• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্বেচ্ছীয় ৰক্তদানৰ প্ৰয়োজনীয়তা

স্বেচ্ছীয় ৰক্তদানৰ প্ৰয়োজনীয়তা

5 years ago
৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

12 minutes ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

40 minutes ago
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

1 hour ago
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

2 hours ago
‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

‘শৰীৰ বিক্ৰী কৰি পাইছিল ধন!’ অৱশেষত ৪৫ বছৰ বয়সত কৰুণ মৃত্যু নায়িকাৰ

7 hours ago
কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

কংগ্ৰেছৰ মুখথেকেচা, নগাঁৱত বিশাল ভোটত জয় বিজেপিৰ দেৱাশীষ শৰ্মাৰ

7 hours ago
ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

ডাকঘৰৰ ৫ খন বিশেষ আঁচনি, যাৰ লাভৰ বিষয়ে আজিও নাজানে বহুতে!

8 hours ago
২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

২৪ ঘণ্টাৰ বাবে বন্ধ থাকিব মোবাইল ইণ্টাৰনেট সেৱা! কিন্তু কিয়?

9 hours ago
আজি ভাগ্য সলনি হ’ব এটা ৰাশিৰ জাতক-জাতিকাৰ! জ্যোতিষ শাস্ত্ৰই দিছে সংকেত

মহালয়াৰ দিনটোত ভাগ্য উদয় হ’ব ৩ ৰাশিৰ, পাব ভাল খবৰ!

9 hours ago
Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

Pan Card: পান কাৰ্ড সন্দৰ্ভত নকৰিব ভুল, ভৰিব লাগে জৰিমনা!

10 hours ago
ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

ডিম্পলৰ বাবে কিয় শ্বুটিং বন্ধ কৰিছিল নানা পাটেকাৰে? তাৰ পিছত হ’ল এয়া…

11 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

স্বেচ্ছীয় ৰক্তদানৰ প্ৰয়োজনীয়তা

editor by editor
October 6, 2021
in অসম, গুৱাহাটী, জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা, স্বাস্থ্য
0
স্বেচ্ছীয় ৰক্তদানৰ প্ৰয়োজনীয়তা
0
SHARES
134
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

স্বেচ্ছীয় ৰক্তদানৰ প্ৰয়োজনীয়তা

                                                                                                           ডাঃ ধৰ্মকান্ত কুম্ভকাৰ

 

অসম লাইভ ২৪ঃ আধুনিক চিকিৎসা পদ্ধতিত, ৰক্ত আৰু তাৰ উপাদান সংৰোচনৰ বহুল প্ৰয়োজন৷ ৰক্ত সংৰোচনে জীৱনঘাটক ৰোগ (যেনে-কৰ্কট ৰোগ, খেলেচেমীয়া, হিমোফিলিয়া আদি) থকা ৰোগীক উৎকৃষ্ট জীৱন-যাপন কৰা আৰু দীৰ্ঘায়ু হোৱাত সহায় কৰে৷ জটিল অস্ত্ৰোপচাৰ, দুৰ্ঘটনাত ৰক্তক্ষৰণ হোৱা, প্ৰসৱজনিত কাৰণত ৰক্তক্ষৰণ হোৱা আদিত ইয়াৰ বহুল প্ৰয়োজন৷ ৰক্ত আৰু তাৰ উপাদান সংৰোচনে প্ৰতিবছৰে সমগ্ৰ বিশ্বতে বহু নিযুত ব্যক্তিৰ জীৱন ৰক্ষা কৰি আহিছে৷

সুৰক্ষিত আৰু প্ৰয়োজনীয় ৰক্তৰ অভাৱত আজিও ভাৰতবৰ্ষত বহুতো দুৰ্ঘটনাত ৰক্তক্ষৰণ হোৱা ব্যক্তি আৰু প্ৰসৱজনিত কাৰণত ৰক্তক্ষৰণ হোৱা মাতৃৰ মৃত্যু হয়৷ মানৱ ৰক্ত অমূল্য৷ কোনো কাৰখানাতে ইয়াক তৈয়াৰ কৰিব নোৱাৰি৷ কেৱল মাত্ৰ মানৱ শৰীৰতহে মানৱ ৰক্ত তৈয়াৰ হয়৷ কাৰোবাক ৰক্তৰ প্ৰয়োজন হ’লে মাথো অন্য এজন ব্যক্তিৰ পৰাহে পাব পাৰি৷ চিকিৎসা সেৱা গ্ৰহণ কৰা প্ৰতিজন ৰোগীয়ে প্ৰয়োজনত সুৰক্ষিত ৰক্ত পোৱাটো অধিকাৰ৷ সাধাৰণতে দেখা যায়, যেতিয়াই কোনোবা এজন ব্যক্তিক ৰক্তৰ প্ৰয়োজন হয়, তেতিয়া তেওঁৰ আত্মীয় বা বন্ধুৱে ৰক্ত দিব লগা হয়৷ কিন্তু কিছুমান এনে ৰোগ আছে, য’ত প্ৰায়ে ৰক্তৰ প্ৰয়োজন হয়৷ এনে ৰোগীবোৰে সদায় ৰক্তদাতা ক’ৰ পৰা যোগাৰ কৰিব৷ তেতিয়াই পেছাদাৰী ৰক্তদাতাৰ আৱিৰ্ভাৱ হ’ব৷ আমি আটায়ে জানো যে পেছাদাৰী ৰক্তদাতাৰ ৰক্তৰ পৰা HIVকে ধৰি আন বহুতো ৰোগ বিয়পাৰ আশংকা অধিক৷ সেয়েহে ১৯৯৮ চনত উচ্চতম ন্যায়ালয়ে ভাৰতবৰ্ষত পেছাদাৰী ৰক্তদাতা বন্ধ কৰি দিছে৷ তাৰোপৰি আমাৰ ৰাজ্যখনত প্ৰায়ে বোমা বিষ্ফোৰণ, গুলিয়াগুলি আৰু দুৰ্ঘটনা হৈ থাকে৷ যদিহে সুৰক্ষিত ৰক্তৰে আমাৰ ৰক্তভাণ্ডাৰবোৰ ভৰি নাথাকে, তেন্তে এই মানুহবোৰৰ কি অৱস্থা হ’ব? ইয়াৰ বাবে ৰক্তদানৰ- নিশ্চয়কৈ সুৰক্ষিত ৰক্তদানৰ বিকল্প নাই৷

সুৰক্ষিত ৰক্তৰ যথোপযুক্ত যোগান মাত্ৰ নিয়মিত স্বেচ্ছীয় ৰক্তদানৰ দ্বাৰাহে সম্ভৱ৷ বিশ্ব স্বাস্থ্য সংস্থাই ২০২০ চনৰ ভিতৰত বিশ্বৰ সকলো ৰাষ্ট্ৰকে এশ শতাংশ স্বেচ্ছীয় ৰক্তদান নিশ্চিত কৰিবলৈ অনুৰোধ কৰিছিল৷ আজিৰ তাৰিখত বিশ্বৰ মাত্ৰ ৬২খন দেশেহে এশ শতাংশ স্বেচ্ছীয় ৰক্তদানৰ ব্যৱস্থা কৰিব পাৰিছে৷ এশ শতাংশ স্বেচ্ছীয় ৰক্তদানৰ পৰা আজিও আমি বহু নিলগত৷ কিন্তু ই যাদু সংখ্যা নহয়৷ আমাৰ ৰাজ্যখনৰ ৰক্তদান কৰিব পৰা উপযুক্ত জনসংখ্যাৰ এক শতাংশইয়ো যদি বছৰত এবাৰকৈ স্বেচ্ছীয় ৰক্তদান কৰে, আমি আমাৰ প্ৰয়োজনীয় সুৰক্ষিত ৰক্ত পাব পাৰো৷ ইয়াৰ উপৰিও আজিকালি এজন ৰক্তদাতাই দান কৰা এক ইউনিট ৰক্তৰ পৰা লোহিত ৰক্ত কণিকা, শ্বেত ৰক্ত কণিকা, প্লেটেলেট, প্লাজমা, এফ এফ পি আদি ৰক্তৰ উপাদানসমূহ বিজ্ঞানসন্মতভাৱে পৃথক কৰিব পাৰি আৰু প্ৰয়োজন অনুযায়ী বিভিন্ন ৰোগীক দিব পাৰি৷

এজন সুস্বাস্থ্যৰ ব্যক্তি যাৰ বয়স ১৬ ৰ পৰা ৬০ বছৰ, ওজন ৪৫ কিঃগ্ৰাঃতকৈ অধিক, ৰক্তচাপ (ডায়’ষ্টলিক ৭০-১০০ মিঃমিঃ পাৰাস্তম্ভ আৰু চিষ্টোলিক ১০০-১৬০ মিঃমিঃ পাৰাস্তম্ভৰ ভিতৰত), উষ্ণতা ৩৭.৫ ছেলছিয়াতকৈ কম, তেজত হিমোগ্ল’বিনৰ পৰিমাণ প্ৰতি ডেচিলিটাৰত ১২ গ্ৰামতকৈ অধিক আৰু কোনোধৰণৰ সোঁচৰা ৰোগ নাথাকে; তেনে এজনে বছৰত তিনিবাৰকৈ শৰীৰৰ কোনো ক্ষতি নোহোৱাকৈ স্বেচ্ছীয় ৰক্তদান কৰিব পাৰে৷ আমি জানো যে, পুৰুষৰ দেহত প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজনৰ বিপৰীতে ৭৬ মিলিলিটাৰ আৰু মহিলাৰ ৬৬ মিলিলিটাৰ ৰক্ত থাকে৷ ইয়াৰ মাত্ৰ ৫০ মিলিলিটাৰ ৰক্তহে প্ৰতি কিলোগ্ৰাম শৰীৰৰ ওজনৰ বিপৰীতে প্ৰয়োজনীয়৷ অৰ্থাৎ প্ৰতিকিলোগ্ৰাম শৰীৰৰ ওজনৰ বিপৰীতে পুৰুষৰ দেহত ২৬ মিলিলিটাৰ আৰু মহিলাৰ দেহত ১৬ মিলিলিটাৰ ৰক্ত অধিক থাকে৷ এবাৰ ৰক্তদানত মাত্ৰ ৩৫০ মিলিলিটাৰ ৰক্তহে সংগ্ৰহ কৰা হয়৷ ই শৰীৰৰ কোনো ক্ষতি সাধন নকৰে৷ তাৰোপৰি ৰক্তদানৰ ফলত হেৰুওৱা পনীয়া ভাগ ৰক্তদানৰ ৪৮ ঘণ্টা আৰু কোষীয় ভাগ ২১ দিনৰ ভিতৰত সম্পূৰ্ণভাৱে ঘূৰি আহে৷ স্বেচ্ছীয় ৰক্তদানে ৰক্তদাতাৰ কোনো ক্ষতি নকৰে, মাথো অনেক জীৱন দান কৰে৷

যদি কোনো ব্যক্তিয়ে সচাকৈয়ে নিজকে, মানুহক আৰু মানৱতাক ভাল পায়, তেন্তে তেখেতে স্বেচ্ছীয় ৰক্তদান কৰা উচিত৷ স্বেচ্ছীয় ৰক্তদাতাই কোনো লাভৰ আশা নকৰি ৰক্তদান কৰে৷ ই মানৱ প্ৰেমৰ চৰম নিদৰ্শন আৰু এনেদৰে ৰক্তদান কৰি ব্যক্তিগতভাৱে সুখ, আনন্দ উপভোগ কৰাৰ উপৰিও সমাজত চৰম সন্মান লাভ কৰিব পাৰে৷ মাকৰ চকুপানীয়ে শিশুক বচাব নোৱাৰে, কিন্তু আপুনি দান কৰা ৰক্তই পাৰে৷ জীৱনৰ উপহাৰ, স্বেচ্ছীয় ৰক্তদান৷ সকলোলৈকে অনুৰোধ, উপযুক্ত ব্যক্তি আগুৱাই আহি স্বেচ্ছীয় ৰক্তদান কৰিব৷ আমাৰ ৰাজ্যখনত এশ শতাংশ স্বেচ্ছীয় ৰক্তদানৰ ব্যৱস্থা কৰি ৰক্তভাণ্ডাৰ সমূহ ভৰাই ৰাখিব, যাতে কোনো ব্যক্তিয়েই ৰক্তৰ অভাৱত মৃত্যুবৰণ কৰিব লগা নহয়, তাৰোপৰি প্ৰয়োজনত সুৰক্ষিত ৰক্ত পায় আৰু পৰিয়াল তথা পেছাদাৰী ৰক্তদান বন্ধ হয়৷

 

 

লেখকৰ মোবাইল নং: ৮৬৩৮২৯৩৫১৯

ই মেইল: drdharmakanta1@gmail.com

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24voluntary blood donation
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস
জীৱনশৈলী

৮ ঘণ্টা টোপনিৰ পিছত ভাগৰুৱা অনুভৱ? আজিয়েই সলনি কৰক এই অভ্যাস

October 10, 2026
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!
জীৱনশৈলী

আজি ৪ ৰাশিৰ সলনি হ’ব ভাগ্য, বৃদ্ধি পাব উপাৰ্জন!

October 10, 2026
Navratri 2026: শাৰদীয় নৱৰাত্ৰিত ভুলতো নকৰিব এইবোৰ কাম, বিপদৰ পূৰ্বে সাৱধান!
জীৱনশৈলী

মহালয়াত কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ জিলিকিব ভাগ্য

October 10, 2026
আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন
জীৱনশৈলী

আজি মহালয়া, ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ ধৰালৈ আগমন

October 10, 2026
Next Post
ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা, বেঞ্জামিন লিষ্ট আৰু ডেভিড ডব্লিউ চি মেকমিলনলৈ ২০২১ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা

ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা, বেঞ্জামিন লিষ্ট আৰু ডেভিড ডব্লিউ চি মেকমিলনলৈ ২০২১ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা

আজি পৱিত্ৰ মহালয়া

আজি পৱিত্ৰ মহালয়া

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.