অসম লাইভ ২৪: দেৱাংগনা কলিতা। দিল্লী বিশ্ববিদ্যালয়ৰ গৱেষিকা ছাত্ৰী ডিব্ৰুগড়ৰ দেৱাংগনা কলিতা বিগত এটা বছৰে কাৰাবন্দী হৈ আছে তিহাৰ জেলত। caa বিৰোধী আন্দোলনেৰে দিল্লীৰ ৰাজপথ কঁপোৱা ‘পিঞ্জৰাতৌড়’ আন্দোলনৰ নেত্ৰী দেৱাংগনাৰ বিৰুদ্ধে ৰুজু হৈছিল ৪টাকৈ গোচৰ। অৱশ্যে ইয়াৰে ৩টা গোচৰত জামিন লাভ কৰিছে দেৱাংগনাই। আনহাতে চতুৰ্থটো গোচৰ অৰ্থাৎ বে-আইনী কাৰ্যকলাপত লিপ্ত হোৱাৰ গোচৰত অভিযুক্ত হোৱা দেৱাংগনাৰ জামিনৰ শুনানী কোভিডৰ বাবে স্থগিত ৰাখিছে দিল্লী উচ্চ ন্যায়ালয়ে। পিছে তিহাৰ কাৰাগাৰৰ বন্ধ কুঠৰীত কেনেদৰে দিন পাৰ কৰিছে ‘পিঞ্জৰাতৌড়’ আন্দোলনৰ নেত্ৰীগৰাকীয়ে? অধ্যাপিকা গীতাশ্ৰী তামুলীয়ে ফেচবুকত পোষ্ট কৰিছে কাৰাগাৰত দেৱাংগনাই কৰা দুখন কলাজ। কাৰাগাৰৰ চৌহদত থকা ফুল আৰু পেপাৰ কাটেৰে কলাজ প্ৰস্তুত কৰিছে দেৱাংগনাই। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও কাৰাগাৰৰ ভিতৰত দেৱাংগনাই অঁকা ছবি ভাইৰেল হৈছিল ছ’চিয়েল মিডিয়াত। দেৱাংগনাই কাৰাগাৰৰ ভিতৰতে খুলিছে এখন আৰ্ট স্কুল। আনহাতে দেৱাংগনাৰ সৈতে একে গোচৰত অভিযুক্ত নাটাছায়ো কাৰাগাৰৰ ভিতৰতে খুলিছে যোগ প্ৰশিক্ষণ কেন্দ্ৰ। কেৱল সেয়াই নহয়, দেৱাংগনা আৰু নাটাছাই ন্যায়ালয়ত জনোৱা আবেদনৰ বাবে তিহাৰ কাৰাগাৰৰ কয়েদীৰ মাজত আৰম্ভ হৈছে ভেকচিনেশ্যন প্ৰক্ৰিয়া। আনহাতে কোভিডৰ সময়ত কাৰাবন্দীসকলৰ পৰিয়ালৰ সৈতে মোবাইল বাৰ্তালাপ আৰু ভিডিঅ’ কৰাৰ সময়সীমা বৃদ্ধি কৰাটো সফল হৈছে দেৱাংগনা কলিতাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ