ধোনীৰ আত্মীয়ৰ সৈতে সম্পৰ্কত কৃতি সেনন…কোন এই মিষ্ট্ৰী মেন
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা সমগ্ৰ ক্ৰিকেট বিশ্বৰে অন্যতম জনপ্ৰিয় ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ এগৰাকী আত্মীয়ৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছে বলীউডৰ মোহময়ী অভিনেত্ৰী কৃতি সেননৰ।
‘মীমী’ ছবিৰে অধিক জনপ্ৰিয় হৈ পৰা কৃতিৰ ইয়াৰ পূৰ্বে অন্য কেইবাজনো লোকৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকা বুলি সন্দেহ কৰা হৈছিল। পাছে কোনোদিনে কোনো এটা সম্পৰ্কৰে ৰাজহুৱা প্ৰমাণ পোৱা নাযায়।
এইবাৰ আকৌ এগৰাকী ব্যৱসায়ীৰ সৈতে প্ৰেমৰ খবৰ ওলাইছে বলীউডৰ অভিনেত্ৰীগৰাকীৰ। ব্ৰিটেইন নিবাসী কোটিপতি ব্যৱাসীয় এগৰাকীৰ সৈতে গোপনে ফটো ভাইৰেল হৈছে কৃতিৰ।
পাছে কোন এই ব্যৱসায়ী গৰাকী। ক্ৰিকেটাৰ মহেন্দ্ৰ সি ধোনীৰ পত্নী সাক্ষীৰ ফালৰ আত্মীয় হয় এই ব্যৱসায়ী। নাম কবীৰ ৱাহিয়া। সাক্ষীৰ সৈতে বহু ফটো কবীৰৰ ইনষ্টাগ্ৰামত আছে ।
অৱশ্যে এই সম্পৰ্কৰ কথা বৰ্তমানলৈ কোনেও কথো সদৰি কৰা নাই । পাছে ব্ৰিটেইনৰ ৰাজপথতে দুয়োকে হাতত ধৰা ধৰিকে দেখা পোৱা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ