সাধাৰণ জ্ঞান আমাৰ সকলোৰে প্ৰয়োজন৷ ভাষা, দৰ্শন, বিজ্ঞান, ইতিহাসৰ পৰা দেশ বিদেশৰ সমাজনীতি, ৰাজনীতি, অৰ্থনীতি, কূটনীতিক লৈ নানান নতুন নতুন তথ্য আমি প্ৰতিদিনেই শিকি থাকিব পাৰো৷ আজি এই প্ৰতিবেদনত আমি দিয়া তথ্য ৯৯শতাংশ মানুহেই হয়তো নাজানে৷
এই তথ্যৰ সৈতে বিশ্বৰ দুখন দেশৰ সম্পৰ্কৰ এক অন্য ৰসায়ন যুক্ত হৈ আছে৷ আমি জানো বিশ্ব অৰ্থনৈতিক বজাৰত প্ৰতিখন দেশৰ অৰ্থৰ বিশেষ মূল্য আছে৷ অৰ্থৰ ভেল্যু বা মূল্য এখন দেশৰ পৰা গ’লে অন্য এখন দেশত সলনি হয়৷ মাৰ্কিন এক ডলাৰ ভাৰতৰ ৮৪টকা৷ কুৱেইটৰ ১ ডিনাৰ ভাৰতৰ ২৭৮টকা৷ অন্যহাতে ভাৰতৰ ১ টকা এখন দেশত হয়গৈ ৫০০টকা৷ কিন্তু কোন দেশত ভাৰতৰ ১ টকা সেই দেশৰ ৫০০ টকা?
প্ৰাচীনকালৰ পৰাই ভাৰতে এই দেশৰ সৈতে সু সম্পৰ্ক বজায় ৰাখিছে৷ বিশ্বৰ অন্যতম তেল উৎপাদনকাৰী দেশ হোৱা সত্ত্বেও মাৰ্কিন নিষেধাজ্ঞাৰ কাৰণে সেই দেশৰ অৰ্থনৈতিক অৱস্থাৰ দিনে দিনে অৱনতি হৈছে৷ বৰ্তমান সেই দেশত ভাৰতীয় ১ টকাৰ মূল্য তাত প্ৰায় ৫০০ টকা৷ আমি যি দেশৰ কথা কৈছো সেই দেশ বেছিভাগ মানুহৰেই চিনাকি৷ সেই দেশ হৈছে ইৰান৷ অৰ্থনীতিত শক্তিশালী বুলি পৰিচিত হ’লেও এই দেশৰ মুদ্ৰাৰ মূল্য কিন্তু খুবেই কম৷ ইৰানৰ মুদ্ৰাক ৰিয়েল ই ইৰাণ নামে পৰিচিত৷ ইৰান ইংৰাজীত Rial নামে পৰিচিত৷
প্ৰাচীনতম দেশসমূহৰ মাজত ইৰানৰ ৰিয়ালৰ মান আছিল খুবেই উন্নত৷ কিন্তু বিগত কেইবা বছৰত বজাৰৰ কদৰ ব্যাপকভাৱে কমিছে৷ কাৰণ কেইবাবছৰ ধৰি মাৰ্কিন যুক্তৰাষ্ট্ৰই এই দেশৰ ওপৰত বিভিন্ন অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিছে৷ সেয়ে বহু দেশে আমেৰিকাৰ ভয়ত ইৰানৰ পৰা অপৰিশোধিত তেল বা ক্ৰুইড অইলৰ লেন দেন কৰা নাই৷ যি কাৰণত আন্তৰ্জাতিক বজাৰত ইৰানৰ অৰ্থনীতি ডুবিবলৈ ধৰিছে৷ যদিও ইৰানৰ অৰ্থনীতিত ভয়াৱহ সংকট আহিছে তথাপিও কিন্তু ভাৰতৰ সৈতে এতিয়াও সুসম্পৰ্ক বৰ্তি আছে ইৰাণৰ৷
ভাৰতীয় ১ ৰুপি ইৰানি ৰিয়ালত হয় ৫০৭.২২ ইৰানি ৰিয়াল৷ অৰ্থাৎ এজন ভাৰতীয়ই যদি ১০,০০০ টকা লৈ ইৰান যায় তেন্তে তেওঁ সেই দেশত বিলাসিতাৰে কেইবাদিনো কটাব পাৰিব৷ ইৰানৰ গ্ৰেণ্ড ৫ষ্টাৰ হোটেলত থকাৰ বাবে প্ৰতিদিনে মাত্ৰ ৭০০০ টকাহে খৰচ হয়৷ আপুনি যদি মিড ৰেঞ্জৰ ৫ষ্টাৰ হোটেললৈ যায় তেন্তে আপোনাৰ খৰচ হ’ব মাত্ৰ ২০০০ ৰ পৰা ৪০০০ টকা৷ ইয়াৰোপৰি থ্ৰি ষ্টাৰ হোটেললৈ গ’লে খৰচ হ’ব ইয়াতকৈয়ো কম৷ ইৰানে তেওঁলোকৰ স্থানীয় মুদ্ৰাত ভাৰতসহ মাত্ৰ কেইখনমান দেশৰ সৈতেহে ব্যৱসায় কৰি আছে৷ ক্ৰমাগত শত্ৰুতাৰ কাৰণে আমেৰিকাৰ ডলাৰ তেওঁলোকে গ্ৰহণ নকৰে৷ মাৰ্কিন ডলাৰ ৰখা এই দেশত সকলোতকৈ ডাঙৰ অপৰাধ৷
এই নিষেধাজ্ঞাৰ কাৰণেই ইৰানত মাৰ্কিন ডলাৰৰ অবৈধ লেনদেন বৃদ্ধিও পাইছে৷ ইয়াৰ সৈতে ৰিয়াল কিন্তু বিশ্বৰ প্ৰাচীনতম মুদ্ৰাসমূহৰ ভিতৰত এটা৷ ১৭৯৮ চনত প্ৰথম আৰম্ভ কৰা হৈছিল এই মুদ্ৰা৷ ইয়াৰ পাছতেই ১৮২৫ চনত ৰিয়াল বন্ধ কৰা হৈছিল আৰু তাৰপাছৰ পৰা এয়া পুনৰায় আৰম্ভ হয়৷ ২০১২ চনৰ পৰা আন্তৰ্জাতিক বজাৰত ইৰানি ৰিয়ালৰ মূল্যৰ দ্ৰুত পতন হৈছে৷ কিন্তু সৰ্বকালৰ সৰ্বোচ্চ মূল্যস্ফীতিৰ সৈতে ইৰানি পণ্যৰ দাম বাঢ়িছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ