কমনৱেলথ গেমছত ইতিহাস ৰচি লন বলত স্বৰ্ণ জয়ী কৰাৰ পিছতে গোলাঘাটৰ নয়নমণি শইকীয়াক পদোন্নতি দিয়া হৈছে৷
স্মৰ্তব্য যে বিশ্বত ৰাজ্য, দেশৰ লগতে নিজৰো নাম উজলাই তোলা নয়নমণি শইকীয়া দ্বিতীয় বন সুৰক্ষা বাহিনীৰ কনিষ্টবলৰূপে কৰ্মৰত আছিল৷
কমলৱেলথ গেমছত স্বৰ্ণ জয়েৰে ইতিহাস ৰচাৰ পিছতে নয়নমণি শইকীয়াক কনিষ্টবল পদৰ পৰা সহকাৰী কমাণ্ডেণ্ট পদলৈ পদোন্নতি দিয়া হৈছে৷
লগতে পঢ়ক খন্তেকতে কোটিপতি এক শ্ৰমিক! গৰাকী হ’ল ২৭০০ কোটিৰ, তাৰ পাছত কি হ’ল?
উল্লেখ্য যে গোলাঘাটৰ এখন সৰু গাঁৱৰ পৰা গৈ কমনৱেলথ গেমছত স্বৰ্ণ পদক জয় কৰি প্ৰথমগৰাকী অসমীয়া মহিলা হিচাপে ইতিহাস ৰচিলে নয়নমণি শইকীয়াই।
কমনৱেলথ গেমছত স্বৰ্ণ জয়ৰ পূৰ্বে নয়নমণি শইকীয়াই ২০১১ আৰু ২০১৫ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত একক আৰু দলীয় শাখাৰ দুয়োটাতে স্বৰ্ণ জয় কৰিছিল। ইয়াৰ পূৰ্বে ২০১২ চনত অনুষ্ঠিত ২৫ অনুৰ্ধ্বৰ এছিয়ান লন বল চেম্পিয়নশ্বিপতো স্বৰ্ণ পদক লাভ কৰিছিল নয়নমণিয়ে।
লগতে পঢ়ক হঠাতে আবিৰ্ভাৱ ‘বিশাল ৰহস্যময় গহ্বৰ’, স্তম্ভিত বিশ্বৰ বিজ্ঞানী সমাজ!
২০২২ চনত ইতিহাস ৰচিবলৈ সক্ষম হোৱা নয়নমণি শইকীয়াই বিগত ২০১৪ আৰু ২০১৮ চনৰ কমনৱেলথ গেমছতো ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
ইফালে এগৰাকী ভাৰোত্তোলক হিচাপে ক্ৰীড়া জীৱন আৰম্ভ কৰা নয়নমণি শইকীয়াই আঘাতৰ বাবে ভাৰোত্তোলন ত্যাগ কৰি লন বল খেলিবলৈ আৰম্ভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ