অসম লাইভ২৪ঃ বিমানত বা গাড়ীত নহয়। খোজেৰেই পবিত্ৰ হজ যাত্ৰা শেষ কৰিলে ভাৰতীয় যুৱকে। এইদৰে খোজকাঢ়ি মক্কাত উপস্থিত হ’বলৈ এবছৰৰো বেছি সময় লাগিছে যুৱকজনৰ। তীৰ্থযাত্ৰাৰ বাবে প্ৰায় ৮৫০০ কিঃমিঃ পথ খোজেৰেই গৈছে যুৱকজনে। যুৱকজনৰ এই কাৰ্যক বিস্ময়কৰ কাৰ্য হিচাপেই লৈছে ধৰ্মপ্ৰাণ মুছলমান সমাজে।
কেৰালাৰ পৰা মক্কালৈ যোৱা যুৱকজনৰ নাম ছিহাৱ ছটু। সম্প্ৰতি ছিহাব সামাজিক মাধ্যমত ভাইৰেল এক চৰিত্ৰ হৈ পৰিছে। ছিহাবৰ এই কাৰ্যক প্ৰশংসাৰে উপচায় পেলাইছে বহুজনে। কেৱল ভাৰততেই ছিহাবৰ চৰ্চা চলিছে এনে নহয়। আৰৱৰ মিডিয়াটো ছিহেৱ এতিয়া ভাইৰেল নাম হৈ পৰিছে। খোজেৰেই কেৰালাৰ পৰা মক্কা যোৱা ছিহাৱে এই যাত্ৰাত ৪খন দেশ পাৰ হৈ গৈছে। পাকিস্তান, ইৰাণ, ইৰাক আৰু কোৱেইট পাৰ লৈ মক্কালৈ গৈছে তেওঁ।
কেৰালাৰ মালাপ্পুৰম জিলাৰ ভেলানচেৰিৰ বাসিন্দা ছিহাবে বিগত বৰ্ষৰ ২ জুনতেই এই যাত্ৰা আৰম্ভ কৰিছিল। পবিত্ৰ হজ যাত্ৰাৰ বাবে মক্কালৈ ৰাওনা হৈছিল ছিহাৱ। চলিত বছৰৰ জুন মাহত ছিহাব মক্কাত উপস্থিত হয়। পবিত্ৰ এই তীৰ্থযাত্ৰাৰ বাবে খোজকাঢ়ি প্ৰায় ৮ হাজাৰ ৬৪০ কিঃমিঃ পথ তেওঁ অতিক্ৰম কৰিছে। মক্কাত উপস্থিত হ’বলৈ ছিহাৱক সময় লাগিছে প্ৰায় ৩৭০ দিন। অৰ্থাৎ ৮৮৮০ ঘণ্টাই খোজ কাঢ়িছে ছিহাবে।
উল্লেখ্য যে এই যাত্ৰাকালত ছিহাৱে পোনতে কেৰালাৰ পৰা উত্তৰ ভাৰত হৈ পাকিস্তানত উপস্থিত হয়। পাকিস্তানৰ পৰা ইৰাণলৈ যায় তেওঁ। তাৰপাছতেই ৰাজধানী তেহৰাণ হৈ ইৰাকত ভৰি দিয়ে। ইৰাকৰ পৰা কুৱেইটত উপস্থিত হয় কেৰালাৰ যুৱকজন। চলিত বছৰৰ মে’ৰ দ্বিতীয় সপ্তাহত কুৱেইটৰ পৰা ছৌদি আৰৱৰ সীমান্তত উপস্থিত হয় ছিহাৱ। ছৌদি আৰৱত সোমোৱাৰ পাছতেই প্ৰথমে মদিনালৈ যায় ছিহাৱ। মদিনাত ২১ দিন আছিল ছিহাব। ইয়াৰপাছতেই মদিনাৰ পৰা মক্কালৈ ৰাওনা হয় তেওঁ।
উল্লেখ্য যে মদিনাৰ পৰা মক্কাৰ দূৰত্ব প্ৰায় ৪৪০ কিঃমিঃ। মাত্ৰ ৯ দিনতেই এই দূৰত্ব অতিক্ৰম কৰিছে ছিহাৱে। চলিত বছৰতেই মক্কালৈ হজৰ বাবে গৈছে ছিহাৱৰ মাতৃও। তেওঁ কিন্তু পুত্ৰৰ সৈতে খোজেৰে যোৱা নাই। অৱশ্যে মাতৃ তাত উপস্থিত হোৱাত ছিহাৱে মদিনাৰ পৰা গৈ মক্কাত মাতৃক লগ ধৰে।
ছিহাৱৰ নিজাকৈ এটা ইউটিউব চেনেলো আছে। তাতেই তেওঁ প্ৰতিদিনে কেনেকৈ এই দীঘলীয়া যাত্ৰা কৰিছে তাৰো বৰ্ণনা দি গৈছে। প্ৰতিদিনেই যাত্ৰা শেষ কৰি নিজা চেনেলত এটাকৈ ভিডিঅ’ আপলোড কৰে। ছিহাৱে তেওঁৰ ইউটিউব ভিডিঅ’ত দিয়া তথ্যমতে, তেওঁৰ হাতত কোনো বৈধ ভিছা নাছিল। সেয়ে ট্ৰানজিট ভিছা লৈ তেওঁ পাকিস্তানত প্ৰৱেশ কৰিছিল। এই ট্ৰানজিট ভিছাৰ বাবেই তেওঁ প্ৰায় এমাহ সময় ৰ’ব লগাও হৈছিল। ট্ৰানজিট ভিছা লাভ কৰাৰ পাছত চলিত বছৰৰ ফেব্ৰুৱাৰীত পাকিস্তানত প্ৰৱেশ কৰে ছিহাৱে। তাৰপাছতেই মক্কাত উপস্থিত হ’বলৈ প্ৰায় ৪ মাহ সময় লাগিছে ছিহাৱৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ