ইছলাম ধৰ্মাৱলম্বী আছিল৷ বিয়াও কৰাইছিল ইছলাম ধৰ্মাৱলম্বী ব্যক্তিয়েই৷ ইছলাম ৰীতি নীতি মতেই দুয়োৰে বিবাহ হৈছিল৷ বিবাহৰ পাছত এগৰাকী কন্যা সন্তানৰ পিতৃ-মাতৃও হৈছে এই দম্পতি৷ শেহতীয়াকৈ সেই দম্পতিয়েই হিন্দু ধৰ্ম গ্ৰহণ কৰিছে৷ ঘটনা উত্তৰপ্ৰদেশৰ কৌশাম্বিৰ৷ সনাতন ধৰ্ম গ্ৰহণ কৰি সেই ব্যক্তিয়ে কয়, তেওঁ হিন্দু ধৰ্মৰ দ্বাৰা প্ৰভাৱিত হৈছে বহুদিন পূৰ্বেই৷ সেয়ে তেওঁ শেহতীয়াকৈ নিজকে ধৰ্মান্তৰিতই কৰি পেলালে৷
চৰাই আকিল থানা এলেকাৰ পুৰখাছ গাওঁৰ বাসিন্দা মেহেন্দি আলি৷ তেওঁৰ পত্নীৰ নাম ছায়মা৷ কন্যাৰ নাম উৰ্বা৷ ধৰ্মান্তৰিত হোৱাৰ পাছত তেওঁৰ নাম অনুজ প্ৰতাপ সিং, পত্নীৰ নাম সৌমা অনুজ সিং আৰু কন্যাৰ নাম উৰ্বীজা অনুজ সিং কৰা হৈছে৷ অনুজে কয়, পৰিবাৰ আৰু সকলোৰে সন্মতিতেই তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিছে৷
খবৰ অনুসৰি জন্মসূত্ৰে মেহেন্দি আলি হিন্দু আছিল৷ তেওঁ ৰাজবুত পৰিয়ালৰ সন্তান আছিল৷ কিন্তু হঠাৎ ইছলাম ধৰ্ম গ্ৰহণ কৰি তেওঁ ইছলাম হয়৷ বিবাহো ইছলাম ৰীতি নীতি মানিয়েই কৰে৷ কিন্তু মুছলমান ধৰ্মই তেওঁক আকৃষ্ট কৰিব নোৱাৰিলে৷ সেয়ে তেওঁ আকৌ হিন্দু ধৰ্ম গ্ৰহণ কৰিছে৷ তাৰবাবে মেহেন্দি আলিয়ে মাঞ্জানপুৰ দুৰ্গা মন্দিৰলৈ গৈ হিন্দু ৰীতিনীতি অনুসৰি পূজাও কৰে৷ তাৰপিছতেই বৈদিক মন্ত্ৰ মাতি হিন্দু ধৰ্ম গ্ৰহণ কৰে৷
অনুজে কয়, ‘মই নিজৰ ভুল বুজিব পাৰি হিন্দু ধৰ্মলৈ উভতি আহিছো৷ বসুধৈব কুটুম্বকমৰ ধাৰণাই আমাক প্ৰভাৱিত কৰি আহিছে৷ একমাত্ৰ সনাতন ধৰ্মই ক’ব পাৰে যে সমগ্ৰ পৃথিৱী একেই পৰিয়াল৷ মই নিজেও সেই কথাত বিশ্বাসী৷ বহু ধৰ্মগ্ৰন্থ পঢ়িছো আৰু বুজিব পাৰিছো সনাতন ধৰ্ম সৰ্বোত্তম৷ হিন্দু ধৰ্মত কন্যাসকলক যেনেকৈ সন্মান কৰা হয় অইন কোনো ধৰ্মতেই মহিলাক সেই সন্মান দিয়া নহয়৷ মাতৃ, ভগ্নী আৰু কন্যাৰ সন্মান সকলোতকৈ বেছি হিন্দু ধৰ্মতেই৷
অনুজৰ পত্নী সৌম্যাই কয়, ‘স্বামী আৰু পৰিয়ালৰ অন্য সদস্যসকলৰ সৈতে আলোচনা কৰিয়েই আমি হিন্দু ধৰ্মলৈ উভতি আহিছো৷ সনাতন ধৰ্ম আমাৰ পছন্দৰ৷ সেয়ে ইছলাম ত্যাগ কৰিছো৷ সপোন যেন সঁচা হৈছে আমাৰ৷ বাকী থকা জীৱন আমি হিন্দু ধৰ্মৰ সাধনা কৰিয়েই কটাব খোজো৷ ভাৰতত প্ৰচলিত সমস্ত ধৰ্মগ্ৰন্থ অধ্যয়ণ কৰিছো আৰু বুজিব পাৰিছো সনাতনেই বাস্তৱতা৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















