মেঘ— আয় উন্নতিৰ বাবে দিনটো শুভ হ’লেও ব্যয়ৰ কাৰণে সঞ্চয় নহ’ব৷ বাধা-বিপত্তি থকা সত্ত্বেও লক্ষ্যত উপনীত হ’ব পাৰিব৷ আকস্মিকভাৱে প্ৰাপ্তি যোগ হ’ব পাৰে৷ মানসিক অশান্তিত ভুগিব৷ প্ৰেমত শুভ৷
বৃষ— কৰ্মক্ষেত্ৰত সুনাম লাভ৷ ভাতৃৰ লগত মত-অমিল হ’ব পাৰে৷ চকুৰ সমস্যাত ভুগিব পাৰে৷ অযথা অৰ্থনাশ হ’ব পাৰে৷ ব্যৱসায়-বাণিজ্যত ভাল দেখা নাযায়৷ উচ্চ বিদ্যাৰ্থীৰ উন্নতিৰ যোগ৷
মিথুন— নিজৰ ভুলৰ কাৰণে ভাল সুযোগ হেৰুৱাব পাৰে৷ দৈনন্দিন কাম-কাজত বাধাৰ মাজেৰে অগ্ৰগতি লাভ আকস্মিক কোনো অপ্ৰীতিকৰ ঘটনাৰ সন্মুখীন৷ সাৱধানতা অৱলম্বন কৰিব৷ আৰ্থিক মধ্যম ফল৷
SEE MORE: কোন বলিউদৰ পৰিচালকে মডেল মান্দনা কৰিমীক গৰ্ভপাত কৰিবলৈ বাধ্য কৰালে?
কৰ্কট— নিজৰ কোনোবাৰ লগত বিবাদৰ সূত্ৰপাত ঘটিব পাৰে৷ বুধৰ শুভ প্ৰভাৱৰ ফলত ব্যৱসায়-বাণিজ্যত শুভ প্ৰভাৱ পৰিব৷ গৃহ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিব পাৰে৷ বিনা কাৰণত অপবাদৰ ভয় আছে, গতিকে সতৰ্ক থাকক৷
সিংহ— অশুভ ৰাহুৰ কাৰণে কৰ্মত বাধা৷ শত্ৰুৰ বেয়া নজৰ পৰিব৷ পাৰিবাৰিক ক্ষেত্ৰত অশান্তি৷ বিদ্যাত বাধা৷
কন্যা— বুধৰ প্ৰভাৱত সম্পদ লাভৰ যোগ৷ কৰ্মসূত্ৰে বাহিৰলৈ যোৱাৰ যোগ৷ দাম্পত্যত সুখ আৰু শান্তি বজাই ৰাখিব৷ খং নিয়ন্ত্ৰণত ৰাখিব৷ বিনা কাৰণত মান হানিৰ যোগ৷ গতিকে সতৰ্কতা অৱলম্বন কৰিব৷
SEE MORE: ৰাণু মণ্ডলক বিয়া কৰাই বিপদত এক যুৱক! কিয় বিপদত পৰিছে যুৱকজন?
তুলা— আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যোগ৷ কিবা কাৰণত মানসিক পীড়াত ভুগিব পাৰে৷ যোগ্যতা অনুসৰি নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ৷ বন্ধু বিয়োগৰ যোগ৷ কিবা কাৰণত মনত ভয়ৰ সঞ্চাৰ হ’ব পাৰে৷ প্ৰেমত অশুভ৷
বৃশ্চিক— যোগ্যতা অনুযায়ী কৰ্ম পৰিৱৰ্তনৰ যোগ আছে৷ শিক্ষকতাৰ লগত জড়িত ব্যক্তিসকলৰ শুভ বুলি ক’ব নোৱাৰি৷ ঘৰুৱা দিশত সমস্যাই দেখা দিব পাৰে৷ বিদ্যাৰ্থীৰ মধ্যম৷
ধনু— নিবনুৱাৰ কৰ্মলাভৰ যোগ৷ কৰ্মক্ষেত্ৰত বিশৃংখলতাই দেখা দিব পাৰে৷ আত্মীয়ৰ কাৰণে ক্ষতিগ্ৰস্ত হ’ব পাৰে৷ মূৰৰ বিষত কষ্ট পাব পাৰে৷ আকস্মিকভাৱে কোনো বিতৰ্কত সোমাব পাৰে৷ প্ৰেম আৰু দাম্পত্যত অশুভ৷
SEE MORE: বিমানবন্দৰত বলিউদৰ অভিনেত্ৰীক যৌন আতিশয্য! স্বামীও বৰ্ণবৈষম্যৰ বলি!
মকৰ— অন্য ব্যক্তিৰ সহায়ত উন্নতিৰ যোগ৷ কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব যদিও আৰ্থিক ক্ষেত্ৰ ভাল নহয়৷ সন্তানৰ কৰ্মপ্ৰাপ্তিৰ যোগ৷ শৰীৰ-স্বাস্থ্য সম্পৰ্কে সচেতন থাকক৷ বিদ্যাৰ্থীৰ শুভ৷
কুম্ভ— পৰিকল্পিত কামত ব্যাঘাত ঘটিব পাৰে৷ বাধাৰ সত্ত্বেও বিদ্যাৰ্থীৰ সাফল্য৷ যান-বাহন চলোৱাৰ পৰা সতৰ্ক থাকক৷ আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যোগ আছে যদিও অপ্ৰত্যাশিতভাৱে বাধা দেখা দিব পাৰে৷
মীন— কৰ্মক্ষেত্ৰত একাধিক সুযোগ-সুবিধা আহিব গুপ্ত শত্ৰুৰ পৰা সতৰ্ক থাকিব৷ বস্তু কিনা-বেচাৰ বাবে দিনটো শুভ৷ গুৰুজনৰ লগত কিবা কাৰণত মতানৈক্যই দেখা দিব পাৰে৷
ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ