মাজ আকাশত আকৌ বিপত্তি৷ ডাঙৰ এক দুৰ্ঘটনা হোৱাৰ পৰা কথমপি ৰক্ষা পৰিল যাত্ৰী৷ জাপান এয়াৰলাইন্সৰ এক বিমান সাংহাইৰ পৰা চীন হৈ টকিঅ’ যোৱাৰ কথা আছিল৷ হঠাৎ যাত্ৰীসকলক অক্সিজেন মাস্ক পিন্ধিবলৈ নিৰ্দেশ দিয়ে বিমানৰ ক্ৰুসকলে৷ বিমানখন তেতিয়া মাটিৰ পৰা ২৬ হাজাৰ ফুট ওপৰত আছিল৷
এই ঘোষণাৰ পাছতেই বিমানখনত থকা ১৯১ জন বিমানযাত্ৰীয়ে ভয়তে শিঁহৰিত হৈ উঠে৷ তেওঁলোকৰ সকলোৱেই মুখত অক্সিজেন মাস্ক পিন্ধি লয়৷ যিসকল শুই আছিল তেওঁলোকো হঠাৎ সাৰ পায় শিঁহৰিত হৈ উঠে৷ সকলোৱে ভগৱানৰ নাম ল’বলৈ আৰম্ভ কৰে৷ নিজৰ প্ৰিয়জনৰ কথাও মনত পেলাবলৈ ধৰে৷
https://x.com/shanghaidaily/status/1939865369826746697
ইয়াৰপাছতেই বিমানখন লাহে লাহে নমাই অনা হয় ১০ হাজাৰ ফুট তললৈ৷ বিমানৰ যাত্ৰীয়ে তেতিয়া আৰু বেছি আতংকিত হৈ উঠে৷ ডাঙৰ দুৰ্ঘটনা হোৱাৰ পূৰ্বে বিমানখন ওছাকা বিমান বন্দৰত লেণ্ডিং কৰোৱা হয়৷ বিমানখন তললৈ নমাৰ পিছতহে স্বস্তিৰ নিঃশ্বাস পেলাইছে যাত্ৰীসকলে৷ ভাইৰেল ভিডিঅ’ত বিমানৰ যি ছবি সন্মুখলৈ আহিছে তাতেই দেখা গৈছে যাত্ৰীসকলৰ সেই সময়ৰ পৰিস্থিতি৷ ঠিক একেই পৰিস্থিত হয়তো হৈছিল ভাৰতীয় এয়াৰ ইণ্ডিয়াৰ দুৰ্ঘটনাগ্ৰস্থ বিমানখনত থকা যাত্ৰীৰ সৈতেও৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















