আৰ্টিফিছিয়েল ইণ্টেলিজেন্স৷ চমুকৈ AI, অসমীয়াত কৃত্ৰিম বুদ্ধিমত্তা৷ কেইবছৰমান পূৰ্বে এই বিষয়টো আমাৰ দেশত বিশেষ প্ৰচলিত নাছিল৷ দেশৰ জনতাক বাবে এই বিষয়টো আছিল অচিন এক বিষয়৷ দুই এজনে বিষয়টোক লৈ পঢ়াশুনা কৰিছিল যদিও ব্যৱহাৰিক দিশ শূন্য আছিল৷ এতিয়া কথাবোৰ সলনি হ’ল৷ ঘৰে ঘৰে AI ইউজাৰকাৰী আছে বুলি ক’লেও ভুল নহয়৷
এতিয়া চাটজিপিটিৰ পৰা আৰম্ভ কৰি ডিপফেক এতিয়া দৈনন্দিন চৰ্চাৰ বিষয় হৈ পৰিছে৷ অদুৰ ভৱিষ্যতে এনে দিন আহিব যে আমাৰ মন মগজুকো এআইয়ে পঢ়ি পেলাব৷ বছৰৰ আৰম্ভণিতেই অসাধ্য সাধন কৰি দেখুৱাইছে ধনকুবেৰ এলন মাস্কৰ সংস্থা Neuralinkয়ে৷ মানৱ মস্তিষ্কত বহুওৱা গৈছে ব্ৰেইন ইণ্টাৰফেছ অৰ্থাৎ চিপ৷ যিয়ে মানৱ মস্তিষ্কৰ সৈতে কম্পিউটাৰৰ যোগাযোগ গঢ়ি তুলিব পাৰে৷ অৰ্থাৎ ইয়াৰ সহায়ত কোনো কথা মনে মনে ভাৱিলেই আপোনাৰ কম্পিউটাৰ স্ক্ৰীণত সেই কথা দেখিবলৈ পোৱা যাব৷
ছেকেণ্ডত মন পঢ়ি পেলোৱা এই উপায়ৰ নাম দিয়া হৈছে ডিকোড৷ স্বাভাৱিকভাৱেই এইয়া অদ্ভুত যেন লাগিলেও সাধাৰণ কথা হৈ পৰিছে৷ এতিয়াৰে পৰা গোপন কথাটো আৰু গোপন হৈ নাথাকিব৷ আপুনি যি বাবে সেয়া কম্পিউটাৰ স্ক্ৰীণত ভাঁহি উঠিব৷ ধৰক আপুনি প্ৰথম প্ৰেমিকৰ কথা ৰোমন্থন কৰিছে সেয়াও কম্পিউটাৰ স্ক্ৰীণত ভাঁহি উঠিব৷ মনৰ ভাষা ছেকেণ্ডতে পঢ়ি লিখিত আকাৰে আপোনাক দেখুৱাই দিব AIয়ে৷ আগন্তুক দিনত এই টেকনলজি আৰু আগুৱাই যাব বুলি আত্মবিশ্বাসী হৈ উঠিছে AIৰ গৱেষণাত জৰিত প্ৰতিজন বিজ্ঞানীয়েই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ