এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত এজন প্ৰাক্তন মাদ্ৰাছা শিক্ষক আৰু এজন অ’টো ৰিক্সা চালকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷
ঘটনাটো ২০১৯ চনত সংঘটিত হৈছিল বুলি কোৱা হৈছে৷ ঘটনাৰ বিৱৰণীৰ মতে ২০১৯ চনত কেৰালাৰ কোচিত এগৰাকী নাবালিকাক তেতিয়াৰ মাদ্ৰাছা শিক্ষক আব্দুল চালাম (৫২) আৰু অ’টোৰিক্সা চালক ৰঞ্জিত(২৮)ৰ বিৰুদ্ধে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল৷
কিশোৰীগৰাকীয়ে ঘটনাৰ সন্দৰ্ভত শিক্ষানুষ্ঠানৰ অনুষ্ঠিত কাউন্সেলিং অধিবেশনত ঘটনাৰ সবিশেষ অৱগত কৰিছিল৷
লগতে পঢ়ক গণিত আৰু বিজ্ঞান বিষয়ৰ মাধ্যম বিতৰ্ক; কি ক’লে মেধাৱী ছাত্ৰ ধৃতিৰাজ বাস্তৱ কলিতাই?
ইয়াৰ পিছতে কিশোৰীগৰাকীৰ পৰিয়ালে ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে যদিও দুয়ো অভিযুক্ত পলায়ন কৰে৷
কেৰালা আৰক্ষীয়ে এক বিশেষ দল গঠন কৰি পলাতক দুই পলাতক অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল৷
যোৱা দেওবাৰে আৰক্ষীয়ে দুয়ো অভিযুক্তৰ সন্ধান লাভ কৰি দুয়োকে গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ