অপেক্ষা শেষ হ’ব৷ মাজত মাত্ৰ কেইটামান ক্ষণ৷ কিছুসময়ৰ পাছতেই আৰম্ভ হব আই পিএলৰ মহাৰণ৷ মেগাটুৰ্নামেণ্টৰ পূৰ্বে প্ৰতি বছৰেই সকলো দলৰ অধিনায়কসকল একত্ৰিত হয়৷ এইবাৰো তেনেকুৱাই গৈছে৷ বৃহস্পতিবাৰে ২০ মাৰ্চত বিচিচিআইৰ প্ৰধান কাৰ্যালয়ত এইবাৰ অধিনায়কৰ ওপৰতিও দহ ফ্ৰেঞ্চাইজিৰ মেনেজাৰসকলক মতা হৈছিল৷ তাতেই এক বৈঠকৰ পাছত আই পিএলক লৈ কেইবাটাও ডাঙৰ সিদ্ধান্ত লোৱা হৈছে৷ এই সিদ্ধান্তসমূহেই টুৰ্নামেণ্টৰ পূৰ্বে আই পি এল কৰ্তৃপক্ষৰ তৰফৰ পৰা জনাই দিয়া হৈছে৷
আসন্ন আই পি এলত মূলত চাৰিটা নতুন নিয়ম আৰম্ভ হৈছে বা পুৰণি নিয়মৰ পৰিবৰ্তন ঘটোৱা হৈছে৷ কি কি নতুন নিয়ম আৰম্ভ কৰিছে সেইসমূহৰ ভিতৰত প্রধান হৈছে ক্ৰিকেট বলত কোনো ধৰণে থু থু বা ঘাম লগোৱাৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লোৱা হৈছে৷ আইপিএলত সেই নিয়ম প্ৰযোজ্য নহব৷ মেচত এক ইনিংছত একাধিক বলৰ ব্যৱহাৰ, নতুন কোড অফ কনডাক্ট আৰু ডিআৰএছ উচ্চতাৰ বাবে নো বলৰ সংযোজন৷
আই পি এলৰ নতুন নিয়মাবলী
১. কৰ’নাকালত বলত থু থু ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল৷ এতিয়া ক’ৰনাৰ প্ৰকোপ নাই সেয়ে এই নিষেধাজ্ঞা উঠাই লোৱা হৈছে৷ ইয়াৰ ফলত পূৰ্বৰ দৰে ১০ দলৰ বলাৰে বল ঠিক ৰাখিবলৈ পুৰণি পন্থা ব্যৱহাৰ কৰিব পাৰে৷
২. মেচ চলাৰ সময়ত চুচৰি পৰিলে বহু সময়ত বল নিয়ন্ত্ৰণ কৰিবলৈ সমস্যা হয়৷ সেয়ে দ্বিতীয় ইনিংছৰ সময়ত ১০ অভাৰৰ পাছত বোলিং দলে বল সলনিৰ আবেদন কৰিব পাৰে৷ বোলিং দলৰ অধিনায়ক আম্পায়াৰক আবেদন কৰিলে আম্পায়াৰে একে ধৰণেই আৰু এটা বল দিব৷ সেয়া কি বল হব সেই কথা নিৰ্বাচন কৰাৰ অধিকাৰ কেৱল আম্পায়াৰৰেই৷ ১০ অভাৰৰ আগত আম্পায়াৰে ইচ্ছা কৰিলে পূৰ্বৰ দৰেই বল সলনি কৰিব পাৰে৷
৩. আই পিএলৰ নতুন কোড অফ কনডাক্ট অনুসৰি ডিমোৰিট আৰু ছাচপেঞ্চন পয়েণ্ট চিষ্টেম আৰম্ভ কৰা হব যি ৩৬ মাহৰ বাবে বাহাল থাকিব৷
৪. এইবাৰৰ পৰা উচ্চতাৰ বাবে নো বল আৰু অফ ষ্টাম্পৰ বাহিৰৰ হোৱাইড বলো ৰিভিউ কৰা যাব৷ যিয়েই হওক আই আৰু বল ট্ৰেকিং প্ৰযুক্তিয়ে আম্পায়ৰৰ সঠিত সিদ্ধান্তক সহযোগিতা কৰিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ