হিন্দুধৰ্ম অনুসৰি বৃহস্পতিক দেৱতাসকলৰ গুৰু বুলি কোৱা হয়৷ সেয়ে বৃহস্পতিক গুৰুগ্ৰহ বুলি কোৱা হয়৷ এই গ্ৰহৰ শুভ প্ৰভাৱত জাতকে আৰ্থিক আৰু পেছাগতভাৱে প্ৰচুৰ উন্নতি কৰে৷ বৰ্তমান বৃহস্পতি বক্ৰীদশাত আছে৷ ৩ ফেব্ৰুৱাৰীত বসন্ত পঞ্চমী তিথিত পালিত হৈছে সৰস্বতী পূজা৷ ঠিক তাৰপাছতেই ৩ ফেব্ৰুৱাৰী ২০২৫ মঙলবাৰে বক্ৰী চলন এৰি মাৰ্গী হ’ব বৃহস্পতি৷ জানি থওক জ্যোতিষ গণনা অনুসৰি বৃহস্পতিয়ে চিধা পথেৰে যাত্ৰা কৰাৰ সময়ত কোন কোন ৰাশিৰ জাতক লাভৱান হ’ব?
মেষ ৰাশি
বসন্ত পঞ্চমীৰ পাছতেই মেষ ৰাশিৰ জাতকৰ জীৱনত বসন্তৰ আগমন হ’ব৷ এই সময়ত বেছ কিছু সুখৰ ঘটনা ঘটিব আপোনাৰ সৈতে৷ আৰ্থিক পৰিস্থিতিও মজবুত হ’ব মেষ ৰাশিৰ জাতকৰ৷ হঠাৎ কিছু অৰ্থ সম্পত্তি লাভ হ’ব আপোনাৰ৷ অফিচত প্ৰমোছন পাব পাৰে৷ পৰিয়ালতো সুখৰ পৰিবেশ থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ