• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গৰমত শীতল পানীয় খাইছেনে? কেনেকৈ কোকা কোলাৰ সৈতে জড়িত হৈ আছে গৃহযুদ্ধৰ আঘাত! কোলা ৱাইনৰ পৰা কেনেকৈ নাম ল’লে কোকা কোলা?

গৰমত শীতল পানীয় খাইছেনে? কেনেকৈ কোকা কোলাৰ সৈতে জড়িত হৈ আছে গৃহযুদ্ধৰ আঘাত! কোলা ৱাইনৰ পৰা কেনেকৈ নাম ল’লে কোকা কোলা?

1 year ago
WhatsAppত আহিল এই নতুন সুবিধা!

WhatsAppত আহিল এই নতুন সুবিধা!

20 minutes ago
বিলাস ইন কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল! ভবাতকৈও নৃ*শংস আছিল ঘাতক ঘনকান্ত?

বিলাস ইন কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল! ভবাতকৈও নৃ*শংস আছিল ঘাতক ঘনকান্ত?

52 minutes ago
হাৰ্ডিক পাণ্ডিয়াক লৈ জল্পনা-কল্পনাৰ অন্ত নেকি? MIত একেলগে খেলিব অৰ্শ্বদ্বীপ-বুমৰাহ!

হাৰ্ডিক পাণ্ডিয়াক লৈ জল্পনা-কল্পনাৰ অন্ত নেকি? MIত একেলগে খেলিব অৰ্শ্বদ্বীপ-বুমৰাহ!

1 hour ago
‘অনিৰ্দিষ্টকাললৈ প্ৰতিবাদস্থলী দখলৰ অধিকাৰ কাৰোৱেই নাই’

‘অনিৰ্দিষ্টকাললৈ প্ৰতিবাদস্থলী দখলৰ অধিকাৰ কাৰোৱেই নাই’

2 hours ago
টাইগাৰ শ্ৰফৰ পিছত এইবাৰ এইজন তাৰকালৈ প্ৰাণনাশৰ ভাবুকি

টাইগাৰ শ্ৰফৰ পিছত এইবাৰ এইজন তাৰকালৈ প্ৰাণনাশৰ ভাবুকি

2 hours ago
এইবাৰ জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে ‘ভোট চুৰি’ৰ অভিযোগ!

এইবাৰ জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে ‘ভোট চুৰি’ৰ অভিযোগ!

3 hours ago
কাইলৈ নাথাকে বিদ্যুৎ! উৎকট গৰমৰ মাজতে বিদ্যুৎ বিভাগৰ আচৰিত সিদ্ধান্ত

শীঘ্ৰে বৃদ্ধি পাব বিদ্যুৎ মাচুল, আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

4 hours ago
অসমীয়া জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, পৰিছে শোকৰ ছাঁ!

অসমীয়া জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, পৰিছে শোকৰ ছাঁ!

5 hours ago
তামিলনাডুত ‘বিজয়’ৰ ৰাজ! অভিনেতাৰ পৰা মুখ্যমন্ত্ৰীলৈ থালাপতি বিজয়ৰ যাত্ৰা

মহিলাসকললৈ দীপাৱলীৰ উপহাৰ, ১১০০ কোটি টকাৰ কল্যাণমূলক সাহায্য!

5 hours ago
শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!

ধনতেৰছৰ পূৰ্বে ঘটিব মহাজাগতিক পৰিঘটনা, সলনি হ’ব জীৱন!

6 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

CJM আদালতৰ নিৰ্দেশ, জে’ললৈ প্ৰেৰণ হোটেল বিলাস ইন ঘটনাৰ মূল অভিযুক্ত ঘনকান্তক

6 hours ago
নৱেম্বৰ মাহত কপাল ফুলিব ৩ ৰাশিৰ, হোৰাহোৰে বাঢ়িব বেংক বেলেঞ্চ!

নৱেম্বৰ মাহত কপাল ফুলিব ৩ ৰাশিৰ, হোৰাহোৰে বাঢ়িব বেংক বেলেঞ্চ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, November 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গৰমত শীতল পানীয় খাইছেনে? কেনেকৈ কোকা কোলাৰ সৈতে জড়িত হৈ আছে গৃহযুদ্ধৰ আঘাত! কোলা ৱাইনৰ পৰা কেনেকৈ নাম ল’লে কোকা কোলা?

গৰমত শীতল পানীয় খাইছেনে? কেনেকৈ কোকা কোলাৰ সৈতে জড়িত হৈ আছে গৃহযুদ্ধৰ আঘাত! কোলা ৱাইনৰ পৰা কেনেকৈ নাম ল’লে কোকা কোলা?

editor by editor
May 28, 2025
in জীৱনশৈলী
0
গৰমত শীতল পানীয় খাইছেনে? কেনেকৈ কোকা কোলাৰ সৈতে জড়িত হৈ আছে গৃহযুদ্ধৰ আঘাত! কোলা ৱাইনৰ পৰা কেনেকৈ নাম ল’লে কোকা কোলা?
0
SHARES
369
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

তাপমাত্ৰা বাঢ়িবলৈ ধৰাৰ বাবে গ্ৰীষ্মৰ পূৰ্বেই বজাৰত উপলব্ধ হৈছে ঠাণ্ডা পানীয়৷ প্ৰতিযোগিতাৰ বজাৰত ঠাণ্ডা পানীয়সমূহ নিজৰ মাজতেই চলাইছে যুদ্ধ৷ খুবেই জনপ্ৰিয় এবিধ ঠাণ্ডা পানীয় হৈছে কোকা কোলা৷ ঠাণ্ডা পানীয় প্ৰেমীৰ কাষত খুবেই পৰিচিত কোক নামেৰে৷ ইয়াৰ আৱিষ্কাৰক আছিল ষ্টিথ পেম্বাৰটন৷ পেম্বাৰটন আছিল এগৰাকী মাৰ্কিন সেনা অফিচাৰ৷ যুদ্ধৰ ময়দানতেই জন্ম পানীয় কোকৰ৷ সেয়া আছিল ১৮৬৫ চনৰ এপ্ৰিল মাহত৷ আমেৰিকাৰ গৃহযুদ্ধৰ সময়ত মাৰাত্মকভাৱে আঘাতপ্ৰাপ্ত হৈছিল পেম্বাৰটন৷ ফলত বেচ কিছুদিন তেওঁ হাস্পতালত আছিল৷

এসময়ত হাস্পতালৰ পৰা তেওঁ মুক্ত হয়৷ কিন্তু তেওঁৰ বুকুৰ ঘা তেতিয়াও শুকোৱা নাছিল৷ সেই জখম লৈয়েই তেওঁ ঘৰলৈ উভতে৷ ফলত ঘৰত থাকিও পংগু জীৱন পেম্বাৰটনৰ৷ অসহ্য যন্ত্ৰণাত বিছনাত শুই ছটফটাই আছিল পেম্বাৰটন৷ নিজেই বিচাৰিবলৈ আৰম্ভ কৰিছিল নানান উপায়৷

জন আছিল পেছাত এজন ড্ৰাগিষ্ট আৰু চিকিৎসক৷ ফলত ৰসায়নৰ বিভিন্ন বিষয় আছিল তেওঁৰ নখদৰ্পণত৷ কেৱল সেয়াই নহয় ঘৰত আছিল সৰুসুৰা গৱেষণাগাৰো৷ তাতেই বিভিন্ন ৰাসায়নিক সামগ্ৰী লৈ দিনে নিশাই তেওঁ পৰীক্ষা চলাইছিল৷ বিভিন্ন ঔষধৰ ওপৰত তেওঁ পৰীক্ষা চলাইছিল৷ কিন্তু যুদ্ধৰ ফলত সকলোবোৰ তচনচ হৈ পৰে৷

 যুদ্ধই ৰোগীয়া কৰে জনকো৷ বিচনাত পৰি পৰি শেষ দিনত আৰু বিষ সহ্য কৰিব নোৱাৰি  নিজক লৈয়েই পৰীক্ষা আৰম্ভ কৰে জনে৷ নিজে কৰা কিছু পৰীক্ষণৰ পাছত লাহে লাহে বিষৰ উপশম ঘটিবলৈ ধৰে জনৰ৷ নিজে বিচনাৰ পৰা উঠিব পৰা হয় জন৷ নিজৰ গৱেষণা তেতিয়াও এৰি দিয়া নাছিল জনে৷ ৰোগীয়া দেহাৰেই তেওঁ চলাই গৈছিল সেই কাম৷ সেই নিচাই তেওঁক এক পানীয় তৈয়াৰ কৰাতো সহায় কৰে৷

তেওঁ কাম আৰম্ভ কৰাৰ প্ৰায় দুই দশকৰ চেষ্টাৰ পাছত এই কামত সাফল্য পায়৷ ঠিক যেনেদৰে বিচাৰিছিল তেনেদৰেই পানীয় তৈয়াৰ কৰিবলৈ সক্ষম হয়৷ মাৰ্কিন কৰ্নেলে এই পানীয়ৰ নাম দিয়ে কোলা ৱাইন৷ পানীয়বিধৰ জন্ম চন হৈছে ১৮৮৬৷ প্ৰথম দিশত জনে নিজেই ইয়াৰ গুণাগুণ প্ৰচাৰ কৰিছিল৷ কেৱল সেয়াই নহয়, বন্ধু বান্ধৱকো ঘৰলৈ মাতি এই পানীয় খুৱাইছিল৷

মূলত দুটি উপাদানৰ সহায়ত কোলা ৱাইন তৈয়াৰ কৰে জনে৷ সেইসমূহ হৈছে কোকা পাত আৰু কোলা বাদাম৷ দ্বিতীয়টো সৈতে কেফিনৰ নিৰ্যাস৷ নতুন পানীয় তৈয়াৰৰ পাছত আমেৰিকাৰ জৰ্জিয়াত নিজৰ ঔষধৰ দোকান পেম্বাৰটন ইগল ড্ৰাগ এণ্ড কেমিকেল হাউছত সেয়া নথিভুক্ত কৰে পেম্বাৰটনে৷ ইয়াৰোপৰি পানীয়বিধৰ সেৱনে স্নায়ুৰ উত্তেজনা কমাব বুলিও প্ৰচাৰ চলাবলৈ ধৰে৷

জৰ্জিয়াৰ ঔষধৰ দোকানত সদ্য আৱিষ্কৃত পানীয়বিধৰ নাম আছিল পেম্বাৰটন ফ্ৰেঞ্চ ৱাইন কোকা৷ উল্লেখ্য যে ১৮৬০ চনত কৰ্ছিকাবাসী ফৰাচী ৰসায়নবিদ এঞ্জেলা মাৰিয়ানি কোকা ৱাইন নামৰ এবিধ ঔষধ তৈয়াৰ কৰে৷ পেম্বাৰটনে তেওঁ দ্বাৰা প্ৰবলভাৱে অনুপ্ৰাণিত আছিল বুলি ইতিহাসবিদৰ বহুতেই যুক্তি দি গৈছে৷

১৯শতকৰ সেই সময়ত আমেৰিকাৰ জৰ্জিয়াৰ আটলাণ্টা চহৰে আইন কৰি নিষিদ্ধ কৰে সুৰা৷ ফলত ব্যৱসায়ত ন সুযোগ লাভ কৰে পেম্বাৰটনে৷ কাৰণ কোলা ৱাইনৰ প্ৰচাৰ তেতিয়াও বিশেষ নাছিল৷ কিছু কিছু ঔষধৰ দোকানত হে সেয়া উপলব্ধ আছিল৷ ফলত ঔষধ হিচাপে ঠাণ্ডা পানীয়বিধ বিক্ৰি কৰি থাকে তেওঁ৷ সেই সময়ত ইয়াৰ দাম আছিল গ্লাছে প্ৰতি পাঁচ চেণ্ট৷

১৮৮৬ চনৰ ৮ মেত প্ৰথম বাৰ বিক্ৰি হৈছিল কোলা ৱাইন৷ অলপ দিনৰ ভিতৰতেই জনপ্ৰিয়তা বাঢ়িছিল এইবিধ ঠাণ্ডা পানীয়ৰ৷ আমেৰিকাবাসীয়ে কোলা ৱাইনক স্বাস্থ্যৰ বাবে ভাল বুলি বিশ্বাসো কৰিছিল৷ ফলত ইয়াৰ বিক্ৰি দিনকদিনে বৃদ্ধি পাব ধৰে৷ আৰু নিশাৰ ভিতৰতে ধনী হৈ উঠে সৈনিক পেম্বাৰটন৷

কোলা ৱাইনৰ জন্মদাতাৰ দাবী আছিল ই অনেক ৰোগৰ প্ৰতিকাৰ কৰে৷ তেওঁ দাবী কৰে পানীয়বিধৰ নিয়মিত সেৱনে দূৰ হ’ব মৰফিনৰ আসক্তি, বদহজম, স্নায়বিক দুৰ্বলতা, মূৰৰ বিষৰ দৰে শাৰীৰিক সমস্যা৷ ১৮৮৬ চনৰ ২৯ মে আটলাণ্টা জাৰ্নেলে কোলা ৱাইনৰ প্ৰথম বিজ্ঞাপন দিয়ে৷ এই ঠাণ্ডা পানীয় বেষ্ট চেলাৰ হৈ উঠাৰ আঁৰত হাত আছিল আৰু এগৰাকী ৰসায়নবিদ আছা গ্ৰিগছ কেণ্ডলাৰৰ৷ ১৮৮৮ চনত জন পেম্বাৰটনৰ পৰা মাত্ৰ ২৩৮.৯৮ ডলাৰ কোলা ৱাইনৰ ফৰ্মূলা কিনি লয় তেওঁ৷ দেশজুৰি পানীয়বিধ বিক্ৰি কৰিবলৈ ১৮৯২ চনত প্ৰতিষ্ঠা কৰে এক সংস্থাৰ৷ নাম দিয়ে দ্যা কোকা কোলা কোম্পানী৷ সেয়ে এই কোম্পানীৰ সদৰ দপ্তৰ তেতিয়াৰে পৰাই আমেৰিকাৰ জৰ্জিয়াত আছে৷

পেম্বাৰটনে যাৰ নাম দিছিল কোলা ৱাইন এইবাৰ সেয়াই হৈ উঠিছে কোকা কোলা৷ নিজে ৰসায়নবিদ হোৱাত কোমল পানীয়বিধৰ স্বাদ সামান্য সালসলনি কৰে আছা গ্ৰিগছে৷ পৰবৰ্তী কালত ৰাজনীতিৰ ময়দানত ভৰি দিয়ে তেওঁ৷ নিৰ্বাচিত হয় আটলাণ্টাৰ মেয়ৰ হিচাপে৷ কোকা কোলাৰ জনপ্ৰিয়তাই তেওঁ ভোট যুদ্ধতো জিকাত সহায় কৰে বুলি যুক্তৰাষ্ট্ৰত এক প্ৰচলিত তত্ত্ব আছে৷

১৯২৯ চনত গ্ৰিগছ কেণ্ডলাৰে শেষ নিঃশ্বাৰ ত্যাগ কৰে৷ তেওঁৰ মৃত্যুৰ সময়ত যুক্তৰাষ্ট্ৰৰ নথিভুক্ত সংস্থাসমূহৰ মাজত নাছিল কোকা কোলা৷ ১৯৪৪ চনৰ ২৭ মাৰ্চৰ পৰা সেয়ে কিছু সমস্যাত পৰে নৰম পানীয়বিধ৷ কাৰণ জাপানী আক্ৰমণত মাৰ্কিন নৌঘাঁটি সেইসময়ত গুড়ি হৈ পৰিছিল৷ ফলত দ্বিতীয় বিশ্বযুদ্ধত সম্পূৰ্ণৰূপে ব্যস্ত হৈ পৰিছিল ৱাছিংটন৷

১৮৯৩ চনত কোকা কোলাৰ বিকল্প হিচাপে আৰু এবিধ ঠাণ্ডা পানীয় তৈয়াৰ কৰে কেলব ব্ৰেডহাম নামৰ মেডিচিনৰ এগৰাকী ছাত্ৰই৷ যুক্তৰাষ্ট্ৰৰ উত্তৰ কেৰোলিনাৰ নিউ বাৰ্নত এবিধ ঔষধৰ দোকানো তেতিয়া তেওঁ চলাইছিল৷ তাতেই বিক্ৰি হৈছিল ব্ৰেডছ ড্ৰিংক৷ যি খালে হজমৰ সমস্যা নহয় বুলি বিশেষ প্ৰচাৰো আছিল৷

১৮৯৮ চনত সেই নৰম পানীয়বিধৰ নাম সলনি কৰি পেপছি কোলা ৰখা হয়৷ ব্ৰেডছ ড্ৰিংকে প্ৰথমৰ পৰাই চেনী আৰু ভেনিলা মিক্স কৰিছিল৷ প্ৰথম বিশ্বযুদ্ধৰ পৰবৰ্তী সময়ত চেনীৰ দাম দৈনিক ওঠানমা হব ধৰে৷ ফলত মাৰাত্মক আৰ্থিক লোকচানৰ মুখত পৰে নৰম পানীয় নিৰ্মাণকাৰী সংস্থা৷

১৯২৩ চনত একেবাৰে দেউলীয়া হৈ পৰে পেপছি কোলা৷ ঠাণ্ডা পানীয়বিধৰ দপ্তৰত তেতিয়া প্ৰায় লালবাতি জ্বলিয়ে গৈছিল৷ ঠিক তেতিয়াই দেৱদূতৰ দৰে আবিৰ্ভাৱ ঘটে চাৰ্লছ গুথৰ৷ পানীৰ দৰত সেই সংস্থা ক্ৰয় কৰি লয়৷ ১৯৬১ চনত নৰম পানীয় বিধৰ নাম বদলি কৰি ৰখা হয় পেপছি৷

বৰ্তমান কোকা কোলা আৰু পেপছিৰ ভিতৰত আছে তীব্ৰ বাণিজ্যিক প্ৰতিযোগিতা৷ নৰম পানীয় দুটিৰ ভক্তসকলৰ মাজত পাৰ্থক্যও আছে৷ পেপছিৰ দাবী তেওঁলোক তাৰুণ্যৰ প্ৰতীক৷ আৰু সেয়ে বিজ্ঞাপনৰ অধিকাংশ ক্ষেত্ৰত জনপ্ৰিয় খেলুৱৈসকলক দেখা পোৱা গৈছে৷ কোলা বহু পৰিমাণে শান্ত৷ এই প্ৰতিযোগিতাৰ নামতেই সোমাই আছে যুদ্ধ৷ আৰু সেয়া হৈছে কোলা ৱাৰ৷

ৰাজহ সংগ্ৰহৰ নিৰিখত কোকা কোলাৰ পৰা কেইবা যোজন আগুৱাই আছে পেপছি৷ কিন্তু নিট মুনাফাত আকৌ কোলা অৰ্থাৎ জৰ্জিয়াৰ নৰম পানীয়ৰ সংস্থাৰ আছে বিশেষ নাম৷ বিগত শতাব্দীত দুই বহুজাতিকৰ যুদ্ধ বন্ধ হোৱাৰ সুযোগো আহিছিল৷ ১৯২২ৰ পৰা ১৯৩৩ ৰ ভিতৰত অন্তত তিনিবাৰ পেপছি সংস্থাক কিনাৰ প্ৰস্তাৱ পাইছিল কোকা কোলাই৷ কিন্তু কোনোবাৰেই তেওঁলোকে চিলমোহৰ নিদিলে এই নৰম পানীয়ৰ সংস্থাত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শীঘ্ৰে ভাগ্য উদয় হ’ব ৪ ৰাশিৰ জাতক-জাতিকাৰ, বৃহস্পতিৰ পাব আশীৰ্বাদ!
জীৱনশৈলী

ধনতেৰছৰ পূৰ্বে ঘটিব মহাজাগতিক পৰিঘটনা, সলনি হ’ব জীৱন!

November 3, 2026
নৱেম্বৰ মাহত কপাল ফুলিব ৩ ৰাশিৰ, হোৰাহোৰে বাঢ়িব বেংক বেলেঞ্চ!
জীৱনশৈলী

নৱেম্বৰ মাহত কপাল ফুলিব ৩ ৰাশিৰ, হোৰাহোৰে বাঢ়িব বেংক বেলেঞ্চ!

November 3, 2026
Science Facts: কেঁচিৰ ডিজাইনৰ আঁৰৰ ৰহস্য, কিয় সৰু ডাঙৰ থাকে হেণ্ডেলৰ ফুটা?
জীৱনশৈলী

Science Facts: কেঁচিৰ ডিজাইনৰ আঁৰৰ ৰহস্য, কিয় সৰু ডাঙৰ থাকে হেণ্ডেলৰ ফুটা?

November 3, 2026
বৈবাহিক জীৱনত শাৰীৰিক সম্পৰ্কই মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায় নেকি?
জীৱনশৈলী

বৈবাহিক জীৱনত শাৰীৰিক সম্পৰ্কই মানসিক স্বাস্থ্যত প্ৰভাৱ পেলায় নেকি?

November 3, 2026
Next Post
সূৰ্য-বুধ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগ, জুন মাহত সোণৰ দৰে ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ

সূৰ্য-বুধ-বৃহস্পতিৰ ত্ৰিগ্ৰহী যোগ, জুন মাহত সোণৰ দৰে ভাগ্য চমকিব এই ৫ৰাশিৰ জাতকৰ

কাইলৈ অথৱা ২০ বছৰৰ পাছতো হ’ব পাৰে…! যিকোনো মুহূৰ্ততেই আহিব পাৰে আন এক মহামাৰী, কভিডৰ ক্ষতস্থান পূৰণ হোৱাৰ পূৰ্বেই আকৌ অশনি সংকেত দিলে WHOয়ে

কাইলৈ অথৱা ২০ বছৰৰ পাছতো হ’ব পাৰে...! যিকোনো মুহূৰ্ততেই আহিব পাৰে আন এক মহামাৰী, কভিডৰ ক্ষতস্থান পূৰণ হোৱাৰ পূৰ্বেই আকৌ অশনি সংকেত দিলে WHOয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.