শুকুৰবাৰে সন্ধিয়া হায়দৰাবাদৰ বেগম বজাৰৰ মাছ বজাৰত অন্য জাতিৰ ছোৱালীক বিবাহ কৰোৱা এজন ২২ বছৰীয়া যুৱকক ছুৰীৰে আঘাত কৰি হত্যা কৰা হয়৷
কেইজমান লোকে যুৱকজনক মাছৰ বজাৰখনত ছুৰিৰে আক্ৰমণ কৰে আৰু আহত যুৱকজনক চিকিৎসাৰ বাবে চিকিৎসায়লৈ নিয়াৰ পথত মৃত্যু হয়৷
সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি নিহত যুৱকজনৰ নাম নীৰজ পানৱাৰ। তেওঁ মাৰোৱাৰী সম্প্ৰদায়ৰ আছিল। যোৱা বছৰৰ এপ্ৰিল মাহত নীৰজে এগৰাকী যাদৱ সম্প্ৰদায়ৰ সঞ্জনাক বিবাহ কৰাইছিল৷ আৰু তেওঁলোকৰ এটি তিনিমহীয়া সন্তানো আছে৷
লগতে পঢ়ক সিংহৰ সৈতে ল’ৰা-ধেমালি! হাতৰ আঙুলি এৰুৱাই নিলে সিংহই, চাওক ভিডিঅ’
হায়দৰাবাদৰ উপ আৰক্ষী আয়ুক্ত (পশ্চিম) জুৱেল ডেভিছে প্ৰকাশ কৰা মতে সঞ্জনাৰ পৰিয়ালে এই বিবাহৰ বিৰোধিতা কৰি আহিছিল৷
‘‘নীৰজ আৰু সঞ্জনাৰ মাজত আন্তঃবৰ্ণ বিবাহ হৈছিল যিটো হয়তো আক্ৰমণৰ আঁৰৰ কাৰণ হ’ব পাৰে। আমি সন্দেহ কৰো তাইৰ পৰিয়ালৰ সদস্যসকল ইয়াত জড়িত থাকিব পাৰে, অৱশ্যে এতিয়াও সেয়ৈ নিশ্চিত হোৱা নাই।” উপ আৰক্ষী আয়ুক্তগৰাকীয়ে কয়৷
ইফালে অভিযোগ অনুসৰি নীৰজৰ খুলশালীয়েকে আক্ৰমণৰ ষড়যন্ত্ৰ কৰিছিল। ‘‘মোৰ দাবী যে আক্ৰমণকাৰীসকলক ফাঁচী দি মৃত্যুদণ্ড দিয়া হওক।মই মাত্ৰ তেওঁলোকৰ ফাঁচি হোৱাটো বিচাৰো।” নীৰজৰ পত্নীয়ে কয়৷
লগতে পঢ়ক বিশ্বৰ আটাইতকৈ দামী গাড়ীখন কি জানেনে? আৰু ইয়াৰ দাম কিমান?
শ্বাহিনায়তগঞ্জ আৰক্ষী থানাৰ ষ্টেচন হাউছ বিষয়া ৱাই অজয় কুমাৰে জনোৱা মতে হত্যাকাণ্ডৰ সৈতে জড়িত ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। বজাৰখনৰ দোকানৰ সমীপত থকা চিচিটিভিৰ ফুটেজৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী বিষয়া কুমাৰে কয়।
৪ অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি ধাৰা ৩০২ (হত্যাৰ অপৰাধ)ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।
ইফালে, হত্যাকাণ্ডৰ পিছত শনিবাৰে বেগম বজাৰৰ দোকানসমূহ বন্ধ হৈ থাকে। পানৱাৰৰ পৰিয়াল আৰু বজাৰত থকা বন্ধু-বান্ধৱী আৰু ব্যৱসায়ীসকলে ন্যায়ৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















