অসম লাইভ২৪ঃ ইতিহাসত প্ৰথমবাৰৰ বাবে আজি বন্ধ হ’ব সদাব্যস্ত GS ROAD, বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৬বজালৈকে ONE WAY কৰা হ’ব GS ROADক।সন্ধিয়া ৬ বজাৰ পৰা সম্পূৰ্ণ বন্ধ কৰি দিয়া হ’ব GS ROAD। ABCৰ পৰা জনতা ভৱনলৈ পথচোৱা সম্পূৰ্ণৰূপে বন্ধ ৰখা হ’ব। প্ৰথমে এটা দিশেৰেই যাতায়াত কৰিব লাগিব দুয়োটা দিশৰ বাহনে। পাছত দুয়োটো দিশেৰে বন্ধ হ’ব যাতায়াত।
আজি দুদিনীয়া ভ্ৰমণসূচীয়ে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে মহানগৰ আৰক্ষীয়ে জাৰি কৰিছে এই পথ নিৰ্দেশনা। GS ROAD, B BAROOAH ROAD, GNB ROADত বন্ধ থাকিব ব্যৱসায়িক বাহনৰ চলাচল। ৰাষ্ট্ৰীয় ঘাইপথ, DG ROAD, MG ROADতো চলাচল কৰিব নোৱাৰিব ব্যৱসায়িক বাহন। GS ROAD, B BAROOAH ROAD, GNB ROADত ৭ ঘণ্টাৰ বাবে বন্ধ থাকিব ঠেলা, ৰিক্সাৰ চলাচল। বিয়লি ৩ বজাৰ পৰা নিশা ১০ বজালৈ প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।
উল্লেখ্য যে সন্ধিয়াৰ ৭বজাত গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত লেণ্ডিং কৰিব মোদীক কঢ়িয়াই অনা বিশেষ বিমান। তাৰপিছতেই প্ৰধানমন্ত্ৰীয়ে পোনে পোনে কইনাধৰালৈ যাত্ৰা কৰিব। কইনাধৰাতেই নিশাটো যাপন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। নিশা অহাৰ সময়তে কামাখ্য়া মন্দিৰতো সেৱা জনাই আহিব প্ৰধানমন্ত্ৰী মোদীয়ে।
ইতিমধ্যে কোনবাটেৰে কেনেকৈ যাত্ৰা কৰিব ৰোড মেপ তৈয়াৰ কৰি উলিয়াইছে মহানগৰ আৰক্ষীয়ে। প্ৰধানমন্ত্ৰীয়ে কইনাধৰালৈ যাত্ৰা কৰাৰ পৰত ৰাইজে পথত ৰৈ অভিবাদন জনাব পাৰিব প্ৰধানমন্ত্ৰী মোদীক। জিএছ ৰোডত ইতিমধ্য়েই কটকটীয়া নিৰাপত্তাবেষ্টনী গঢ়ি তোলা হৈছে। আনহাতে দ্বিতীয় দিনৰ কাৰ্যসূচীত অৰ্থাৎ ১৭ এপ্ৰিলত মোদীয়ে নৰবাৰীৰ বৰকুৰাত অনুষ্ঠিত হ’বলগীয়া বিশাল জনসভা সম্বোধন কৰিব। বৰপেটা লোকসভা নিৰ্বাচনৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অসম গণ পৰিষদৰ ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব মোদীয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ