৰ পৰা আৰম্ভ হোৱা অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰিছিল আৰু অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে সকলো প্ৰতিষ্ঠান বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল। বিক্ষোভ আৰম্ভ হোৱাৰ পিছত এই সংঘৰ্ষৰ অন্যতম মাৰাত্মক দিন। শৃংখলা ঘূৰাই আনিবলৈ সৈন্য নিয়োগ কৰা হৈছিল আৰু সজীৱ গোলাবাৰুদ ব্যৱহাৰ নকৰাৰ প্ৰতিশ্ৰুতি মানি চলি ভিৰক ছত্ৰভংগ দিবলৈ শূণ্যলৈ কেইবাজাই গুলী চলোৱা দেখা গৈছিল।
https://x.com/nabilajamal_/status/1820425551674478875
এই সকলোবোৰৰ মাজতে এতিয়া দুস্কৃতিকাৰীয়ে হিংসাক সাম্প্ৰদায়িক কৰি তুলিছে। ফেচবুক, টুইটাৰ, ইউটিউবৰ দৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ব্লক কৰা হৈছে। তাৰ মাজতে এক্স হেণ্ডেলত ভাইৰেল হৈ পৰিছে কিছুমান শিহৰণকাৰী দৃশ্য। হিন্দু লোকৰ বাসগৃহত প্ৰৱেশ কৰি আক্ৰমণ কৰাৰ লগতে সামাজিক স্থলতো হিন্দু লোকক আটক কৰি গণপ্ৰহাৰ। বৰ্তমানে সুৰক্ষিত নহয় বাংলাদেশত থকা হিন্দু লোক।
https://x.com/RealBababanaras/status/1820477514609033351
ইতিমধ্যে বহু হিন্দু লোক পয়ালন কৰিছে উত্তপ্ত বাংলাদেশৰ পৰা। বহু ছাত্ৰ-ছাত্ৰী উত্তৰ-পূৱৰ সীমান্তইদি ভাৰতত প্ৰৱেশ কৰিছে। ভাৰত চৰকাৰেও বাংলাদেশত আৱদ্ধ ভাৰতীয় লোকৰ বাবে জৰুৰীসেৱা মুকলি কৰিছে। ভাৰতৰ ফালৰ পৰা বাংলাদেশত বসবাস কৰা নাগৰিকসকলক যোগাযোগত থাকিবলৈ আৰু সজাগ হৈ থাকিবলৈ কোৱা হৈছে। ছাত্ৰ-ছাত্ৰীকে ধৰি ভাৰতীয়সকলক জৰুৰীকালীন অৱস্থাত +৮৮-০১৩১৩০৭৬৪০২ হেল্পলাইন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ভাৰতীয় প্ৰশাসনৰ ফালৰ পৰা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ