এটা সময় আছিল যেতিয়া হোৱাটছএপ বা সামাজিকমাধ্যম কেৱল বিনোদনৰ বাবেই আছিল, এজনে আনজনক মেছেজ কৰাই কাম আছিল ৱাটছএপৰ৷ দিন সলনি হৈছে, হোৱাটছএপ এতিয়া বিনোদন নহয়, বৰং কৰ্মক্ষেত্ৰৰো বৃহৎ এক মাধ্যম হৈ উঠিছে৷
গুৰুত্বপূৰ্ণ ফাইল আদানপ্ৰদান কৰাৰ পৰা, ছবি বা ভিডিঅ’ দিয়া লোৱা, অফিছিয়েল তথ্য আদানপ্ৰদান সকলোবোৰৰ বাবেই লাগে হোৱাটছএপ৷ সেয়ে কাৰ্যালয়ত সোমাই বহুতেই লেপটপত খুলি ৰাখে নিজৰ হোৱাটছএপ একাউণ্ট৷ কাৰ্যালয়ত লেপটপত কাম কৰাৰ সময়ত আশেপাশে থাকে বহু লোক৷ ইফালে লেপটপ স্ক্ৰীণ খুলি ৰাখিলে দেখা যায় আপোনাৰ হোৱাটছএপ চাট৷ ইয়াৰ মাজত ব্যক্তিগত চাটো থাকে৷ মানে হঠাৎ কোনোবাই এই স্ক্ৰীণ দেখিলে আপোনাৰ চাট পঢ়ি পেলাব পাৰে৷ ধৰক আপুনি আপোনাৰ কাৰ্যালয়ৰ গুৰুত্বপূৰ্ণ কোনো ফাইল চাই থাকোতেই আপোনাৰ আত্মীয়ৰ মেছেজ আহি পৰিছে৷ সেয়া সকলোৱে দেখা পোৱাটো আপুনি নিবিচাৰিলেও স্ক্ৰীণত জিলিকি আছে৷ এই চাট লুকুৱাবলৈ কি কৰিব?
বাৰে বাৰে হোৱাটছএপ ৱেব লগআউট লগইন কৰি থকাটো এক সমস্যাই৷ সেয়ে গোপনীয়তা বজাই ৰাখি হোৱাটছএপ লগ আউট নৰখাকৈ ৰাখিব পাৰে আপুনি৷ জানি থওক প্ৰাইভেছি বৰ্তাই ৰখাৰ টিপছ৷
প্ৰথমে কম্পিউটাৰ বা লেপটপৰ পৰা হোৱাটছএপ ৱেব খুলক৷ এইবাৰ কম্পিউটাৰ বা লেপটপৰ স্ক্ৰীণত আহি থকা কিউআৰ কোড স্কেন কৰি প্ৰথমে হোৱাটছএপ লেপটপত লগ ইন কৰি লওক৷
লেপটপত খোলা হোৱাটছএপ পেজৰ সোঁফালে একেবাৰে কোণত তিনিটা ডট থাকে৷ তাত ক্লিক কৰক৷ এইবাৰ ছেটিংছ অপশ্ব্যনত গৈ প্ৰাইভেছি অপশ্ব্যন বাচি লওক৷ তাৰপাছতেই স্ক্ৰিণ লক অপশ্ব্যনত ক্লিক কৰক৷
দেখিব এইবাৰ স্ক্ৰিণত এটা এটা মেছেজবক্স হে ফুটি উঠিব৷ য’ত ক্লিক কৰি নিজৰ পছন্দমতে পাছৱৰ্ড দি লওক৷ পাছৱৰ্ডটো ৬ বা তাতকৈ বেছি সংখ্যাৰ হ’লে ভাল৷ চেষ্টা কৰি যে পাছৱৰ্ড কেপিটেল আখৰৰ হয়৷
পাছৱৰ্ড কনফৰ্ম কৰাৰ বাবে এইবাৰ আকৌ নিৰ্ভুলভাৱে একেটা পাছৱৰ্ডেই লিখক৷ শেষত কম্পিউটাৰ খুলি ৰাখিলেও হোৱাটছএপ নিজে নিজেই কিছু সময়ৰ ভিতৰত লক হৈ যাব৷ পাছৱৰ্ড অবিহনে কোনোৱে চাব নোৱাৰিব আপোনাৰ হোৱাটছএপ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ