পুৰণি চিনেমা এখনত এটা সংলাপ আছে যে ‘বহুত পাগল মানুহক প্ৰেমত পৰা দেখা যায়, কিন্তু প্ৰেমত পৰি পাগল হোৱা মানুহ খুব কমেইহে দেখা যায়।’
বাস্তৱ জীৱনতো মাজে মাজে প্ৰেমত পৰি মানুহ মানসিক ভাৰসাম্য হেৰুওৱাৰ দৰে আচৰণ কৰা দেখা যায়৷ অৰ্থাৎ চিনেমাৰ উক্ত সংলাপটো কেতিয়াবা সঁচাকৈয়ে বাস্তৱায়িত হোৱা যেন লাগে!
এনে এটা ঘটনা এতিয়া সংবাদ মাধ্যমৰ চৰ্চালৈ আহিছে৷ ঘটনাৰ বিৱৰণীৰ মতে এগৰাকী প্ৰেমিকাই পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবেই প্ৰেমিকে প্ৰেমিকাই অধ্যয়ন কৰা বিদ্যালয়খন জ্বলাই ভস্মীভূত কৰে৷
লগতে পঢ়ক প্ৰেমিকাক ভয় খুৱাবলৈ আত্মহত্যাৰ অভিনয়! সঁচাকৈ ডিঙিত চিপ লাগি মৃত্যু তিনি সন্তানৰ পিতৃৰ
প্ৰকাশিত খবৰ মতে প্ৰেমিকে প্ৰেমিকাক ইমানেই গভীৰভাৱে ভাল পাইছিল যে প্ৰেমিকাই পৰীক্ষাত ফেইল কৰাতো সহ্য কৰিব নোৱাৰি তেওঁ বিদ্যালয়খনত অগ্নী সংযোগ কৰে৷
এই আজৱ ঘটনাটো অৱশ্যে ভাৰতৰ নহয়৷ এই ঘটনাটো ইজিপ্তত সংঘটিত হৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি ইজিপ্তৰ মেনৌফিয়া প্ৰভিন্সৰ এহাল যুৱক-যুৱতী দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্কত আছিল৷ ইয়াৰ মাজতে প্ৰেমিকাৰ বিদ্যালয়ত পৰীক্ষা চলি আছিল। পৰীক্ষাৰ অন্তত যেতিয়া প্ৰেমিকাৰ ফলাফল ঘোষণা হ’ল তেতিয়া দেখা গ’ল যে প্ৰেমিকাই পৰীক্ষাত ফেইল কৰিছে৷
প্ৰেমিকা পৰীক্ষাত অনুত্তীৰ্ণ হোৱা কথাটো প্ৰথমে ভয়তে প্ৰেমিকক কোৱা নাছিল। কিন্তু অৱশেষত যেতিয়া প্ৰেমিকে এই কথাটো গম পালে তেতিয়া ভিতৰি গুজৰি গুমৰি উঠিল৷
লগতে পঢ়ক ৰবিশ কুমাৰক সাক্ষাৎ দিব প্ৰধানমন্ত্ৰী মোদীয়ে! ঘৰৰ বাহিৰত ৰৈ আছে অক্ষয় কুমাৰ!
কিন্তু প্ৰেমিকে সেই খং প্ৰেমিকাক দেখুৱাব পৰা নাছিল, নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰি প্ৰেমিকে পোনে পোনে প্ৰেমিকাৰ বিদ্যালয়লৈ গৈ তেওঁৰ সতীৰ্থৰ সৈতে বিদ্যালয়খনত জুই লগাই দিয়ে। এই অগ্নিকাণ্ডত বিদ্যালয়খন সম্পূৰ্ণ ভস্মীভূত হোৱাৰ লগতে কাৰ্যালয়ত থকা সকলো নথি-পত্ৰও জ্বলি ছাঁই হৈ যায়।
এই কথা পোহৰলৈ অহাৰ লগে লগে ২১ বছৰীয়া প্ৰেমিকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। প্ৰাপ্ত খবৰ অনুসৰি, পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতে প্ৰেমিক আৰু প্ৰেমিকাৰ বিবাহ সম্পন্ন হোৱাৰ কথা আছিল। প্ৰেমিকৰ ভাবিলে যে প্ৰেমিকাই পৰীক্ষাত অনুত্তীৰ্ণ হোৱাৰ বাবে তেওঁলোকৰ বিবাহ এবছৰলৈ পিছুৱাই যাব, সেই কথাত বিতুষ্ট হৈয়ে তেওঁ বিদ্যালয়ত জুই লগাই দিয়ে বুলিও কোৱা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ