অসম লাইভ২৪ঃ বুকুৰ বিষ হ’লে সকলোৰে ধাৰণা যে হাৰ্টৰ ৰোগে শৰীৰত ঠাই লৈছে৷ বুুকুৰ বিষ মানেই হাৰ্টৰ ৰোগৰ উপসৰ্গ নহয়৷ গেছৰ কাৰণেও বুকুৰ বিষ হ’ব পাৰে৷ হাৰ্টৰ সমস্যাৰ বাবেই বুকুৰ বিষ হৈছে নে অন্যান্য কাৰণত হৈছে সেয়া কেনেকৈ বুজিব?
হাৰ্টৰ সমস্যা হ’লে বুকুৰ একেবাৰে মাজ অংশত বিষ অনুভূত হয়৷ বুকুৰ মাজত চাপ অনুভৱ হয়৷ বিষটো পিঠিৰ ফালেও গতি কৰিব পাৰে৷ এই বিষক এনজাইনেল পেইন বুলিও কোৱা হয়৷ এই বিষ এবাৰ আৰম্ভ হ’লে এক মিনিট বা কেইবা ছেকেণ্ডলৈ থাকিব পাৰে৷ বিষৰ লগতে প্ৰচণ্ড ঘামো ওলায়৷ শ্বাস-প্ৰশ্বাসত কষ্ট অনুভৱো হ’ব পাৰে৷ ভৰি-হাত ঠাণ্ডা হৈ পৰিব পাৰে৷ এই সকলোবোৰ উপসৰ্গই হাৰ্ট এটেকৰ একোটা লক্ষণ৷
কি কি কাৰণত বুকুৰ বিষ হয়?
মানসিক চাপঃ বহুসময়ত মানসিক চাপ আৰু উদ্বেগৰ বাবে ঘাম ওলোৱাৰ লগতে শ্বাস-প্ৰশ্বাসত কষ্ট হয়৷ মানসিক চাপৰ বাবেও বহুসময়ত বুকুৰ বিষ হয়৷
ইছোফজিয়েল পেশীৰ খুচা-বিন্ধাঃ হঠাৎ বুকুৰ বিষৰ লগতে খাদ্যনলীত অস্বাভাৱিক সংকোচন আৰু চেপি ধৰিলেই বিষ অনুভৱ হয়৷ বুকুত বিষ হ’লে অযথা অৱহেলা কৰা উচিত নহয়৷ হাৰ্ট এটেকৰ ক্ষেত্ৰত বুকুৰ বিষৰ লগতে কান্ধৰ বিষেও দেখা দিয়ে৷ খোজ কাঢ়িলে, শৰীৰচৰ্চা কৰোতে নতুবা বিশ্ৰাম কৰি থকাৰ অৱস্থাতো হৃদৰোগত আক্ৰান্ত লোকৰ বিষ হ’ব পাৰে৷ লক্ষণসমূহ থাকিলে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি জৰুৰী৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ