আলিয়া ভাট্টৰ গৰ্ভধাৰণৰ খবৰৰ পিছত কেটৰিনা কাইফৰ গৰ্ভধাৰণক লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে৷ এতিয়া ছ’চিয়েল মিডিয়াত পোনপটীয়াকৈ প্ৰশ্ন উত্থাপন হৈছে যে কেটৰিনা কাইফ গৰ্ভৱতী নেকি?
আলিয়াৰ দৰে তাই গৰ্ভধাৰণ ঘোষণা কৰাৰ সঠিক সময়লৈ অপেক্ষা কৰি আছে নেকি? বিগত দুদিন ধৰি একেটা কথাই ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ আছে কেটৰিনা কাইফ গৰ্ভৱতী নেকি? বেছিভাগ মানুহেই ধাৰণা কৰিছে যে তেওঁৰ জন্মদিন অৰ্থাৎ ১৬ জুলাইত কেটৰিনাই তেওঁৰ গৰ্ভধাৰণ কৰাৰ কথা ঘোষণা কৰিব।
লগতে পঢ়ক ‘নাগালেণ্ডৰ মানুহে মানুহ খায়!’ কিয় এইদৰে ক’লে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীয়ে?
উল্লেখ্য যে যোৱা ডিচেম্বৰ মাহত অভিনেতা বিকি কৌশলৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত জনজীৱন আৰু তাৰ পিছত ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত কেটৰিনাৰ উপস্থিতি হ্ৰাস পাইছে। এইটোৱেই তেওঁৰ গৰ্ভধাৰণৰ জল্পনা-কল্পনাৰ আটাইতকৈ ডাঙৰ কাৰণ বুলি নেট-নাগৰিকসকলে ধাৰণা কৰিছে।
যদিও এনে জল্পনা-কল্পনা বিকি-কেটৰিনাৰ বিবাহৰ দুই-তিনি মাহৰ পিছতহে কৰা হৈছিল, কিন্তু আলিয়া ভাট্টৰ গৰ্ভাৱস্থাৰ পিছত এই আলোচনাবোৰে অধিক গতি লাভ কৰিছে। কেটৰিনাক এবাৰ বিমানবন্দৰত ঢিলা শালৱাৰ-কুৰ্টিত দেখা গৈছিল, তেতিয়াও কোৱা হৈছিল যে কেটৰিনা হয়তো গৰ্ভৱতী!
লগতে পঢ়ক হাই মানৱতা! ৭ মহীয়া শিশু কন্যাক ধৰ্ষণ, শিশুটিৰ অৱস্থা সংকটজনক
ইপিনে দীৰ্ঘদিন ধৰি ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থকা নাই কেটৰিনা। লগতে তেওঁৰ শেহতীয়া ফ’টোও সংবাদ মাধ্যমত দেখা পোৱা নাই। কেটৰিনাক ৰাজহুৱী স্থান তথা অনুষ্ঠানসমূহত দেখা নোপোৱা তথা উপস্থিত নোহোৱাৰ বাবে ফ’টোগ্ৰাফাৰে তেওঁৰ ফ’টো তুলিবলৈ সক্ষম হোৱা নাই বুলিও কোৱা হৈছে।
সাধাৰণতে বিমানবন্দৰত বা ক’ৰবাত কোনো পাৰ্টি বা অনুষ্ঠানত চেলিব্ৰিটিক দেখা যায়। কেটৰিণা সদায় লাইমলাইটত থকা লোকসকলৰ ভিতৰত অন্যতম। কিন্তু কিছুদিনৰ পৰা ছ’চিয়েল মিডিয়াৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত অনুপস্থিতিৰ বাবে অনুৰাগীসকলে তেওঁ গৰ্ভৱতী বুলি ভাবিবলৈ বাধ্য হৈছে।
লগতে পঢ়ক ৭০ বছৰত পিতৃ হ’ব ৰাষ্ট্ৰপতি পুটিন! প্ৰেমিকা আলিনা কাবায়েভাৰ গৰ্ভৱতী!
যোৱা বছৰ ২০২১ চনৰ ৯ ডিচেম্বৰত ৰাজস্থানত কেটৰিনা আৰু বিকি কৌশলে বিবাহপাশত আবদ্ধ হৈছিল। ২০১৯ চনৰ পৰা দুয়োজনে ইজনে সিজনৰ লগত ডেটিং কৰিছিল।
কেটৰিনা কিয় হঠাতে লাইমলাইটৰ পৰা আঁতৰি গ’ল সেই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত প্ৰশ্নৰ উদ্ৰেক হৈছে আৰু ইয়াৰ সমান্তৰালভাৱে একাংশ অনুৰাগীৰ মতে অভিনেত্ৰীগৰাকী গৰ্ভৱতী হোৱা বুলি ধাৰণা কৰিছে। অৱশ্যে এই বিষয়ে সঠিক তথ্য জানিবলৈ ১৬ জুলাইলৈকে অপেক্ষা কৰিব লাগিব বুলিও অনুৰাগীসকলে আলোচনা কৰা দেখা গৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ