দেশৰ এক বিশেষ ঠাই, যি ঠাইত যাব নোৱাৰে বাহিৰা মানুহ, গ’লেই হ’ব বিপদ
ভাৰতবৰ্ষৰ এখন বিশেষ ঠাই। যি ঠাইৰ বিষয়ে বিশ্বৰ সকলো ফালেই বিশেষভাৱে চৰ্চিত। যি ঠাইত যাবলৈ ইচ্ছা কৰে বহু লোকেই, পাছে সেই ঠাইত বাহিৰা লোকৰ প্ৰৱেশত বাধা তথা নিষেধাজ্ঞা।
দেশৰ সেই বিশেষ ঠাইখনত দেশৰ অন্য প্ৰান্তৰ লোকৰো প্ৰৱেশত বাধা। ভাৰতৰ সেই বিশেষ ঠাইৰ লোকে কাপোৰ পৰিধান নকৰে। লজ্জা নিবাৰণৰ বাবে কোনো ধৰণৰ অন্য সামগ্ৰীয়ো ব্যৱহাৰ নকৰে। লজ্জা বুলি একো অনুভৱেই নকৰে সেই ঠাইৰ লোকে।
যাৰ বাবেই সেই ঠাইত সেই গাঁৱৰে গাঁৱলীয়া লোক সকলৰ আহ যাহৰ বাহৰে অন্য লোক তথা বাহিৰা লোকে অহা যোৱা কৰিব নোৱাৰে। গাঁওবাসী লোকে সহ্যই নকৰে অন্য লোকক।
এই বিশেষ ঠাইখন আছে বংগোপ সাগৰত। সাগৰৰ মাজত অৱস্থিত এই ঠাই এটা দ্বীপ। আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ এটা দ্বীপ। ইয়াৰ নাম উত্তৰী চেণ্টিনেল আইলেণ্ড।
দ্বীপটো আন্দামানৰ ৰাজধানী পোৰ্ট ব্লেয়াৰৰ পৰা ৬৪ কিলোমিটাৰ আঁতৰত অৱস্থিত। এই দ্বীপত এক প্ৰাচীন আদিবাসী লোকে বাস কৰে। যি লোকক চেণ্টিনেল বুলি কোৱা হয়। আৰু সেই লকোৰ নাম অনুসৰিয়ে দ্বীপটোৰো নাম চেন্টিনেল।
বিশ্বাস কৰা অনুসৰি এই লোকসকলে বিগত ৬০ হাজাৰ বছৰ পূৰ্বৰে পৰা এই ঠাইত বাস কৰি আছে। কোনো বস্ত্ৰ পৰিধান নকৰাৰ লগতে আধুনিক যুগৰ পৰা সম্পূৰ্ণ পৃথকে আছে এই সকল চেন্টিনেল লোক।
বাহিৰা লোকক এওঁলোকে কোনোপধ্যে সহ্য নকৰে। আক্ৰমনাত্মক হৈ পৰে বাহিৰা লোকৰ বাবে। বাহিৰা লোকক তেঁওলোকৰ ঠাইত প্ৰৱেশ কৰা দেখিলেই আক্ৰমণ কৰে।
জনজাতিটোৰ সংৰক্ষৰ বাবেও আজি পৰ্যন্ত গৈ ঘুৰি অহা নাই কোনো। যাৰ বাবে সেই ঠাইলৈ যাবলৈ সাহস গোটাব পৰা নাই কোনো লোকে।
বৰ্তমানেও আদিম যুগৰ দৰেই বাস কৰি আছে সেই লোক সকলে। খাদ্য যোগান আৰু নিজৰ সুৰক্ষাৰ বাবে শিলেৰে নিৰ্মিত অস্ত্ৰ ব্যৱহাৰ কৰে এই জাতিৰ লোকে।
অনুমান কৰা অনুসৰি বৰ্তমানে এই চেন্টিনেল জাতিৰ লোক বিলুপ্তিৰ পথত। বৰ্তমানে মাথো ৫০ ৰ পৰা ১০০ জন মান লোকহে ৰৈছেগৈ শেষত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















