জ্যোতিষশাস্ত্ৰত মঙ্গলৰ এই নক্ষত্ৰ গোচৰক এক অত্যন্ত গুৰুত্বপূৰ্ণ ঘটনা বুলি ধাৰণা কৰা হয়৷ সাহস, শক্তি আৰু আত্মবিশ্বাসৰ গ্ৰহ মঙ্গল৷ ১৬ জুনত কৃত্তিকা নক্ষত্ৰত গোচৰ কৰিব৷ ৫ জুলাই পৰ্যন্ত তাতেই থাকিব৷ কৃত্তিকা নক্ষত্ৰত মঙ্গলৰ গোচৰে দেশ আৰু বিশ্বৰ ওপৰিও মানৱ জীৱনক প্ৰভাৱিত কৰিব৷ সূৰ্য হৈছে কৃত্তিকা নক্ষত্ৰৰ অধিপতি৷ সূৰ্যৰ নক্ষত্ৰত মঙ্গলৰ গোচৰ বহু ৰাশিৰ বাবে উপকাৰী প্ৰমাণিত হ’ব পাৰে৷ জ্যোতিষশাস্ত্ৰীয় গণনা অনুসৰি মেষ ৰাশিসহ চাৰিটা ৰাশিৰ বাবে মঙ্গলৰ এই গোচৰ অত্যন্ত শুভ হ’ব৷ এই ভাগ্যবান ৰাশিসমূহে এই সময়ত সুসংবাদ আৰু অপ্ৰত্যাশিত আৰ্থিক লাভ পাব পাৰে৷
মঙ্গলৰ নক্ষত্ৰ পৰিবৰ্তনৰ বাবে ভাগ্যবান ৰাশিসমূহ কি কি?
মেষ ৰাশি
মঙ্গলৰ কৃত্তিকা নক্ষত্ৰ পৰিবৰ্তন মেষ ৰাশিৰ বাবে উপকাৰী প্ৰমাণিত হ’ব পাৰে৷ চাকৰিয়ালসকলে এই সময়ত পদোন্নতি আৰু আয় বৃদ্ধি দেখা পাব৷ আকস্মিক আৰ্থিক লাভৰ ইংগিত আছে৷ নগদ অৰ্থৰ প্ৰবাহ বৃদ্ধি পাব৷ যিয়ে আৰ্থিক স্থিতিশীলতা আনিব৷ ব্যৱসায়ত উন্নতি কৰিব পাৰে৷ কৰ্মক্ষেত্ৰতো সাফল্যৰ সম্ভাৱনা৷
সিংহ ৰাশি
এই সময় সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে পেছাগত আৰু আৰ্থিকভাৱে শুভ ফল কঢ়িয়াই আনিব পাৰে৷ এই সময়ত পাৰিবাৰিক সমস্যাৰ সমাধান হ’ব পাৰে৷ ধৰ্মী. কাৰ্যকলাপত অংশগ্ৰহণ কৰিব৷ ব্যক্তিত্বৰ উন্নতি ঘটিব আৰু আয়ৰ নতুন উৎস তৈয়াৰ হ’ব পাৰে৷ কৰ্মক্ষেত্ৰত প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ পাব পাৰে৷
বৃশ্চিক ৰাশি
বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়ত আৰ্থিক প্ৰবাহ বৃদ্ধি পাব৷ আত্মবিশ্বাস বাঢ়িব৷ প্ৰেমৰ সম্পৰ্ক উন্নত হ’ব৷ শিক্ষাৰ্থীসকলৰ বাবে এই সময়ত সফল হোৱাৰ যোগ আছে৷ যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকে সু সংবাদ পাব পাৰে৷ ৰৈ থকা অৰ্থ উভতি আহিব পাৰে৷ যিয়ে আপোনাৰ আৰ্থিক অৱস্থাক আৰু শক্তিশালী কৰিব৷
মীন ৰাশি
মীন ৰাশিত মঙ্গলৰ গোচৰে ইতিবাচক পৰিবৰ্তন আনিব পাৰে৷ এই সময়ত বিনিয়োগৰ পৰা ভাল লাভ পাব পাৰে৷ চাকৰি আৰু ব্যৱসায়ত ইতিবাচক পৰিবৰ্তন আহিব৷ স্বাস্থ্যৰ উন্নতি হ’ব৷ প্ৰিয়জনৰ পৰা সমৰ্থন পাব৷ ব্যৱসায়ত প্ৰসাৰৰ লক্ষণ আছে৷ আৰ্থিক অৱস্থা শক্তিশালী হ’ব আৰু কোনো কোনোৱে বিদেশ ভ্ৰমণৰ সুযোগ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















