ঠিকাদাৰৰ পৰা মাত্ৰ ১ শতাংশ কমিছন বিচৰা কেবিনেট সতীৰ্থক বৰ্খাস্ত কৰাৰ পিছত গ্ৰেপ্তাৰ কৰি দেশজুৰি চৰ্চা লাভ কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে৷
উল্লেখ্যে মংগলবাৰে পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী বিজয় চিংলাই ঠিকাদাৰৰ পৰা ১ শতাংশ কমিছন বিচৰাৰ অভিযোগত মুখ্যমন্ত্ৰী ভগৱন্ত মানে মন্ত্ৰীত্ব পদৰ পৰা বৰ্খাস্ত কৰে৷ ইয়াৰ পিছতে সমগ্ৰ দেশত আম আদমি পাৰ্টিৰ আৰু ভগৱন্ত মানৰ দুৰ্নীতি বিৰোধী স্থিতিয়ে চৰ্চা লাভ কৰিছে৷
ইয়াৰ মাজতে আম আদমি পাৰ্টিৰ মুখ্য আহ্বায়ক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভগৱন্ত মানৰ দুৰ্নীতি বিৰোধী ভূমিকাই চকুলো নিগৰাই দিয়া বুলি আপৰ মুখ্য আহ্বায়ক কেজৰিৱালে সদৰী কৰিছে৷
লগতে পঢ়ক কুতুব মিনাৰত নিষিদ্ধ নামাজ! চলিব নেকি খনন কাৰ্য? কি ক’লে চৰকাৰে?
দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে, ‘‘আপোনাক লৈ গৌৰৱ কৰিছো।’’
উল্লেখ্য যে আম আদমী পাৰ্টীৰ মুৰব্বী অৰবিন্দ কেজৰিৱালেও ২০১৫ চনত দুৰ্নীতিৰ অভিযোগত তেওঁৰ এজন মন্ত্ৰীক বৰ্খাস্ত কৰিছিল।
ইফালে দুমাহ নৌহওঁতেই আপৰ নিজৰ এগৰাকী সতীৰ্থ মন্ত্ৰীক দুৰ্নীতিৰ অভিযোগত বৰ্খাস্ত কৰাৰ লগতে গ্ৰেপ্তাৰ কৰি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে দেশৰ ৰাজনীতিতো চাঞ্চল্যৰ সৃষ্টি কৰিছে।
লগতে পঢ়ক সঁচাকৈ বিষ্ণু পুৰাণৰ ভৱিষ্যদ্বাণী সত্য প্ৰমাণিত হৈছে নেকি? কিয় হৈছে মহাপ্ৰলয়?
‘‘এটা গোচৰ মোৰ জ্ঞাত হৈছিল, মোৰ চৰকাৰৰ এজন মন্ত্ৰীয়ে প্ৰতিটো নিবিদাৰ বাবে ১% কমিছনৰ দাবী কৰিছিল। মই ইয়াক অতি গুৰুত্বসহকাৰে লৈছিলো। কোনেও নাজানিছিল, মই বিচৰা হ’লে ইয়াক কাৰ্পেটৰ তলত ব্ৰাছ কৰিব পাৰিলোহেঁতেন। কিন্তু তেওঁ মোক বিশ্বাস কৰা লোকসকলৰ আস্থা ভংগ কৰিছে।’’ এটা ভিডিঅ’ মেছেজত মুখ্যমন্ত্ৰী মানে কয়।
আনকি এক শতাংশ দুৰ্নীতিও সহ্য কৰা নহ’ব বুলিও প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ভগৱন্ত মানে। ‘‘বহু আশাৰে জনসাধাৰণে আপ চৰকাৰক ভোট দিছে, আমি তাক পালন কৰিব লাগিব। যেতিয়ালৈকে ভাৰত মাতৃৰ অৰবিন্দ কেজৰিৱালৰ দৰে পুত্ৰ আৰু ভগৱন্ত মানৰ দৰে সৈনিক থাকিব তেতিয়ালৈকে দুৰ্নীতিৰ বিৰুদ্ধে মহাযুদ্ধ চলি থাকিব।’’ তেওঁ লগতে আৰু কয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















