মংগলবাৰে বিগত বৰ্ষত কেৰেলাৰ কোল্লাম জিলাৰ নিজ গৃহত চিকিৎসা বিজ্ঞানৰ এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰাৰ গোচৰৰ ৰায় প্ৰদান কৰা হৈছে৷
কোল্লাম আদালতে যৌতুক বিচাৰি পত্নী বিস্ময়াক আত্মহত্যাৰ বাবে পৰোচিত কৰা আৰু যৌতুক গ্ৰহণ কৰাৰ অপৰাধত স্বামী কিৰণ কুমাৰক ৬ বছৰৰ কাৰাদণ্ড বিহিছে৷ যৌতুকৰ বিচাৰি হাৰাশাস্তিৰ বাবে ২ বছৰ আৰু যৌতুক দাবীৰ বাবে ১ বছৰসহ মুঠ ১০ বছৰৰ কাৰাদণ্ড দিয়ে৷ আদালতে কয় যে কিৰণ কুমাৰ বিহা শাস্তিসমূহ সমান্তৰালভাৱে ভোগ কৰিব লাগিব৷
আদালতে কুমাৰক ১২.৫৫ লাখ জৰিমনাও আৰোপ কৰিছে, ইয়াৰে ২ লাখ বিস্ময়াৰ পিতৃ-মাতৃক ক্ষতিপূৰণ হিচাপে প্ৰদান কৰিব লাগিব।
লগতে পঢ়ক সফলতা লাভ কৰিও কিয় মুকলিকৈ আক্ষেপ কৰিলে ছানী লিয়নে?
সোমবাৰে আদালতে কুমাৰক যৌতুক গ্ৰহণ, যৌতুকৰ বাবে অত্যাচাৰ, আত্মহত্যাৰ বাবে পৰোচিত কৰা, যৌতুক সম্পৰ্কীয় হাৰাশাস্তি আদি গোচৰত দোষী সাব্যস্ত কৰিছিল।
উল্লেখ্য যে ২০২১ চনৰ ২১ জুনত কোল্লাম জিলাৰ সাস্তমকোটাত থকা নিজ গৃহত মৃত অৱস্থাত ২২ বছৰীয়া বিস্ময়াক উদ্ধাৰ হৈছিল।
ঘটনাৰ এদিন পূৰ্বে কুমাৰে যৌতুকক লৈ হাৰাশাস্তি কৰা বুলি অভিযোগ উত্থাপন কৰি আত্মীয়লৈ হোৱাটছএপ মেছেজ কৰাৰ লগতে তেওঁৰ শৰীৰত ঘাঁ আৰু প্ৰহাৰৰ চিন থকা ফটোও প্ৰেৰণ কৰিছিল বিস্ময়াই।
লগতে পঢ়ক ১ শতাংশ কমিছন বিচাৰি গ্ৰেপ্তাৰ হ’ল পঞ্জাৱৰ স্বাস্থ্যমন্ত্ৰী! শেনৰ এজাত ভগৱন্ত মান
কেৰেলা আৰক্ষীয়ে ৫০০ পৃষ্ঠাৰো অধিক চাৰ্জ শ্বীটত উল্লেখ কৰিছিল যে যৌতুক বিচাৰি হাৰাশাস্তি কৰাৰ বাবেই বিস্মায়াই আত্মহত্যা কৰিছিল।
কুমাৰৰ বিৰুদ্ধে যৌতুক দাবী কৰা, পত্নীক শাৰীৰিকভাৱে নিৰ্যাতন চলোৱা, আঘাত কৰা আৰু আত্মহত্যাৰ ভাবুকি দিয়া আদি কে’বাটাও অভিযোগ উত্থাপন হৈছিল।
স্মৰ্তব্য২০২০ চনত বিয়াৰ সময়ত কুমাৰক যৌতুক হিচাপে ভূমি, সোণ আদিকে কৰি ১০ লাখ টকাও দিয়া দিয়া হৈছিল বুলি বিস্ময়াৰ পিতৃয়ে অভিযোগ কৰিছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ